--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশখনৰ ভূ-গর্ভস্থ খাৰুৱা তেলৰ ভাণ্ডাৰ আৰু অন্যান্য বিৰল খনিজ সম্পদৰ ওপৰত আছে ট্রাম্পৰ লোলুপ দৃষ্টি। যাৰ বাবে ইৰানৰ শাসন ব্যবস্থা সলনি কৰাটো আমেৰিকাৰ বাবে অতি প্রয়োজনীয়।

ডিজিটেল ডেস্ক : আমেৰিকা আৰু ইজৰাইলে ইৰানৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধখনে পষেক গৰকিবৰ হ'ল যদিও ইৰানৰ শাসন ব্যৱস্থা সলনি কৰিব নোৱাৰিলে। ইৰানৰ সৰ্বোচ্চ নেতা খামেনেইক হত্যা কৰাৰ পাছতে দেশখনত আমেৰিকাই নিজৰ আঙুলিৰ ঠাৰত নচুৱাব পৰা এখন চৰকাৰ হোৱাটো বিচাৰিছিল। কিন্তু সেই লক্ষ্যত উপনীত হোৱাত চূড়ান্তভাৱে ব্যর্থ হৈছে মার্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প। তদুপৰি অদূৰ ভৱিষ্যতেও ইৰানৰ শাসনতন্ত্র সলনি হোৱাৰ সম্ভাৱনা নাই। মার্কিন চোৰাংচোৱা সংস্থাই এই তথ্য প্রকাশ কৰিছে। 


চোৰাংচোৱাৰ তথ্য অনুসৰি ইৰানৰ বৰ্তমানৰ শাসন ব্যৱস্থাৰ গাঁথনি অতি গভীৰ আৰু শক্তিশালী। এই শাসন ব্যৱস্থাৰ শিপাডাল অতি গভীৰলৈ বিয়পি আছে আৰু ই আমেৰিকা-ইজৰাইলৰ আক্ৰমণত হঠাতে ভাগি পৰাৰ কোনো নাই। মার্কিন চোৰাংচোৱাৰ কেইবাটাও সূত্ৰৰ তথ্য অনুসৰি ইৰানৰ জনতাৰ ওপৰত দেশখনৰ শাসনতন্ত্ৰৰ সম্পূৰ্ণ নিয়ন্ত্রণ আছে আৰু এই শাসন ব্যৱস্থা ভাগি পৰিব পৰা কোনো সংকট সৃষ্টি হোৱা নাই। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইজৰাইলৰ সহযোগত ছলে-বলে-কৌশলে ইৰানত নিজৰ অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে।


দেশখনৰ ভূ-গর্ভস্থ খাৰুৱা তেলৰ ভাণ্ডাৰ আৰু অন্যান্য বিৰল খনিজ সম্পদৰ ওপৰত আছে ট্রাম্পৰ লোলুপ দৃষ্টি। যাৰ বাবে ইৰানৰ শাসন ব্যবস্থা সলনি কৰাটো আমেৰিকাৰ বাবে অতি প্রয়োজনীয়। আমেৰিকাই ক্ষেপণাস্ত্র আক্রমণ, ভাবুকিৰ উপৰি কুৰ্দিছ বিদ্রোহীকো ইৰানৰ বিৰুদ্ধে প্ৰৰোচিত কৰি আহিছে। কিন্তু তথাপি সফল হ'ব পৰা নাই ডনাল্ড ট্রাম্প। 


শেহতীয়াকৈ ইৰানৰ সৰ্বোচ্চ নেতাৰ আসনত বহিল প্রয়াত আয়াতুল্লা আলী খামেনেইৰ পুত্র মোজতাবা খামেনেই। ইও মার্কিন মহলৰ এক বিফলতা বুলিয়ে ক'ব পাৰি। মার্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে ইৰানৰে যুদ্ধ শীঘ্ৰেই সমাপ্ত হ'ব বুলি কৰি অহা ঘোষণাৰ বিপৰীতে দেশখনৰ চোৰাংচোৱাৰ তথ্যই ওলোটা প্রতিচ্ছবিহে দাঙি ধৰিছে। চোৰাংচোৱাৰ তথ্যত প্রকাশ পাইছে যে সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেইৰ মৃত্যু হ'ল যদিও দেশখনৰ বাকী সকলো নেতাই মুকলিভাৱেই শাসনতন্ত্র পৰিচালনা কৰি গৈছে। যাৰ বাবে ইৰানৰে যুদ্ধত শীঘ্রেই জয়লাভ বা সমাপ্তিৰ কোনো সম্ভাৱনা নাই।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ