--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰেন্দ্ৰ কলিতায়ো সমগ্র বিষয়টোক লৈ ক্ষোভ প্রকাশ কৰিছে।

ডিজিটেল ডেস্ক : গুৱাহাটী বিশ্ববিদ্যালয়ে শিক্ষাৰ্থীৰ জীৱনক লৈ চৰম হেতালি খেলিছে। স্নাতক তৃতীয় ষাণ্মাসিকৰ তিনিখন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহৰ পৰীক্ষাসমূহ বিশ্ববিদ্যালয় কর্তৃপক্ষই। যাক লৈ এতিয়া চৌদিশে ডেৰ মাহৰ পাছত অনুষ্ঠিত কৰাৰ আজব সিদ্ধান্ত লোৱাত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। 


আনকি গুৱাহাটীৰ ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰেন্দ্ৰ কলিতায়ো সমগ্র বিষয়টোক লৈ ক্ষোভ প্রকাশ কৰিছে। সামাজিক মাধ্যম যোগে তেওঁ কয়, 'নতুন শিক্ষা নীতিৰ আধাৰত প্ৰৱৰ্তন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক তৃতীয় ষাণ্মাসিকৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হৈছে কালিৰে পৰা। 


কিন্তু মাত্র কেইদিনমান আগতে জাননী জাৰি কৰা হয় যে অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া MDC আৰু ৯ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া VACৰ পৰীক্ষা বিশেষ কাৰণত পিছুৱাই দিয়া হৈছে আৰু সেই পৰীক্ষা অনুষ্ঠিত হ'ব ২০২৬ চনৰ ২০ জানুৱাৰীৰ পাছত। সেই হিচাপত ১ ডিচেম্বৰত আৰম্ভ হৈ তিনিখন কাকতৰ পৰীক্ষা শেষ হ'ব ৮ ডিচেম্বৰত আৰু পাছৰ কেইখনৰ পৰীক্ষা বাবে ছাত্র-ছাত্রীয়ে অপেক্ষা কৰিব লাগিব প্রায় ডেৰ মাহ। 


অধ্যক্ষগৰাকীৰ মতে, ' জুলাই মাহতে নামভর্তি পৰ্ব শেষ হোৱাৰ পাছত Course Registrationৰ কামটো শেষ হ'ব লাগিছিল ছেপ্টেম্বৰ মাহৰ ভিতৰত। নোহোৱাৰ ফলত আজি এনে অনাকাংক্ষিত আৰু অভূতপূর্ব পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে এনে এক অস্বাভাৱিক পৰিস্থিতিৰ পাছতো বিশ্ববিদ্যালয়ৰ কর্তৃপক্ষ, অধ্যক্ষ পৰিষদ আৰু কলেজ শিক্ষক সংস্থাই কোনোধৰণৰ কাৰ্যকৰী আৰু ফলপ্ৰসূ উদ্যোগ নোলোৱা কথাটো যথেষ্ট চিন্তনীয় বুলি মত প্রকাশ কৰি তেওঁ লগতে কয়, 'আমি ব্যক্তিগতভাৱে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, অধ্যক্ষ পৰিষদৰ মূল বিষয়ববীয়া আৰু শিক্ষক সংস্থাৰ সভাপতিক পোনপটীয়াভাৱে যোগাযোগ কৰি অনুৰোধ কৰিছিলোঁ যে ছাত্ৰ-ছাত্ৰীৰ বৃহত্তৰ স্বাৰ্থত আৰু নতুন শিক্ষা নীতিৰ সফল ৰূপায়ণৰ বাবে যিকোনো প্ৰকাৰে বাকী থকা পৰীক্ষাকেইটা জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত পাতি শেষ কৰিব লাগে। 


আমাৰ যুক্তি আছিল- এটা পৰীক্ষা দুমাহ ধৰি চলিব নোৱাৰে। আনহাতে, ছাত্ৰ-ছাত্ৰীৰ উদ্বেগ দীঘলীয়া হ'ব নালাগে আৰু বিশ্ববিদ্যালয়ৰ গৰিমা ৰক্ষা কৰিব লাগে। আনকি শীতকালীন বন্ধ এসপ্তাহ পিছুৱাই দি হ'লেও পৰীক্ষা পাতিব লাগে। কিয়নো ৮ ডিচেম্বৰত আধৰুৱা হোৱা পৰীক্ষা শীতকালীন বন্ধৰ (২০ জানুৱাৰীৰ) পাছলৈ লৈ যোৱা মানে পাছৰ যাণ্মাসিক পিছুৱাই যাব, পৰীক্ষাৰ ফলাফল ওলাওঁতে বহুত পলম হ'ব। ২০ জানুৱাৰীৰ পাছত শিক্ষকসকলক নিৰ্বাচনৰ কামত নিয়োগ কৰিব পাৰে আৰু ভালেমান সমস্যা হ'ব। কিন্তু আমি জনোৱা যুক্তি নৰজিল। 


অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰা মতে, কলেজ শিক্ষকক ১ জানুৱাৰীৰ পৰা শীতকালীন বন্ধ লাগিবই। সেয়েহে, এই পৰিস্থিতিৰ সৃষ্টি হৈছে। ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাতকৈ শিক্ষকৰ শীতকালীন বন্ধ বেছি ডাঙৰ হ'ল। আনকি ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থত মাত মাতিবলৈ অধ্যক্ষ পৰিষদৰ সাহসৰ অভাৱ বুলি ক্ষোভ প্রকাশ কৰি অধ্যক্ষ কলিতাই স্পষ্টভাবে কয়, 'বিশ্ববিদ্যালয় কর্তৃপক্ষ এতিয়া নিজেই উচ্চশিক্ষা বিৰোধী ভূমিকাত অৱতীৰ্ণ হৈছে, নতুন শিক্ষা নীতি ৰূপায়ণত নিৰুদ্বেগ ভূমিকা লৈছে আৰু শিক্ষক সংস্থাৰ ভয়ত শ-শ ছাত্ৰ-ছাত্ৰীৰ বৃহৎ ক্ষতি কৰিবলৈ ওলাইছে। 


ইফালে, এই সমস্যা সমাধানৰ বাবে ডিচেম্বৰ মাহত দুটা দেওবাৰে হ'লেও পৰীক্ষা পাতিব লাগে অথবা শীতকালীন বন্ধ এসপ্তাহ পিছুৱাই দি হ'লেও জানুৱাৰীৰ প্ৰথম সপ্তাহত পৰীক্ষা পাতিব লাগে বুলি অধ্যক্ষগৰাকীয়ে পৰাৰ্মশ দিছে যাতে পৰৱৰ্তী ষাণ্মাসিক পিছুৱাই নাযায় আৰু ফলাফল সোনকালে ওলায়। আনকি ৰাজ্যৰ উচ্চ শিক্ষা বিভাগক এই ক্ষেত্ৰত জৰুৰীভাৱে হস্তক্ষেপ কৰাৰো দাবী তুলিছে অধ্যক্ষগৰাকীয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ