--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় প্রায় ৮ হাজাৰ অতিথি। ধ্বজাৰোহণ সমাৰোহৰ সময়ত সমগ্র অযোধ্যা মহানগৰী 'জয় শ্ৰীৰাম' ধ্বনিৰে মুখৰিত হৈ পৰে।

ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰ কালি সম্পূৰ্ণ হ'ল। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ৬৭৩ দিনৰ পাছত কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে মন্দিৰৰ চূড়াত ধ্বজাৰোহণ সম্পন্ন কৰে। কলি পুৱা ১১-৫০ বজাত অভিজিৎ মুহূর্তত প্রধানমন্ত্রীয়ে বুটাম টিপাৰ লগে লগে দুই কিল'গ্রাম ওজনৰ গেৰুৱা ৰঙৰ ধ্বজা ১৬২ ফুট উচ্চতাৰ শিখৰত উৰিবলৈ ধৰে।


এই দৃশ্য ইমানেই গাম্ভীর্যপূর্ণ আৰু অনন্য আছিল যে তাত উপস্থিত থকা দেশ-বিদেশৰ বিশিষ্ট অতিথিসকলো ভাবত বিভোৰ হৈ পৰা দেখা যায়। সেই সময়ত সমগ্ৰ ৰাম মন্দিৰৰ চৌহদ শংখধ্বনিৰে মুখৰিত হৈ পৰে। কালি ধ্বজাৰোহণ কৰোঁতে ধ্বজ শিখৰলৈ আগবঢ়াৰ সময়ত প্রধানমন্ত্রী মোদী আৱেগিক হৈ পৰে আৰু তেওঁৰ লোতক বৈ আহে। সেই সময়ত আনকি সন্মুখৰ শাৰীত বহি থকা ভক্তসকলৰো চকু সেমেকি উঠা পৰিলক্ষিত হয়।


এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় প্রায় ৮ হাজাৰ অতিথি। ধ্বজাৰোহণ সমাৰোহৰ সময়ত সমগ্র অযোধ্যা মহানগৰী 'জয় শ্ৰীৰাম' ধ্বনিৰে মুখৰিত হৈ পৰে। ধ্বজাৰোহণ কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে 'ছিয়াৱৰ ৰামচন্দ্ৰ কী জয়, জয় ছিয়াৰামেৰে।' প্রধানমন্ত্রীয়ে কয়, 'আজি অযোধ্যা ভাৰতৰ সাংস্কৃতিক চেতনাৰ এক উল্লেখযোগ্য মুহূৰ্তৰ সাক্ষী হৈ আছে। আজি সম্পূৰ্ণ ভাৰত তথা বিশ্ব ৰামময় হৈ পৰিছে। সকলো ভাৰতীয়ৰ হৃদয় অদ্বিতীয় সন্তোষ, অসীম কৃতজ্ঞতা, অপাৰ অলৌকিক আনন্দেৰে ভৰি পৰিছে। শতিকা শতিকা জোৰা ঘাৰ উপশম ঘটিল। শতিকাজোৰা বেদনাৰ আজি বিৰাম ঘটিল। শতিকাজোৰা সংকল্প আদি সিদ্ধিপ্রাপ্ত হ'ল। পাঁচশ বছৰে অগ্নি প্রজ্বলিত হৈ থকা যজ্ঞৰ আজি পূর্ণাহুতি হ'ল। এই যজ্ঞৰ প্ৰতি এক মিনিটৰ বাবেও আস্থাভংগ হোৱা নাছিল। আজি ভগৱান শ্ৰীৰাম মন্দিৰৰ গৰ্ভগৃহৰ পৰম শক্তি, শ্ৰীৰামৰ দিব্য প্রতাপ এই ধৰ্মধ্বজাৰ ৰূপত দিব্যতম ভ্যতম মন্দিৰত প্রতিষ্ঠাপিত হ'ল।'


প্রধানমন্ত্রীয়ে কয় যে ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ। ইয়াৰ গেৰুৱা ৰঙে ইয়াত সূৰ্যবংশৰ খ্যাতি, ওম শব্দ তথা কছনাৰ বৃক্ষই ৰামৰাজ্যৰ কীৰ্তিক প্রতিফলিত কৰিছে। এই ধ্বজ সংকল্প, সফলতা আৰু সংগ্ৰামৰ সৈতে সৃষ্টি হোৱা কাহিনী, শতিকা শতিকা ধৰি চলি থকা সপোনৰ বাস্তৱ ৰূপ। এই ধ্বজ সন্তৰ সাধনা আৰু সমাজৰ সহযোগিতাৰ সাৰ্থক পৰিণতি। এই ধ্বজে শতিকা তথা সহস্র শতাব্দী ধৰি প্ৰভু ৰামৰ আদৰ্শ আৰু নীতিসমূহ প্ৰচাৰ কৰি যাব। এই ধৰ্মধ্বজাই সত্যৰ জয়কে প্রতিপালিত কৰিব।


প্রধানমন্ত্রীয়ে মোহন ভাগৱতৰ সৈতে ৰাম মন্দিৰৰ প্ৰথম মহলাত নিৰ্মাণ কৰা ৰাম দৰবাৰত পূজা-অর্চনা কৰে। ইয়াৰ পাছত ৰাম ললা দৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাম ললাৰ কাৰণে বস্ত্ৰ আৰু চম্বৰ লৈ আহিছিল। প্রধানমন্ত্রীয়ে সাকেত কলেজৰ পৰা ৰাম মন্দিৰলৈ ডেৰ কিল'মিটাৰ ৰ'ড শ্ব' কৰি আহে। ৰ'ড শ্ব'ৰ সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে তেওঁলৈ ফুল ছটিয়ায় আৰু কেইবা ঠাইতো মহিলাসকলে তেওঁক আদৰণি জনায়। উল্লেখযোগ্য যে ধ্বজাৰোহণ অনুষ্ঠানৰ বাবে অমিতাভ বচ্চনকে ধৰি কেইবাজনো তাৰকালৈ নিমন্ত্রণী-পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো এজন উপস্থিত নাছিল। চাৰিজন শংকৰাচাৰ্যক বাদ দি দেশৰ বিভিন্ন মঠৰ সন্তসকল কালি ধ্বজাৰোহণ অনুষ্ঠানত উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ