--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় প্রায় ৮ হাজাৰ অতিথি। ধ্বজাৰোহণ সমাৰোহৰ সময়ত সমগ্র অযোধ্যা মহানগৰী 'জয় শ্ৰীৰাম' ধ্বনিৰে মুখৰিত হৈ পৰে।

ডিজিটেল ডেস্ক : অযোধ্যাৰ ৰাম মন্দিৰ কালি সম্পূৰ্ণ হ'ল। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ ৬৭৩ দিনৰ পাছত কালি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে মন্দিৰৰ চূড়াত ধ্বজাৰোহণ সম্পন্ন কৰে। কলি পুৱা ১১-৫০ বজাত অভিজিৎ মুহূর্তত প্রধানমন্ত্রীয়ে বুটাম টিপাৰ লগে লগে দুই কিল'গ্রাম ওজনৰ গেৰুৱা ৰঙৰ ধ্বজা ১৬২ ফুট উচ্চতাৰ শিখৰত উৰিবলৈ ধৰে।


এই দৃশ্য ইমানেই গাম্ভীর্যপূর্ণ আৰু অনন্য আছিল যে তাত উপস্থিত থকা দেশ-বিদেশৰ বিশিষ্ট অতিথিসকলো ভাবত বিভোৰ হৈ পৰা দেখা যায়। সেই সময়ত সমগ্ৰ ৰাম মন্দিৰৰ চৌহদ শংখধ্বনিৰে মুখৰিত হৈ পৰে। কালি ধ্বজাৰোহণ কৰোঁতে ধ্বজ শিখৰলৈ আগবঢ়াৰ সময়ত প্রধানমন্ত্রী মোদী আৱেগিক হৈ পৰে আৰু তেওঁৰ লোতক বৈ আহে। সেই সময়ত আনকি সন্মুখৰ শাৰীত বহি থকা ভক্তসকলৰো চকু সেমেকি উঠা পৰিলক্ষিত হয়।


এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় প্রায় ৮ হাজাৰ অতিথি। ধ্বজাৰোহণ সমাৰোহৰ সময়ত সমগ্র অযোধ্যা মহানগৰী 'জয় শ্ৰীৰাম' ধ্বনিৰে মুখৰিত হৈ পৰে। ধ্বজাৰোহণ কৰি প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণ আৰম্ভ কৰে 'ছিয়াৱৰ ৰামচন্দ্ৰ কী জয়, জয় ছিয়াৰামেৰে।' প্রধানমন্ত্রীয়ে কয়, 'আজি অযোধ্যা ভাৰতৰ সাংস্কৃতিক চেতনাৰ এক উল্লেখযোগ্য মুহূৰ্তৰ সাক্ষী হৈ আছে। আজি সম্পূৰ্ণ ভাৰত তথা বিশ্ব ৰামময় হৈ পৰিছে। সকলো ভাৰতীয়ৰ হৃদয় অদ্বিতীয় সন্তোষ, অসীম কৃতজ্ঞতা, অপাৰ অলৌকিক আনন্দেৰে ভৰি পৰিছে। শতিকা শতিকা জোৰা ঘাৰ উপশম ঘটিল। শতিকাজোৰা বেদনাৰ আজি বিৰাম ঘটিল। শতিকাজোৰা সংকল্প আদি সিদ্ধিপ্রাপ্ত হ'ল। পাঁচশ বছৰে অগ্নি প্রজ্বলিত হৈ থকা যজ্ঞৰ আজি পূর্ণাহুতি হ'ল। এই যজ্ঞৰ প্ৰতি এক মিনিটৰ বাবেও আস্থাভংগ হোৱা নাছিল। আজি ভগৱান শ্ৰীৰাম মন্দিৰৰ গৰ্ভগৃহৰ পৰম শক্তি, শ্ৰীৰামৰ দিব্য প্রতাপ এই ধৰ্মধ্বজাৰ ৰূপত দিব্যতম ভ্যতম মন্দিৰত প্রতিষ্ঠাপিত হ'ল।'


প্রধানমন্ত্রীয়ে কয় যে ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ। ইয়াৰ গেৰুৱা ৰঙে ইয়াত সূৰ্যবংশৰ খ্যাতি, ওম শব্দ তথা কছনাৰ বৃক্ষই ৰামৰাজ্যৰ কীৰ্তিক প্রতিফলিত কৰিছে। এই ধ্বজ সংকল্প, সফলতা আৰু সংগ্ৰামৰ সৈতে সৃষ্টি হোৱা কাহিনী, শতিকা শতিকা ধৰি চলি থকা সপোনৰ বাস্তৱ ৰূপ। এই ধ্বজ সন্তৰ সাধনা আৰু সমাজৰ সহযোগিতাৰ সাৰ্থক পৰিণতি। এই ধ্বজে শতিকা তথা সহস্র শতাব্দী ধৰি প্ৰভু ৰামৰ আদৰ্শ আৰু নীতিসমূহ প্ৰচাৰ কৰি যাব। এই ধৰ্মধ্বজাই সত্যৰ জয়কে প্রতিপালিত কৰিব।


প্রধানমন্ত্রীয়ে মোহন ভাগৱতৰ সৈতে ৰাম মন্দিৰৰ প্ৰথম মহলাত নিৰ্মাণ কৰা ৰাম দৰবাৰত পূজা-অর্চনা কৰে। ইয়াৰ পাছত ৰাম ললা দৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাম ললাৰ কাৰণে বস্ত্ৰ আৰু চম্বৰ লৈ আহিছিল। প্রধানমন্ত্রীয়ে সাকেত কলেজৰ পৰা ৰাম মন্দিৰলৈ ডেৰ কিল'মিটাৰ ৰ'ড শ্ব' কৰি আহে। ৰ'ড শ্ব'ৰ সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে তেওঁলৈ ফুল ছটিয়ায় আৰু কেইবা ঠাইতো মহিলাসকলে তেওঁক আদৰণি জনায়। উল্লেখযোগ্য যে ধ্বজাৰোহণ অনুষ্ঠানৰ বাবে অমিতাভ বচ্চনকে ধৰি কেইবাজনো তাৰকালৈ নিমন্ত্রণী-পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো এজন উপস্থিত নাছিল। চাৰিজন শংকৰাচাৰ্যক বাদ দি দেশৰ বিভিন্ন মঠৰ সন্তসকল কালি ধ্বজাৰোহণ অনুষ্ঠানত উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু