--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাইবাৰ জালিয়াতিৰ বলি হৈ মৃত্যুক সাবটিলে এগৰাকী শিক্ষয়িত্ৰীয়ে। ৫৮ বছৰীয়া শিক্ষয়িত্ৰীগৰাকীৰ নাম মালতী বাৰ্মা। তেওঁৰ হোৱাটছএপলৈ আহিছিল ভুৱা কল। ডিপিখনত আছিল আৰক্ষীৰ ফটো। মালতীয়ে ফোনকল ৰিচিভ কৰাত ফোন কৰাজনে নিজকে আৰক্ষী বিষয়া বুলি পৰিচয় দি কয় যে আপোনাৰ ছোৱালী ছেক্স ৰেকেটত ধৰা পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰা হ'ব আৰু যদিহে বচাব বিচাৰে তেন্তে ১ লাখ টকা দিব লাগিব। প্ৰৱঞ্চকজনে আৰক্ষী বিষয়াৰ ইউনিফৰ্ম পিন্ধা ডিপি ব্যৱহাৰ কৰি তেওঁক ভয় খুৱাবলৈ চেষ্টা কৰি কয় যে ধন পঠিয়াব নোৱাৰিলে তেওঁৰ কন্যাৰ ভিডিঅ’ ভাইৰেল কৰি জেললৈ প্ৰেৰণ কৰা হ’ব।

মালতী বাৰ্মাই এই কথা সঁচা বুলি ভাবি প্ৰচণ্ড মানসিক আঘাত পায়। মালতী বাৰ্মাই এই ভুৱা খবৰত ইমানেই ভয় খাইছিল যে লগে লগে পুত্ৰ দিব্যাংশুক টকা পঠিয়াবলৈ অনুৰোধ কৰিলে। সমাজত নাক-কাণ কটা যোৱাৰ ভয়ত মালতী বাৰ্মা শংকিত হৈ পৰে। তাতে তেওঁ এগৰাকী শিক্ষয়িত্ৰী। শিক্ষয়িত্ৰীৰ কন্যাই যদি এনে কাম কৰে তেন্তে তেওঁ কেনেকৈ সমাজত মুখ উলিয়াব, এই চিন্তাত মালতী বাৰ্মা বিচলিত হৈ পৰিল। 

পুত্ৰই তেওঁক বুজাই দিলে যে এয়া এক প্ৰৱঞ্চনা। বহুতো প্ৰৱঞ্চকে এনেদৰে প্ৰৱঞ্চনা কৰি মানুহৰ পৰা লাখ লাখ টকা লুটি আছে। তথাপিও এই ঘটনাত মালতী বাৰ্মাই মানসিকভাৱে ইমানেই ভাগি পৰে যে চাৰি ঘণ্টাৰ পাছতে হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰে। এই ঘটনা আগ্ৰাৰ।

মালতী বাৰ্মা আগ্ৰাৰ এখন চৰকাৰী ছোৱালী জুনিয়ৰ হাইস্কুলৰ শিক্ষয়িত্ৰী আছিল। এই ভুৱা কলৰ সময়ত প্ৰৱঞ্চকজনে মালতী বাৰ্মাক প্ৰায় চাৰি ঘণ্টা ধৰি মানসিকভাৱে পণবন্দী কৰি ৰাখিছিল। এই সময়ছোৱাত তেওঁক একেৰাহে আঠটা ফোন কৰা হৈছিল। ভুৱা ফোন বুলি বুজি পোৱা দিব্যাংশুৱে মাকক পতিয়ন নিয়াবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। দিব্যাংশুৱে ভনীয়েকৰ সৈতে যোগাযোগ কৰি ভিডিঅ’ কলৰ জৰিয়তে মাতৃক দেখুৱালে যে তেওঁ কলেজত নিৰাপদে আছে। ইয়াৰ পাছতো মালতী মানসিক চাপৰ পৰা মুক্তি লাভ কৰিব নোৱাৰি অহৰহ চিন্তাৰ মাজত আবদ্ধ হৈ থাকিল। সেই সময়ত তেওঁ স্কুলতে আছিল।

স্কুলৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত মালতী বাৰ্মাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে। লগে লগে তেওঁৰ পৰিয়ালে তেওঁক চিকিৎসালয়লৈ লৈ যায় যদিও চাৰি ঘণ্টাৰ পাছত তেওঁৰ হাৰ্ট এটেক হৈ মৃত্যু হয়। এই ঘটনাৰ পিছত মালতী বাৰ্মাৰ সমগ্ৰ পৰিয়াল দুখত ভাগি পৰিছে। আগ্ৰাৰ এচিপি মায়ংক তিৱাৰীয়ে কয় যে এই বিষয়টোৰ পুংখানুপুংখ তদন্ত চলি আছে আৰু শীঘ্ৰে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে অসমতো এনে অভিজ্ঞতাৰ সন্মুখীন হৈছে বহু লোক। আৰক্ষীৰ পোছাক পৰিহিত ডিপি ব্যৱহাৰ কৰি হোৱাটছএপত কল কৰে প্ৰৱঞ্চকে আৰু বিভিন্ন কথাৰে ভয়-ভাবুকি দেখুৱাই টকা সৰকাবলৈ চেষ্টা কৰে। এনে অভিজ্ঞতাৰ কথা ছ'চিয়েল মিডিয়াত কেইবাজনো লোকে লিখিছে। গতিকে আতংকিত নহ'ব আৰু সাৱধান হওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু