--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চতুৰ্থবাৰৰ বাবে এই খিতাপ দখল কৰিছে ভাৰতে। ভাৰতীয় দলৰ হৈ দিলপ্ৰীত সিঙে দুটা গ’ল দিয়াৰ বিপৰীতে সুখজীত সিং আৰু অমিত ৰোহিদাসে এটাকৈ গ’ল দিয়ে।

ডিজিটেল ডেস্কঃ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকীৰ ফাইনেলত কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি ভাৰতীয় দলটোৱে খিতাপ দখল কৰে। 


চতুৰ্থবাৰৰ বাবে এই খিতাপ দখল কৰিছে ভাৰতে। ভাৰতীয় দলৰ হৈ দিলপ্ৰীত সিঙে দুটা গ’ল দিয়াৰ বিপৰীতে সুখজীত সিং আৰু অমিত ৰোহিদাসে এটাকৈ গ’ল দিয়ে।


ভাৰতীয় দলৰ জয়ৰ সন্দৰ্ভত হকী ইণ্ডিয়াই দলৰ সকলো খেলুৱৈৰ বাবে ৩ লাখ টকাকৈ আৰু সহায়ক কৰ্মচাৰীৰ বাবে ১.৫ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে। বিজয়ৰ পিছত ভাৰতীয় দলীয় শিবিৰত উৎসৱমুখৰ পৰিবেশ। 


দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে অভিনন্দন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দলটোক অভিনন্দন জ্ঞাপন কৰিছে।


প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে, বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ দৰ্শনীয় জয়ৰ বাবে আমাৰ পুৰুষ হকী দলটোলৈ অভিনন্দন। এই জয় আৰু বিশেষ কাৰণ তেওঁলোকে ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰিছে। ভাৰতীয় হকী আৰু ভাৰতীয় ক্ৰীড়াৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। আমাৰ খেলুৱৈসকলে অধিক উচ্চতা স্পৰ্শ কৰি যাওক আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনক।


হকী ইণ্ডিয়াৰ সভাপতি দিলীপ তিৰ্কিয়ে কয় যে মই ভাৰতীয় দলৰ প্ৰতিজন খেলুৱৈক অভিনন্দন জনাইছো। যোৱা দুবছৰত আমি অলিম্পিক পদক, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু এতিয়া এছিয়া কাপ লাভ কৰিছো। ফাইনেলত কোৰিয়াৰ বিৰুদ্ধে জয়লাভ আছিল আচৰিত।


প্ৰশিক্ষক ক্ৰেগ ফুলটনে কয় যে, "আমাৰ লক্ষ্য আছিল এছিয়া কাপ জয় কৰি হকী বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰা আৰু আমি সেইটো লাভ কৰিছো। অৱশ্যে আমি এই প্ৰতিযোগিতাখনৰ বিষয়ে আগতেই ভাবি আছিলো। ল'ৰা আৰু দলটোৰ বাবে মই গৌৰৱান্বিত।"


অধিনায়ক হৰমনপ্ৰীত সিঙে কয়, আমি এছিয়া কাপত জয়ী হৈ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ লক্ষ্যৰে প্ৰৱেশ কৰিছিলোঁ। প্ৰাৰম্ভিক মেচবোৰত প্ৰদৰ্শন আশা কৰা ধৰণে নাছিল যদিও আমি উভতি আহিলোঁ। গুৰুত্বপূৰ্ণ মেচত আমাৰ প্ৰদৰ্শন ভাল আছিল আৰু আমি আৰু ভাল খেলিবলৈ চেষ্টা কৰি থাকিলোঁ।


হাৰ্দিক সিঙে কয়, আমি এছিয়াত আধিপত্য বিস্তাৰ কৰি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিছিলোঁ। আমি ভালদৰে প্ৰস্তুতি চলাইছিলোঁ আৰু জয়ী হোৱাৰ আত্মবিশ্বাসী আছিলোঁ। আমাৰ দলটো অতি সুষম। এছিয়া কাপত আমি আধিপত্য বিস্তাৰ কৰিছো। আমি বিজয়ত অতিশয় সুখী।


এছিয়া কাপত জয়লাভ কৰি শিলানন্দ লক্ৰ আৰু ৰাজিন্দৰ সিঙে সুখ প্ৰকাশ কৰে। দুয়োগৰাকী খেলুৱৈয়ে কয় যে ভাৰতীয় দলৰ পৰৱৰ্তী লক্ষ্য হকী বিশ্বকাপত পদক লাভ কৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু