--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি অৰ্থাৎ সোমবাৰে চিবিআইয়ে কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা জঘন্য ধৰ্ষণ-হত্যা কাণ্ডৰ গোচৰত অভিযোগনামা দাখিল কৰে। কলকাতাৰ ছিলডাহ আদালতত দাখিল কৰা অভিযোগনামাত চিবিআইয়ে প্ৰকাশ কৰিছে যে চিকিৎসকগৰাকীৰ দলবদ্ধ ধৰ্ষণ কৰা হোৱা নাছিল। কেৱল সঞ্জয় ৰায়েহে তেওঁক ধৰ্ষণ কৰিছিল। অপৰাধ সংঘটিত কৰাৰ পিছত চিকিৎসকগৰাকীক তেওঁ হত্যা কৰে। চিবিআইয়ে অভিযুক্ত সঞ্জয় ৰায়ৰ বিৰুদ্ধে হত্যা আৰু ধৰ্ষণৰ ধাৰাত অভিযোগনামা দাখিল কৰিছে।


চিবিআইৰ অভিযোগনামাত ২০০জন লোকৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছে। এই অভিযোগনামা ২০০ পৃষ্ঠাতকৈও অধিক। এই গোচৰত এইটোৱেই প্ৰথম অভিযোগনামা। অধিক তদন্তৰ অন্তত চিবিআইয়েও এই গোচৰত আন এখন অভিযোগনামা দাখিল কৰিব পাৰে বুলি অনুমান কৰা হৈছে ।এই গোচৰত চিবিআইয়ে নিজৰ অভিযোগনামাত আদালতৰ সন্মুখত সকলো তথ্য দাখিল কৰিছে।চিবিআইৰ অভিযোগনামাৰ পিছত হয়তো তিলোত্তমাই অতি সোনকালে ন্যায় পাব বুলি সমগ্ৰ দেশ আশাবাদী ।

চিকিৎসালয়খনত নৈশ কৰ্তব্যৰত চিকিৎসকগৰাকীয়ে মাজনিশা জিৰণি ল’বলৈ ছেমিনাৰ হলত যায় ৷পিছদিনা ৰাতিপুৱা এজন কনিষ্ঠ চিকিৎসকে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে। তেওঁৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি তেওঁক ধৰ্ষণ কৰি হত্যা কৰা হৈছে আৰু তেওঁৰ শৰীৰত ২৫টা আভ্যন্তৰীণ আৰু বাহ্যিক আঘাতৰ চিন পোৱা গৈছে।

চিচিটিভিৰ ফুটেজত সঞ্জয় ৰায়ক ৯ আগষ্টৰ পুৱা ৪ বাজি ৩ মিনিটত ছেমিনাৰ হলত প্ৰৱেশ কৰা দেখা গৈছিল। আধা ঘণ্টামান পিছত তেওঁ কোঠাটোৰ পৰা ওলাই আহিল। কলকাতা আৰক্ষীয়ে সেই ব্যক্তিজনৰ ব্লুটুথ হেডফোনো সেই স্থানতে উদ্ধাৰ কৰে।

চিবিআইলৈ গোচৰটো হস্তান্তৰ হোৱাৰ পিছত ৰায়ৰ ওপৰত লাই ডিটেক্টৰৰ সহায়ত পৰীক্ষা কৰা হয়, য’ত তেওঁ নিজক নিৰ্দোষী বুলি ঘোষণা কৰে। তেওঁ দাবী কৰে যে চেমিনাৰ হলত ​​প্ৰৱেশ কৰাৰ সময়ত মহিলাগৰাকী ইতিমধ্যে অচেতন হৈ আছিল। ঘটনাৰ বিষয়ে আৰক্ষীক কিয় কোৱা নাই বুলি সোধাত তেওঁ কয় যে মহিলাগৰাকীক আহত অৱস্থাত দেখা পাই তেওঁ ভয় খাইছিল। তেওঁ সমগ্ৰ এই ঘটনাটো পাঁক লগাবলৈ চেষ্টা কৰিছে বুলি চিবিআইয়ে জনায় ৷ 

চিবিআইয়ে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডাঃ সন্দীপ ঘোষকো ভুক্তভোগীৰ পিতৃ-মাতৃক বিপথে পৰিচালিত কৰাৰ লগতে সাক্ষী প্ৰমাণৰ সৈতে খেলা-ধূলা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে। ঘোষে হত্যাকাণ্ডক আত্মহত্যাৰ ৰূপত দাঙি ধৰিবলৈ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। লগতে মৃতদেহটো চাবলৈ ভুক্তভোগীৰ পিতৃ-মাতৃক তিনি ঘণ্টা অপেক্ষা কৰায় । স্থানীয় আৰক্ষী বিষয়াকো গ্ৰেপ্তাৰ কৰিছে সংস্থাটোৱে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক