--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাইবাৰ জালিয়াতিৰ বলি হৈ মৃত্যুক সাবটিলে এগৰাকী শিক্ষয়িত্ৰীয়ে। ৫৮ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীৰ নাম মালতী বাৰ্মা। তেওঁৰ হোৱাটছএপলৈ আহিছিল ভুৱা কল। ডিপিখনত আছিল আৰক্ষীৰ ফটো। মালতীয়ে ফোনকল ৰিচিভ কৰাত ফোন কৰাজনে নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি কয় যে আপোনাৰ ছোৱালী ছেক্স ৰেকেটত ধৰা পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব আৰু যদিহে বচাব বিচাৰে তেন্তে ১ লাখ টকা দিব লাগিব। প্ৰৱঞ্চকজনে আৰক্ষী বিষয়াৰ ইউনিফৰ্ম পিন্ধা ডিপি ব্যৱহাৰ কৰি তেওঁক ভয় খুৱাবলৈ চেষ্টা কৰি কয় যে ধন পঠিয়াব নোৱাৰিলে তেওঁৰ কন্যাৰ ভিডিঅ’ ভাইৰেল কৰি জেললৈ প্ৰেৰণ কৰা হ’ব।

মালতী বাৰ্মাই এই কথা সঁচা বুলি ভাবি প্ৰচণ্ড মানসিক আঘাত পায়। মালতী বাৰ্মাই এই ভুৱা খবৰত ইমানেই ভয় খাইছিল যে লগে লগে পুত্ৰ দিব্যাংশুক টকা পঠিয়াবলৈ অনুৰোধ কৰিলে। সমাজত নাক-কাণ কটা যোৱাৰ ভয়ত মালতী বাৰ্মা শংকিত হৈ পৰে। তাতে তেওঁ এগৰাকী শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰীৰ কন্যাই যদি এনে কাম কৰে তেন্তে তেওঁ কেনেকৈ সমাজত মুখ উলিয়াব, এই চিন্তাত মালতী বাৰ্মা বিচলিত হৈ পৰিল। 

পুত্ৰই তেওঁক বুজাই দিলে যে এয়া এক প্ৰৱঞ্চনা। বহুতো প্ৰৱঞ্চকে এনেদৰে প্ৰৱঞ্চনা কৰি মানুহৰ পৰা লাখ লাখ টকা লুটি আছে। তথাপিও এই ঘটনাত মালতী বাৰ্মাই মানসিকভাৱে ইমানেই ভাগি পৰে যে চাৰি ঘণ্টাৰ পাছতে হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰে। এই ঘটনা আগ্ৰাৰ।

মালতী বাৰ্মা আগ্ৰাৰ এখন চৰকাৰী ছোৱালী জুনিয়ৰ হাইস্কুলৰ শিক্ষয়িত্ৰী আছিল। এই ভুৱা কলৰ সময়ত প্ৰৱঞ্চকজনে মালতী বাৰ্মাক প্ৰায় চাৰি ঘণ্টা ধৰি মানসিকভাৱে পণবন্দী কৰি ৰাখিছিল। এই সময়ছোৱাত তেওঁক একেৰাহে আঠটা ফোন কৰা হৈছিল। ভুৱা ফোন বুলি বুজি পোৱা দিব্যাংশুৱে মাকক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। দিব্যাংশুৱে ভনীয়েকৰ সৈতে যোগাযোগ কৰি ভিডিঅ’ কলৰ জৰিয়তে মাতৃক দেখুৱালে যে তেওঁ কলেজত নিৰাপদে আছে। ইয়াৰ পাছতো মালতী মানসিক চাপৰ পৰা মুক্তি লাভ কৰিব নোৱাৰি অহৰহ চিন্তাৰ মাজত আবদ্ধ হৈ থাকিল। সেই সময়ত তেওঁ স্কুলতে আছিল।

স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত মালতী বাৰ্মাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। লগে লগে তেওঁৰ পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চাৰি ঘণ্টাৰ পাছত তেওঁৰ হাৰ্ট এটেক হৈ মৃত্যু হয়। এই ঘটনাৰ পিছত মালতী বাৰ্মাৰ সমগ্ৰ পৰিয়াল দুখত ভাগি পৰিছে। আগ্ৰাৰ এচিপি মায়ংক তিৱাৰীয়ে কয় যে এই বিষয়টোৰ পুংখানুপুংখ তদন্ত চলি আছে আৰু শীঘ্ৰে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে অসমতো এনে অভিজ্ঞতাৰ সন্মুখীন হৈছে বহু লোক। আৰক্ষীৰ পোছাক পৰিহিত ডিপি ব্যৱহাৰ কৰি হোৱাটছএপত কল কৰে প্ৰৱঞ্চকে আৰু বিভিন্ন কথাৰে ভয়-ভাবুকি দেখুৱাই টকা সৰকাবলৈ চেষ্টা কৰে। এনে অভিজ্ঞতাৰ কথা ছ'চিয়েল মিডিয়াত কেইবাজনো লোকে লিখিছে। গতিকে আতংকিত নহ'ব আৰু সাৱধান হওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক