--°C
Loading...
Listen to Article
2 min read
80%
লক্ষ্ণৌঃ সমাগত ৫খন ৰাজ্যৰ নিৰ্বাচনত বিৰোধীৰ লক্ষ্য হৈ পৰিছে বিজেপি। প্ৰতিটো দলৰ মাজতে দেখিবলৈ পোৱা গৈছে অন্তহীন তত্‍পৰতা। কিন্তু এইবাৰ দলৰ ভিতৰত প্ৰশ্ন উত্থাপিত হোৱাৰ খবৰ আহিছে। দলীয় বাদানুবাদে দলটোৰ ভেঁটি দুৰ্বল কৰি তোলে বুলি সম্প্ৰতি শংকিত হৈ পৰিছে শাসকীয় দলটো। মন কৰিবলগীয়া যে, ২০১২ চনত উত্তৰ প্ৰদেশৰ স্নাতক ডিগ্ৰীধাৰী মাজত নিবনুৱাৰ হাৰ আছিল ২১ শতাংশ। যোগী আদিত্যনাথৰ শাসনকালত ২০১৯ চনত নিবনুৱা ৰ হাৰ ৫১ শতাংশলৈ বৃদ্ধি পাইছে। অভিযান্ত্ৰিক বিভাগৰ ডিপ্ল’মা ধাৰকসকলৰ মাজত নিবনুৱাৰ হাৰ ১৩ শতাংশৰ পৰা ৬৬ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, অভিযান্ত্ৰিক বিভাগত ডিগ্ৰী ধাৰকসকলৰ মাজত নিবনুৱাৰ হাৰ ১৯ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পাইছে। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীসকলৰ মাজত নিবনুৱাৰ সংখ্যা ৪ গুণলৈ বৃদ্ধি পাইছে। ভাল দিন আহিব বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দুৰ্বল স্থিতিত এতিয়া সন্দিহান হৈ পৰিছে সাধাৰণ জনতা। আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিৰোধীপক্ষক কটাক্ষ কৰি কয়, ‘তেওঁলোক জিন্নাৰ উপাসক, আমি ছৰ্দাৰ পেটেলৰ পূজাৰী। তেওঁলোকে পাকিস্তানক ভাল পায়, আমি ভাৰত মাতৃৰ বাবে প্ৰাণ দিওঁ।’ যোগী আদিত্যনাথৰ এনেধৰণৰ কথা-বতৰাত ধৰ্মীয় মেৰুকৰণৰ গোন্ধ পাইছে সাধাৰণ জনতাই। কেৱল সাধাৰণ জনতাই নহয় তেওঁৰ ৰাজ্যৰে বিজেপি সাংসদ বৰুণ গান্ধীয়েও যোগীৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয়, ‘নিবনুৱা দেশৰ আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে। পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰিছে। এনে বিষয়বোৰত কাণ সৰালি দিয়া মানে কপাহেৰে জুই নুমুৱাৰ দৰে কথা।’ স্মৰ্তব্য যে, ৰে'লৱেৰ চাকৰিত নিযুক্তিক কেন্দ্ৰ কৰি বিগত দহ দিন ধৰি উত্তৰ প্ৰদেশ আৰু বিহাৰত চাকৰি প্ৰাৰ্থীসকলৰ মাজত প্ৰতিবাদ তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে।উত্তৰ প্ৰদেশকে ধৰি ৫খন ৰাজ্যৰ সমাগত নিৰ্বাচনত বিৰোধীয়ে যুৱ প্ৰজন্মৰ সমস্যাবোৰকে আঁহিলা হিচাপে লৈছিল। কিন্তু এইবাৰ দলৰ ভিতৰতে প্ৰশ্ন উত্থাপিত হোৱাৰ বাবে বিজেপি নেতৃত্ব শংকিত হৈ পৰা দেখা গৈছে। অৰ্থনীতিবিদ কৌশিক বসুৱে কয়, ‘যদি ৰাজনীতি জনসাধাৰণৰ মাজত মেৰুকৰণ কৰা হয়, তেন্তে অৰ্থনীতিৰ ক্ষতি হয়। উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকল হীনমন্যতাত ভুগিছে। চৰকাৰৰ কৰ্মকাণ্ডত খং উঠিছে। সেয়েহে তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। ২০২১ চনত উত্তৰ প্ৰদেশত নিবনুৱাৰ সংখ্যা আছিল ২৩.২ শতাংশ। দেশৰ গড় নিবনুৱাতকৈয়ো এই হাৰ বহু বেছি। এই সমস্যাৰ সৃষ্টি হৈছিল ক’ভিড মহামাৰীৰ আগতেই। উত্তৰ প্ৰদেশত ২০১৮ চনত নিবনুৱাৰ হাৰ আছিল ৫.৯%, ২০১৯ চনত ইয়াৰ হাৰ ৯.৯% বৃদ্ধি পায়। বৰুণ গান্ধীয়ে উল্লেখ কৰাৰ দৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ৰে'লৱেৰ চাকৰি প্ৰাৰ্থীসকলৰ প্ৰতিবাদৰ ভিডিঅ' টুইট কৰিছে। এই ভিডিঅ'টোত চাকৰি প্ৰত্যাশী এগৰাকী প্ৰাৰ্থীয়ে কয়, ‘ৰে'লৱেৰ চাকৰিৰ বাবে ১.২৭ কোটি লোকে আবেদন কৰা বুলি ৰে’লমন্ত্ৰীয়ে সমস্যাৰ কথা কৈছে। কিন্তু ইমান নিবনুৱা কৰ পৰা আহিল সেই বিষয়ে তেওঁ নকয়। আগতকৈ অধিক আৱেদন দাখিল কৰা হৈছে যেতিয়া নিবনুৱাৰ সংখ্যাও বৃদ্ধি পাইছে।’ ক্ষোভিত চাকৰি প্ৰাৰ্থীৰ মত, ‘চৰকাৰী খণ্ডৰ ভিতৰত ৰে'লৱেৰ চাকৰি সৰ্বাধিক। সেই ৰে’ল বিভাগেই এতিয়া ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’ উত্তৰ প্ৰদেশৰ চাকৰি প্ৰাৰ্থীসকলে চৰকাৰী নীতি সলনি কৰিবলৈ সতৰ্ক কৰি দিছে যোগী চৰকাৰত। যদি শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলে ৰাজপথলৈ ওলাই আহে, তেন্তে তেওঁলোকে শাসককো ৰাজপথলৈ নমাই আনিব পাৰে বুলি দিছে হুংকাৰ। এই প্ৰসংগত ৰাহুলে কয়, ‘কোনে কৈছিল 'আচ্ছে দিন' এতিয়া আহিছে? শিক্ষাৰ্থীসকলে ঠিকেই কৈছে।তেওঁলোকৰ এই বেদনা সত্য।’ বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীয়েও কৰিছে অনুৰূপ মন্তব্য। তেওঁ কয়, ‘মোদী চৰকাৰে ৰে'লৱেৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰিবলৈ ওলাইছে বুলি শুনিবলৈ পোৱা গৈছে। সেইবাবে ৰে’লৱে নিযুক্তি পৰীক্ষা বাতিল কৰা হৈছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মই চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সতৰ্ক কৰি দিছো। অন্যথা, যুৱ প্ৰজন্মৰ মাজত জ্বলি উঠা বিক্ষোভ-হিংসা পৰিহাৰ কৰাটো কঠিন হ’ব। বিৰোধী শিবিৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, অখিলেশ যাদৱৰ চৰকাৰৰ দিনত উত্তৰ প্ৰদেশত অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৬.৯ শতাংশ। যোগী আদিত্যনাথৰ দিনত এই বিকাশৰ হাৰ ৪.৮ শতাংশলৈ হ্ৰাস পাইছে। জনমূৰি উপাৰ্জন ৯.২শতাংশ বৃদ্ধি হৈছে। অখিলেশৰ কাৰ্যকালত জনমূৰি উপাৰ্জন আছিল ২৭.৬%। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ মাজত নিবনুৱাৰ হাৰ ২০১২ চনত ৪% আছিল। এতিয়া হৈছেগৈ ২৪%।
FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ
মাটিকাদুৰিৰ নানা উপকাৰী গুণ
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান
পাকিস্তানৰ ৮১ শতাংশ অস্ত্র-শস্ত্র চীনত নির্মিত
কোনে হত্যা কৰিলে উদ্যোগপতি গোপাল খেমকাক ? পুত্ৰৰ দৰে একেই কায়দাত ৬ বছৰৰ পাছত হত্যা কৰা হ’ল উদ্যোগপতি পিতৃকো