--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুর্নীতিৰ প্ৰতি জেহাদ ঘোষণা কৰিলেও একাংশ বিষয়া-কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত এতিয়াও সক্রিয় হৈ আছে চোৰাং কয়লা সৰবৰাহ।

ডিজিটেল ডেস্ক: উজনিত গোপনে চলি থকা চোৰাং কয়লা সৰবৰাহৰ এক বৃহৎ বজাৰ। এই চোৰাং কয়লা সৰবৰাহত আৰু জড়িত আছে এক বৃহৎ চক্র। দৈনিক ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কয়লাৰ চোৰাং সৰবৰাহ অব্যাহত থকাৰ পাছতো আৰক্ষী প্রশাসন গভীৰ নিদ্রাত। 


ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই দুর্নীতিৰ প্ৰতি জেহাদ ঘোষণা কৰিলেও একাংশ বিষয়া-কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত এতিয়াও সক্রিয় হৈ আছে চোৰাং কয়লা সৰবৰাহ। শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ভটিয়াপাৰত দুর্ঘটনাগ্রস্ত কয়লা পৰিবাহী এখন ট্রাকে উদঙালে তাৰ স্বৰূপ। 


ভটিয়াপাৰৰ নৱনিৰ্মিত ফ'ৰলেন পথত বিগত দুটা দিনৰ পূৰ্বে এ এছ ০১ পি চি-৮৬১৫ নম্বৰৰ ১৬চকীয়া এখন ট্রাক পথৰ কাষত থকা মাটিত সোমাই পৰে। ভটিয়াপাৰৰ পৰা বলীয়াঘাটলৈকে নৱনিৰ্মিত ফ'ৰলেন পথটোৰ কাষত নিৰ্মাণ কৰা গার্ড ৱালৰ কাষত বালি মাটিৰ পৰিৱৰ্তে বোকা মাটি দিয়াৰ বাবে ট্রাকখনৰ চকা বোকাত সোমাই পৰে। 

অক্ষয়া ইনফ্রাটেক নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা ফ'ৰলেন পথটোৰ এনে অৱস্থাৰ বাবে যিকোনো সময়ত অধিক ভয়াৱহ দুর্ঘটনা সংঘটিত হোৱাৰ আশংকাই দেখা দিছে। 


আনহাতে, বোকা মাটিত সোমাই পৰা ট্রাকখন লাহে লাহে হাউলি পৰিব ধৰাত স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি বাগৰি যোৱাৰ পৰা ৰক্ষা পৰে। দুটাকৈ দিন তেনেকৈ থকাৰ পাছত আজি আন এখন ট্রাকত কয়লাখিনি সৰবৰাহ কৰিবৰ বাবে দুর্ঘটনাগ্রস্ত ট্রাকখনৰ চালকে স্থানীয় এজন যুৱকক শ্ৰমিকৰ সন্ধান কৰোঁতে কয়লাখিনি চোৰাংকৈ সৰবৰাহ বিষয়টো পোহৰলৈ আহে। পাছত স্থানীয় যুৱকজনৰ খবৰৰ ভিত্তিত জয়সাগৰ আৰক্ষী উপস্থিত হৈ ট্রাকখনৰ চালকক কয়লা সৰবৰাহ কৰা বৈধ নথি-পত্ৰ বিচৰাত চালকজনে কোনো নথি-পত্ৰ দেখুৱাব নোৱৰা বিষয়টোৱে ৰাজ্যত এতিয়াও যে চোৰাংভাৱে কয়লা সৰবৰাহ হৈ আছে তাক প্ৰমাণ কৰে। 


আনহাতে, ট্রাকখনে প্রয়োজনতকৈ অধিক বোজা কঢ়িয়াই আনাৰ অভিযোগো উঠিছে। লগতে অসম চৰকাৰৰ স্মাৰ্ট আৰক্ষীৰ লগতে পৰিবহণ বিভাগে ২৪ ঘণ্টাই ৰাজপথত টিঘিলঘিলাই থকাৰ পাছতো কিদৰে যান-বাহন আইন উলংঘা কৰি এই বাহনসমূহে ৰাজপথত যাতায়াত কৰে তাক লৈ ৰাইজে প্রশ্ন উত্থাপন কৰিছে। 


মাৰ্ঘেৰিটাৰ পৰা দুখনকৈ জিলাৰ পৰিবহণ বিভাগৰ লগতে বহুকেইখন আৰক্ষী থানা অতিক্ৰম কৰি শিৱসাগৰত দুৰ্ঘটনাত পতিত হোৱা ট্রাকখন কাৰো চকুত নপৰা বিষয়টোৱেও ৰহস্যৰ সৃষ্টি কৰিছে। চালকজনে জানিবলৈ দিয়া মতে, কয়লাখিনি গুৱাহাটীৰ নৰেশ সিং নামৰ এজন ব্যৱসায়ীয়ে সৰবৰাহ কৰিছিল। কোনো ধৰণৰ নথি-পত্ৰ নথকাকৈ কিদৰে এই বৃহৎ পৰিমাণৰ কয়লা ট্রাকখনৰ জৰিয়তে সৰবৰাহ কৰা হৈছিল সেয়া ৰহস্যৰ আৱৰ্তত। কিন্তু এই অবৈধ চোৰাং কয়লা সৰবৰাহত যে একাংশ অনা অসমীয়া ব্যৱসায়ী জড়িত আছে ট্রাকখনৰ দৰ্ঘটনাই তাকেই প্ৰমাণ কৰিলে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement