--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশখনৰ ভূ-গর্ভস্থ খাৰুৱা তেলৰ ভাণ্ডাৰ আৰু অন্যান্য বিৰল খনিজ সম্পদৰ ওপৰত আছে ট্রাম্পৰ লোলুপ দৃষ্টি। যাৰ বাবে ইৰানৰ শাসন ব্যবস্থা সলনি কৰাটো আমেৰিকাৰ বাবে অতি প্রয়োজনীয়।

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধখনে পষেক গৰকিবৰ হ'ল যদিও ইৰানৰ শাসন ব্যৱস্থা সলনি কৰিব নোৱাৰিলে। ইৰানৰ সৰ্বোচ্চ নেতা খামেনেইক হত্যা কৰাৰ পাছতে দেশখনত আমেৰিকাই নিজৰ আঙুলিৰ ঠাৰত নচুৱাব পৰা এখন চৰকাৰ হোৱাটো বিচাৰিছিল। কিন্তু সেই লক্ষ্যত উপনীত হোৱাত চূড়ান্তভাৱে ব্যর্থ হৈছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প। তদুপৰি অদূৰ ভৱিষ্যতেও ইৰানৰ শাসনতন্ত্র সলনি হোৱাৰ সম্ভাৱনা নাই। মার্কিন চোৰাংচোৱা সংস্থাই এই তথ্য প্রকাশ কৰিছে। 


চোৰাংচোৱাৰ তথ্য অনুসৰি ইৰানৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ গাঁথনি অতি গভীৰ আৰু শক্তিশালী। এই শাসন ব্যৱস্থাৰ শিপাডাল অতি গভীৰলৈ বিয়পি আছে আৰু ই আমেৰিকা-ইজৰাইলৰ আক্ৰমণত হঠাতে ভাগি পৰাৰ কোনো নাই। মার্কিন চোৰাংচোৱাৰ কেইবাটাও সূত্ৰৰ তথ্য অনুসৰি ইৰানৰ জনতাৰ ওপৰত দেশখনৰ শাসনতন্ত্ৰৰ সম্পূৰ্ণ নিয়ন্ত্রণ আছে আৰু এই শাসন ব্যৱস্থা ভাগি পৰিব পৰা কোনো সংকট সৃষ্টি হোৱা নাই। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইজৰাইলৰ সহযোগত ছলে-বলে-কৌশলে ইৰানত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে।


দেশখনৰ ভূ-গর্ভস্থ খাৰুৱা তেলৰ ভাণ্ডাৰ আৰু অন্যান্য বিৰল খনিজ সম্পদৰ ওপৰত আছে ট্রাম্পৰ লোলুপ দৃষ্টি। যাৰ বাবে ইৰানৰ শাসন ব্যবস্থা সলনি কৰাটো আমেৰিকাৰ বাবে অতি প্রয়োজনীয়। আমেৰিকাই ক্ষেপণাস্ত্র আক্রমণ, ভাবুকিৰ উপৰি কুৰ্দিছ বিদ্রোহীকো ইৰানৰ বিৰুদ্ধে প্ৰৰোচিত কৰি আহিছে। কিন্তু তথাপি সফল হ'ব পৰা নাই ডনাল্ড ট্রাম্প। 


শেহতীয়াকৈ ইৰানৰ সৰ্বোচ্চ নেতাৰ আসনত বহিল প্রয়াত আয়াতুল্লা আলী খামেনেইৰ পুত্র মোজতাবা খামেনেই। ইও মার্কিন মহলৰ এক বিফলতা বুলিয়ে ক'ব পাৰি। মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইৰানৰে যুদ্ধ শীঘ্ৰেই সমাপ্ত হ'ব বুলি কৰি অহা ঘোষণাৰ বিপৰীতে দেশখনৰ চোৰাংচোৱাৰ তথ্যই ওলোটা প্রতিচ্ছবিহে দাঙি ধৰিছে। চোৰাংচোৱাৰ তথ্যত প্রকাশ পাইছে যে সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হ'ল যদিও দেশখনৰ বাকী সকলো নেতাই মুকলিভাৱেই শাসনতন্ত্র পৰিচালনা কৰি গৈছে। যাৰ বাবে ইৰানৰে যুদ্ধত শীঘ্রেই জয়লাভ বা সমাপ্তিৰ কোনো সম্ভাৱনা নাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু