--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শাস্ত্ৰ অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলে ধন, ঐশ্বৰ্য আৰু সুখ সাধনৰ বৃদ্ধি হয়।

ডিজিটেল ডেস্ক : আজি শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ অষ্টম দিন। মহা অষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক সন্ধি পূজা কৰা হয়। ১০৮গছ চাকিৰে মা দুৰ্গাক কৰা হ'ব পূজা। 


শাস্ত্ৰ অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলে ধন, ঐশ্বৰ্য আৰু সুখ সাধনৰ বৃদ্ধি হয়। দেৱী মহাগৌৰীৰ ৰূপ বহুত শান্ত আৰু সৌম্য হয়। তেওঁৰ পূজা কৰিলে মনত পবিত্ৰতা অব্যাহত থকাৰ লগতে ভক্তসকলৰ সকলো মনোকামনা পূৰ্ণ হয়। 


দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰাৰ পাছতেই ৰাজ্যৰ চৌদিশে পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰিত হৈ পৰিছে। আজি‌ মাংগলিক ৰীতি-নীতিৰে মা দুৰ্গাক কৰা হ'ব সন্ধি পূজা। আজি‌ দিনৰ ১বাজি ৯মিনিটত কৰা হ'ব সন্ধি পূজা। মহাঅষ্টমীৰ দিনা মহাগৌৰীক কেনেগৰে পূজা কৰিব লাগে জানো আহক নৱৰাত্ৰিৰ অষ্টম দিনত দেৱী মৱাগৌৰীৰ পূজা কৰা হয়। 


আজিৰ দিনটোত দেৱীৰ উপাসনাৰ লগতে কন্যা পুজনৰ এটা নিয়ম আছে। ইয়াৰ পাছত পঞ্চমৃত (গাখীৰ, দৈ, চেনী, ঘিউ আৰু মৌ)ৰে দেৱীক গা ধুৱাওৱা হয়। তেওঁক আলতা, কুমকুম আৰু সেন্দুৰ আগবঢ়াব লাগে । তাৰ পিছত ঘিউ আৰু কফুৰৰ সৈতে দেৱী মহাগৌৰীৰ আৰতি প্ৰদৰ্শন কৰিব। শাৰদীয় নৱৰাত্ৰিত অষ্টমী তিথিত দেৱী মহাগৌৰীক নাৰিকল আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা হয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ