--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি অৰ্থাৎ সোমবাৰে চিবিআইয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা জঘন্য ধৰ্ষণ-হত্যা কাণ্ডৰ গোচৰত অভিযোগনামা দাখিল কৰে। কলকাতাৰ ছিলডাহ আদালতত দাখিল কৰা অভিযোগনামাত চিবিআইয়ে প্ৰকাশ কৰিছে যে চিকিৎসকগৰাকীৰ দলবদ্ধ ধৰ্ষণ কৰা হোৱা নাছিল। কেৱল সঞ্জয় ৰায়েহে তেওঁক ধৰ্ষণ কৰিছিল। অপৰাধ সংঘটিত কৰাৰ পিছত চিকিৎসকগৰাকীক তেওঁ হত্যা কৰে। চিবিআইয়ে অভিযুক্ত সঞ্জয় ৰায়ৰ বিৰুদ্ধে হত্যা আৰু ধৰ্ষণৰ ধাৰাত অভিযোগনামা দাখিল কৰিছে।


চিবিআইৰ অভিযোগনামাত ২০০জন লোকৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছে। এই অভিযোগনামা ২০০ পৃষ্ঠাতকৈও অধিক। এই গোচৰত এইটোৱেই প্ৰথম অভিযোগনামা। অধিক তদন্তৰ অন্তত চিবিআইয়েও এই গোচৰত আন এখন অভিযোগনামা দাখিল কৰিব পাৰে বুলি অনুমান কৰা হৈছে ।এই গোচৰত চিবিআইয়ে নিজৰ অভিযোগনামাত আদালতৰ সন্মুখত সকলো তথ্য দাখিল কৰিছে।চিবিআইৰ অভিযোগনামাৰ পিছত হয়তো তিলোত্তমাই অতি সোনকালে ন্যায় পাব বুলি সমগ্ৰ দেশ আশাবাদী ।

চিকিৎসালয়খনত নৈশ কৰ্তব্যৰত চিকিৎসকগৰাকীয়ে মাজনিশা জিৰণি ল’বলৈ ছেমিনাৰ হলত যায় ৷পিছদিনা ৰাতিপুৱা এজন কনিষ্ঠ চিকিৎসকে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আৰু তেওঁৰ শৰীৰত ২৫টা আভ্যন্তৰীণ আৰু বাহ্যিক আঘাতৰ চিন পোৱা গৈছে।

চিচিটিভিৰ ফুটেজত সঞ্জয় ৰায়ক ৯ আগষ্টৰ পুৱা ৪ বাজি ৩ মিনিটত ছেমিনাৰ হলত প্ৰৱেশ কৰা দেখা গৈছিল। আধা ঘণ্টামান পিছত তেওঁ কোঠাটোৰ পৰা ওলাই আহিল। কলকাতা আৰক্ষীয়ে সেই ব্যক্তিজনৰ ব্লুটুথ হেডফোনো সেই স্থানতে উদ্ধাৰ কৰে।

চিবিআইলৈ গোচৰটো হস্তান্তৰ হোৱাৰ পিছত ৰায়ৰ ওপৰত লাই ডিটেক্টৰৰ সহায়ত পৰীক্ষা কৰা হয়, য’ত তেওঁ নিজক নিৰ্দোষী বুলি ঘোষণা কৰে। তেওঁ দাবী কৰে যে চেমিনাৰ হলত ​​প্ৰৱেশ কৰাৰ সময়ত মহিলাগৰাকী ইতিমধ্যে অচেতন হৈ আছিল। ঘটনাৰ বিষয়ে আৰক্ষীক কিয় কোৱা নাই বুলি সোধাত তেওঁ কয় যে মহিলাগৰাকীক আহত অৱস্থাত দেখা পাই তেওঁ ভয় খাইছিল। তেওঁ সমগ্ৰ এই ঘটনাটো পাঁক লগাবলৈ চেষ্টা কৰিছে বুলি চিবিআইয়ে জনায় ৷ 

চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষকো ভুক্তভোগীৰ পিতৃ-মাতৃক বিপথে পৰিচালিত কৰাৰ লগতে সাক্ষী প্ৰমাণৰ সৈতে খেলা-ধূলা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। ঘোষে হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। লগতে মৃতদেহটো চাবলৈ ভুক্তভোগীৰ পিতৃ-মাতৃক তিনি ঘণ্টা অপেক্ষা কৰায় । স্থানীয় আৰক্ষী বিষয়াকো গ্ৰেপ্তাৰ কৰিছে সংস্থাটোৱে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু