--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিলাহীৰ আকাশলংঘী মূল্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। আজি অৰ্থাৎ সোমবাৰৰ পৰা চৰকাৰে কম দামত বিলাহী বিক্ৰী কৰিব। দিল্লী আৰু ইয়াৰ আশে-পাশে থকা চহৰসমূহত ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন (এনচিচিএফ) আৰু ছাফলৰ আউটলেটৰ জৰিয়তে বিলাহী প্ৰতি কেজি ৬৫ টকাৰ হাৰত বিক্ৰী কৰা হ’ব।

Understanding the recent tomato price spike: What lies ahead?
 গ্ৰাহক পৰিক্ৰমা বিভাগৰ এগৰাকী বিষয়াই জনোৱা মতে, দিল্লী-এনচিআৰত পাইকাৰী আৰু খুচুৰা মূল্যত এক বৃহৎ পাৰ্থক্য দেখা গৈছে কাৰণ উৎসৱৰ বতৰত বৃদ্ধি পোৱা চাহিদাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে অধিক হাৰত বিলাহী বিক্ৰী কৰি আছে। আমোদজনক বিষয় যে , প্ৰতি কেজিত বিলাহী ৬৫ টকাৰ হাৰত বিক্ৰী কৰাৰ পিছতো চৰকাৰৰ কোনো লোকচান নহ’ব। ইয়াৰ দ্বাৰা পাইকাৰী আৰু খুচুৰা মূল্যৰ মাজত থকা বিশাল পাৰ্থক্যটো উন্মোচিত হৈছে।

State govts responsible for protecting mining reserves: Prahlad Joshi, ET  EnergyWorld


উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পৰাই শাক-পাচলিৰ মূল্য বিপুলভাৱে বৃদ্ধি পাইছে। শাক-পাচলিৰ বৰ্ধিত মূল্যই সকলোকে চিন্তিত কৰিছে । দেশৰ বহু চহৰত বিলাহী প্ৰতি কেজিত ৮০ৰ পৰা ১০০ টকা আৰু পিয়াঁজ প্ৰতি কেজিত ৭০ৰ পৰা ৮০ টকাকৈ বিক্ৰী কৰা হৈছে। ভেণ্ডি, সেউজীয়া শাক, জলকীয়া, লাও আদিৰ দাম সাধাৰণ মানুহৰ কল্পনাৰ বাহিৰত হৈ পৰিছে। বৰ্তমান প্ৰধান চহৰসমূহত খুচুৰা বিলাহীৰ মূল্য প্ৰতি কেজিত ৮০-৯০ টকা হৈছেগৈ, আনহাতে দুসপ্তাহ পূৰ্বে প্ৰতি কেজিত ৪০-৫০ টকা আছিল। এই উত্থানৰ কাৰণ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ দৰে প্ৰধান উৎপাদনকাৰী ৰাজ্যত বৰষুণৰ ফলত যোগানত ব্যাঘাত জন্মা বুলি জানিব পৰা গৈছে ।

দিল্লীৰ আজাদপুৰ মণ্ডীৰ এজন ব্যৱসায়ীয়ে জনোৱা মতে, দুসপ্তাহ পূৰ্বে প্ৰতি কেজিত ২৫ টকাকৈ বিক্ৰী হোৱা বিলাহীৰ মূল্য এতিয়া পাইকাৰী ৭০ টকা হৈছেগৈ। খুচুৰা বিক্ৰীতো মূল্য বহুগুণ বৃদ্ধি পাইছে। কেন্দ্রীয় চৰকাৰে খুচুৰা বজাৰত বিলাহীৰ দাম নিয়ন্ত্রণ কৰিবলৈ মূল্য স্থিতিশীলতা পুঁজিৰ অধীনত এই পদক্ষেপ আৰম্ভ কৰিছে৷ জুলাই মাহতো খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়েও একেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি প্ৰতি কেজিত ৬০ টকাৰ হাৰত বিলাহী বিক্ৰীৰ অভিযান আৰম্ভ কৰিছিল।

NCCF imports 5 tonne tomatoes from Nepal for sale in UP at subsidised rates  | India News - Business Standard

ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচন (এনচিচিএফ) আৰু ছাফলৰ আউটলেটত বিক্ৰী হ’ব সস্তীয়া বিলাহী। চৰকাৰী বিবৃতি অনুসৰি, “এনচিচিএফে পাইকাৰী বজাৰৰ পৰা বিলাহী ক্ৰয় কৰি উচিত হাৰত বিক্ৰী কৰিব , যাতে মধ্যভোগীৰ লাভ ৰোধ কৰিব পৰা যায় আৰু গ্ৰাহকে সকাহ পাব পাৰে।” 

উল্লেখযোগ্য যে ছেপ্টেম্বৰ মাহত বিলাহীৰ খুচুৰা মূল্য বছৰি ৪৭.৯১% হ্ৰাস পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু