--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কৃষি খণ্ডৰ ওপৰত ভাৰতৰ অৰ্থনীতি ঘাইকৈ নিৰ্ভৰ কৰে আৰু অধিকাংশ ভাৰতীয়ই তেওঁলোকৰ জীৱন-জীৱিকা কৃষিৰ জৰিয়তে নিৰ্বাহ কৰে।

ডিজিটেল ডেস্ক : ইৰানত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পাছত ইৰানে প্রতিশোধকল্পে সামগ্ৰীৰ যোগান শৃংখল পৰিবহণ জলপথ হৰমুজ প্রণালী বন্ধ কৰি দিছিল। ইয়াৰ পাছতে সমগ্র বিশ্বজুৰি তেল আৰু গেছৰ ব্যাপক সংকটৰ সৃষ্টি হৈছে।


আনহাতে, ইয়াৰ ঠিক সমান্তৰালকৈ সাৰ যোগান শৃংখলতো ব্যাপক প্রভাৱ পৰিছে। বিশেষকৈ ইউক্রেইন-ৰাছিয়াৰ যুদ্ধৰ পৰা ধৰি মধ্যপ্রাচ্যৰ যুদ্ধলৈকে ভাৰতৰ কৃষি খণ্ডত গুৰুতৰ প্ৰভাৱ পৰিছে। শেহতীয়াকৈ সাৰ যোগান শৃংখল হৰমুজ প্রণালীৰে বন্ধ হৈ পৰাত ভাৰতৰ কৃষি নিৰ্ভৰ ১৪৭কোটি নাগৰিক বিপদত পৰাৰ আশংকা ঘনীভূত হৈছে। 


উল্লেখযোগ্য যে কৃষি খণ্ডৰ ওপৰত ভাৰতৰ অৰ্থনীতি ঘাইকৈ নিৰ্ভৰ কৰে আৰু অধিকাংশ ভাৰতীয়ই তেওঁলোকৰ জীৱন-জীৱিকা কৃষিৰ জৰিয়তে নিৰ্বাহ কৰে। পৰিসংখ্যা অনুসৰি, যুদ্ধৰ বাবে হৰমুজ প্রণালী অৱৰোধ কৰাৰ পাছত ভাৰতলৈ সাৰ যোগান প্রায় ২৫ শতাংশ ব্যাহত হৈছে। তেলৰ দৰে উপসাগৰীয় দেশসমূহ- ইউ এ ই, কাটাৰ, ছৌডি আৰব আৰু ওমানৰ পৰা হৰমুজ প্রণালীৰে জাহাজেৰে ভাৰতলৈ সাৰ আমদানি কৰা হয়। 


এই উপসাগৰীয় দেশবোৰৰ পৰা ভাৰতে ৬৩ শতাংশ নাইট্ৰ'জেন সাৰ আমদানি কৰে য'ত ইউৰিয়া আৰু এম'নিয়া, ৩২ শতাংশ 'ডি এ পি' অথবা ডাই-এম'নিয়াম ফছফেট অন্তর্ভুক্তআছে। আনহাতে, ভাৰতে ৪২ শতাংশ পটাছ ছৌডি আৰবৰপৰা আমদানি কৰে। মধ্য প্রাচ্যৰ যুদ্ধৰ বাবে সাৰৰ আমদানি ব্যাহত হোৱাত ভাৰতৰ কৃষি খণ্ডত ব্যাপক প্রভাৱ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ