--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দুর্ঘটনা আহত হৈছে এগৰাকী অন্তঃসত্বা মহিলা আৰু দুগৰাকী যুৱক। আহত কেইজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হৈছে।

ডিজিটেল ডেস্ক: কাছাৰৰ লক্ষীপুৰত নিশা ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। কান্তিগাঁৱত দুর্ঘটনাত নিহত এগৰাকী মহিলা। 


দুর্ঘটনা আহত হৈছে এগৰাকী অন্তঃসত্বা মহিলা আৰু দুগৰাকী যুৱক। আহত কেইজনক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্রেৰণ কৰা হৈছে। 


নিহত মহিলাগৰাকীৰ নাম মঞ্জু ফুলমালি। আহত তিনিগৰাকী হৈছে অন্তঃসত্বা মহিলা অনিমা ফুলমালি আৰু দুই যুৱক ক্ৰমে জগৎ ফুলমালি আৰু বিকাশ বাউৰি।


জানিব পৰা মতে, নিশা চিকিৎসাৰ বাবে অন্তঃসত্বা মহিলা অনিমাক হাস্পতাললৈ অটোৰিক্সাৰে লৈ গৈছিল পৰিয়ালে। গৈ থাকোতে কান্তিগাঁৱত এখন ডাম্পাৰৰ খুন্দাত বাগৰি পৰে অটো ৰিক্সাখন। ইয়াৰ ফলত মৃত্যু হয় মঞ্জু নামৰ মহিলাগৰাকীৰ আৰু আহত হয় অন্তঃসত্বা মহিলা অনিমা আৰু দুই যুৱক বিকাশ আৰু জগৎ।


অভিযোগ অনুসৰি, তেওঁলোকক প্রথমে লৈ যোৱা হৈছিল ওচৰৰ ছোটমামদা মডেল হাস্পতাললৈ। কিন্তু তাত নাছিল এম্বুলেন্স আৰু উপযুক্ত চিকিৎসা ব্যৱস্থা। যাৰবাবে সৃষ্টি হয় উত্তেজনাৰ। পিছত দিয়া হয় এম্বুলেন্স পৰিসেৱা। ততাতৈয়াকৈ চিকিৎসা আৰু এম্বুলেন্স পৰিসেৱা পালে নিহত মহিলাগৰাকীৰ প্রাণ ৰক্ষা হলহেঁতেন বুলি সন্দেহ প্রত্যক্ষদর্শীসকলৰ।


লক্ষীপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত লগতে উদ্ধাৰ কৰে দুর্ঘটনাগ্রস্ত ডাম্পাৰ আৰু অটো ৰিক্সাখন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু