--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চতুৰ্থবাৰৰ বাবে এই খিতাপ দখল কৰিছে ভাৰতে। ভাৰতীয় দলৰ হৈ দিলপ্ৰীত সিঙে দুটা গ’ল দিয়াৰ বিপৰীতে সুখজীত সিং আৰু অমিত ৰোহিদাসে এটাকৈ গ’ল দিয়ে।

ডিজিটেল ডেস্কঃ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ হকীৰ ফাইনেলত কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি ভাৰতীয় দলটোৱে খিতাপ দখল কৰে। 


চতুৰ্থবাৰৰ বাবে এই খিতাপ দখল কৰিছে ভাৰতে। ভাৰতীয় দলৰ হৈ দিলপ্ৰীত সিঙে দুটা গ’ল দিয়াৰ বিপৰীতে সুখজীত সিং আৰু অমিত ৰোহিদাসে এটাকৈ গ’ল দিয়ে।


ভাৰতীয় দলৰ জয়ৰ সন্দৰ্ভত হকী ইণ্ডিয়াই দলৰ সকলো খেলুৱৈৰ বাবে ৩ লাখ টকাকৈ আৰু সহায়ক কৰ্মচাৰীৰ বাবে ১.৫ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে। বিজয়ৰ পিছত ভাৰতীয় দলীয় শিবিৰত উৎসৱমুখৰ পৰিবেশ। 


দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি আছে অভিনন্দন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দলটোক অভিনন্দন জ্ঞাপন কৰিছে।


প্ৰধানমন্ত্ৰী মোদীয়ে ইনষ্টাগ্ৰামত লিখিছে, বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ দৰ্শনীয় জয়ৰ বাবে আমাৰ পুৰুষ হকী দলটোলৈ অভিনন্দন। এই জয় আৰু বিশেষ কাৰণ তেওঁলোকে ডিফেণ্ডিং চেম্পিয়ন দক্ষিণ কোৰিয়াক পৰাস্ত কৰিছে। ভাৰতীয় হকী আৰু ভাৰতীয় ক্ৰীড়াৰ বাবে এয়া এক গৌৰৱৰ মুহূৰ্ত। আমাৰ খেলুৱৈসকলে অধিক উচ্চতা স্পৰ্শ কৰি যাওক আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনক।


হকী ইণ্ডিয়াৰ সভাপতি দিলীপ তিৰ্কিয়ে কয় যে মই ভাৰতীয় দলৰ প্ৰতিজন খেলুৱৈক অভিনন্দন জনাইছো। যোৱা দুবছৰত আমি অলিম্পিক পদক, এছিয়ান গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু এতিয়া এছিয়া কাপ লাভ কৰিছো। ফাইনেলত কোৰিয়াৰ বিৰুদ্ধে জয়লাভ আছিল আচৰিত।


প্ৰশিক্ষক ক্ৰেগ ফুলটনে কয় যে, "আমাৰ লক্ষ্য আছিল এছিয়া কাপ জয় কৰি হকী বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰা আৰু আমি সেইটো লাভ কৰিছো। অৱশ্যে আমি এই প্ৰতিযোগিতাখনৰ বিষয়ে আগতেই ভাবি আছিলো। ল'ৰা আৰু দলটোৰ বাবে মই গৌৰৱান্বিত।"


অধিনায়ক হৰমনপ্ৰীত সিঙে কয়, আমি এছিয়া কাপত জয়ী হৈ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ লক্ষ্যৰে প্ৰৱেশ কৰিছিলোঁ। প্ৰাৰম্ভিক মেচবোৰত প্ৰদৰ্শন আশা কৰা ধৰণে নাছিল যদিও আমি উভতি আহিলোঁ। গুৰুত্বপূৰ্ণ মেচত আমাৰ প্ৰদৰ্শন ভাল আছিল আৰু আমি আৰু ভাল খেলিবলৈ চেষ্টা কৰি থাকিলোঁ।


হাৰ্দিক সিঙে কয়, আমি এছিয়াত আধিপত্য বিস্তাৰ কৰি বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰাৰ উদ্দেশ্যেৰে প্ৰৱেশ কৰিছিলোঁ। আমি ভালদৰে প্ৰস্তুতি চলাইছিলোঁ আৰু জয়ী হোৱাৰ আত্মবিশ্বাসী আছিলোঁ। আমাৰ দলটো অতি সুষম। এছিয়া কাপত আমি আধিপত্য বিস্তাৰ কৰিছো। আমি বিজয়ত অতিশয় সুখী।


এছিয়া কাপত জয়লাভ কৰি শিলানন্দ লক্ৰ আৰু ৰাজিন্দৰ সিঙে সুখ প্ৰকাশ কৰে। দুয়োগৰাকী খেলুৱৈয়ে কয় যে ভাৰতীয় দলৰ পৰৱৰ্তী লক্ষ্য হকী বিশ্বকাপত পদক লাভ কৰা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ