--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ট্রাম্পে লগতে কয় যে এই আদেশ ২১ দিনৰ ভিতৰত অৰ্থাৎ অহা ২৭ আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে পুনৰ শুল্ক বোমাৰ বিস্ফোৰণ ঘটায়।


বুধবাৰে তেওঁ ভাৰতৰ বিৰুদ্ধে পুনৰ ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ আদেশত স্বাক্ষৰ কৰে। ট্রাম্পে এই আদেশত স্বাক্ষৰ কৰি কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাটো অব্যাহত ৰখাৰ প্ৰত্যুত্তৰ হিচাপে এই অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰা হৈছে।


ইয়াৰ লগে লগে আমেৰিকাই ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্কৰ হাৰ ৫০%লৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে ট্রাম্পে ইয়াৰ আগতে ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।


ট্রাম্পে লগতে কয় যে এই আদেশ ২১ দিনৰ ভিতৰত অৰ্থাৎ অহা ২৭ আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব। অৱশ্যে যিবিলাক সামগ্রী ২৭ আগষ্টৰ আগতে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে আৰু ১৭ ছেপ্টেম্বৰৰ ভিতৰত আমেৰিকা পাবগৈ সেই সামগ্ৰীসমূহৰ ক্ষেত্ৰত এই আদেশ প্রযোজ্য নহ'ব। আদেশটোত স্পষ্টভাবে কোৱা হৈছে যে এই শুল্ক আন সকলো শুল্ক তথা কৰৰ অতিৰিক্ত হ'ব আৰু কিছুমান বিশেষ সামগ্ৰীৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব পাৰে। উল্লেখযোগ্য যে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ ক্ৰয় অব্যাহত ৰাখি ভাৰতে ৰাছিয়াক ইউক্রেইন যুদ্ধত পুঁজিৰ যোগান ধৰি থকা বুলি কালি ভাৰতৰ বিৰুদ্ধে অভিযোগ কৰিছিল আৰু সেই কাৰণে তেওঁ ভাৰতৰ বিৰুদ্ধে ২৪ ঘণ্টাৰ ভিতৰত বৃহৎ হাৰত শুল্ক আৰোপৰ ভাবুকি দিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ