--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ট্রাম্পে লগতে কয় যে এই আদেশ ২১ দিনৰ ভিতৰত অৰ্থাৎ অহা ২৭ আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে ভাৰতৰ বিৰুদ্ধে পুনৰ শুল্ক বোমাৰ বিস্ফোৰণ ঘটায়।


বুধবাৰে তেওঁ ভাৰতৰ বিৰুদ্ধে পুনৰ ২৫% অতিৰিক্ত শুল্ক আৰোপ কৰাৰ আদেশত স্বাক্ষৰ কৰে। ট্রাম্পে এই আদেশত স্বাক্ষৰ কৰি কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰাটো অব্যাহত ৰখাৰ প্ৰত্যুত্তৰ হিচাপে এই অতিৰিক্ত ২৫% শুল্ক আৰোপ কৰা হৈছে।


ইয়াৰ লগে লগে আমেৰিকাই ভাৰতীয় সামগ্ৰীত আৰোপ কৰা শুল্কৰ হাৰ ৫০%লৈ বৃদ্ধি পায়। উল্লেখযোগ্য যে ট্রাম্পে ইয়াৰ আগতে ভাৰতীয় সামগ্ৰীত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।


ট্রাম্পে লগতে কয় যে এই আদেশ ২১ দিনৰ ভিতৰত অৰ্থাৎ অহা ২৭ আগষ্টৰ পৰা কাৰ্যকৰী কৰা হ'ব। অৱশ্যে যিবিলাক সামগ্রী ২৭ আগষ্টৰ আগতে আমেৰিকালৈ প্ৰেৰণ কৰা হৈছে আৰু ১৭ ছেপ্টেম্বৰৰ ভিতৰত আমেৰিকা পাবগৈ সেই সামগ্ৰীসমূহৰ ক্ষেত্ৰত এই আদেশ প্রযোজ্য নহ'ব। আদেশটোত স্পষ্টভাবে কোৱা হৈছে যে এই শুল্ক আন সকলো শুল্ক তথা কৰৰ অতিৰিক্ত হ'ব আৰু কিছুমান বিশেষ সামগ্ৰীৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব পাৰে। উল্লেখযোগ্য যে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ ক্ৰয় অব্যাহত ৰাখি ভাৰতে ৰাছিয়াক ইউক্রেইন যুদ্ধত পুঁজিৰ যোগান ধৰি থকা বুলি কালি ভাৰতৰ বিৰুদ্ধে অভিযোগ কৰিছিল আৰু সেই কাৰণে তেওঁ ভাৰতৰ বিৰুদ্ধে ২৪ ঘণ্টাৰ ভিতৰত বৃহৎ হাৰত শুল্ক আৰোপৰ ভাবুকি দিছিল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু