--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তিক লৈ আলোচনা হৈ থকাৰ মাজতে বুধবাৰে ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ পাছতে বৃহস্পতিবাৰে মোদীয়ে এই ঘোষণা কৰে

ডিজিটেল ডেস্ক : আমেৰিকাৰ সৈতে আমদানি-ৰপ্তানি শুল্কক লৈ সংঘাত তুংগত থকাৰ সময়তে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ পৰোক্ষভাৱে বাৰ্তা প্ৰেৰণ কৰি কয় যে ভাৰতে কেতিয়াও কৃষক, মাছমৰীয়া আৰু দুগ্ধ উৎপাদন খণ্ডৰ স্বাৰ্থক লৈ আপোচ নকৰে।


মোদীয়ে ঘোষণা কৰে যে যদি প্রয়োজন হয় তেওঁ ব্যক্তিগত লেখত ল'বলগীয়া লোকচান ভৰিবলৈও সাজু। দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তিক লৈ আলোচনা হৈ থকাৰ মাজতে বুধবাৰে ট্রাম্পে ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্ক ৫০ শতাংশলৈ বৃদ্ধি কৰাৰ পাছতে বৃহস্পতিবাৰে মোদীয়ে এই ঘোষণা কৰে।


উল্লেখযোগ্য যে আমেৰিকাই ভাৰতৰ কৃষি আৰু দুগ্ধজাত সামগ্ৰী বজাৰত অধিক সুবিধা বিচৰাৰ বাবেই দুয়োখন দেশৰ মাজৰ বাণিজ্য চুক্তিখন আগবঢ়া নাই। আমেৰিকাই ঘেঁহু, বার্লি, ওট, ধান, চয়াবীন, আপেল, আলমণ্ড আৰু ইথানলৰ দৰে সামগ্ৰীত ভাৰতে শুল্ক হ্রাস কৰাটো তথা আমেৰিকাৰ দুগ্ধজাত সামগ্ৰীৰ বাবে অধিক বজাৰ বিচাৰিছে। কিন্তু ভাৰতে এই দাবী মানি লোৱা নাই, কাৰণ এনে কৰিলে ইয়াৰ পৰিণাম ভুগিব ভাৰতীয় কৃষকে।


মোদীয়ে বৃহস্পতিবাৰে কয়, 'আমাৰ বাবে আমাৰ কৃষকৰ স্বাৰ্থ সর্বোচ্চ অগ্রাধিকাৰ। ভাৰতে নিজৰ কৃষক, পশুপালক আৰু মাছমৰীয়া ভাই-ভনীসকলৰ স্বাৰ্থৰ ক্ষেত্রত কেতিয়াও আপোচ নকৰে। ভাৰতৰ সেউজ বিপ্লৱৰ স্থপতি কৃষি বিজ্ঞানী প্রয়াত এম এছ স্বামীনাথনৰ জন্ম শতবার্ষিকী উপলক্ষে আয়োজিত আন্তঃৰাষ্ট্ৰীয় সম্মিলনত মোদীয়ে এনেদৰে কয়। তেওঁ কয়, 'মই জানো যে ব্যক্তিগতভাবে মই বহুত বেছি লোকচান ভৰিব লাগিব। কিন্তু মই ইয়াৰ বাবে সাজু।' এই সন্মিলনতে মোদীয়ে কিংবদন্তি বিজ্ঞানী স্বামীনাথনৰ স্মাৰক মুদ্রা আৰু ডাকটিকটো মুকলি কৰে।


উৎসঃ দৈনিক জনমভূমি








FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান