--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তিক লৈ আলোচনা হৈ থকাৰ মাজতে বুধবাৰে ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ পাছতে বৃহস্পতিবাৰে মোদীয়ে এই ঘোষণা কৰে

ডিজিটেল ডেস্ক : আমেৰিকাৰ সৈতে আমদানি-ৰপ্তানি শুল্কক লৈ সংঘাত তুংগত থকাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ পৰোক্ষভাৱে বাৰ্তা প্ৰেৰণ কৰি কয় যে ভাৰতে কেতিয়াও কৃষক, মাছমৰীয়া আৰু দুগ্ধ উৎপাদন খণ্ডৰ স্বাৰ্থক লৈ আপোচ নকৰে।


মোদীয়ে ঘোষণা কৰে যে যদি প্রয়োজন হয় তেওঁ ব্যক্তিগত লেখত ল'বলগীয়া লোকচান ভৰিবলৈও সাজু। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তিক লৈ আলোচনা হৈ থকাৰ মাজতে বুধবাৰে ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ পাছতে বৃহস্পতিবাৰে মোদীয়ে এই ঘোষণা কৰে।


উল্লেখযোগ্য যে আমেৰিকাই ভাৰতৰ কৃষি আৰু দুগ্ধজাত সামগ্ৰী বজাৰত অধিক সুবিধা বিচৰাৰ বাবেই দুয়োখন দেশৰ মাজৰ বাণিজ্য চুক্তিখন আগবঢ়া নাই। আমেৰিকাই ঘেঁহু, বার্লি, ওট, ধান, চয়াবীন, আপেল, আলমণ্ড আৰু ইথানলৰ দৰে সামগ্ৰীত ভাৰতে শুল্ক হ্রাস কৰাটো তথা আমেৰিকাৰ দুগ্ধজাত সামগ্ৰীৰ বাবে অধিক বজাৰ বিচাৰিছে। কিন্তু ভাৰতে এই দাবী মানি লোৱা নাই, কাৰণ এনে কৰিলে ইয়াৰ পৰিণাম ভুগিব ভাৰতীয় কৃষকে।


মোদীয়ে বৃহস্পতিবাৰে কয়, 'আমাৰ বাবে আমাৰ কৃষকৰ স্বাৰ্থ সর্বোচ্চ অগ্রাধিকাৰ। ভাৰতে নিজৰ কৃষক, পশুপালক আৰু মাছমৰীয়া ভাই-ভনীসকলৰ স্বাৰ্থৰ ক্ষেত্রত কেতিয়াও আপোচ নকৰে। ভাৰতৰ সেউজ বিপ্লৱৰ স্থপতি কৃষি বিজ্ঞানী প্রয়াত এম এছ স্বামীনাথনৰ জন্ম শতবার্ষিকী উপলক্ষে আয়োজিত আন্তঃৰাষ্ট্ৰীয় সম্মিলনত মোদীয়ে এনেদৰে কয়। তেওঁ কয়, 'মই জানো যে ব্যক্তিগতভাবে মই বহুত বেছি লোকচান ভৰিব লাগিব। কিন্তু মই ইয়াৰ বাবে সাজু।' এই সন্মিলনতে মোদীয়ে কিংবদন্তি বিজ্ঞানী স্বামীনাথনৰ স্মাৰক মুদ্রা আৰু ডাকটিকটো মুকলি কৰে।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ