--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
লক্ষ্ণৌঃ সমাগত ৫খন ৰাজ্যৰ নিৰ্বাচনত বিৰোধীৰ লক্ষ্য হৈ পৰিছে বিজেপি। প্ৰতিটো দলৰ মাজতে দেখিবলৈ পোৱা গৈছে অন্তহীন তত্‍পৰতা। কিন্তু এইবাৰ দলৰ ভিতৰত প্ৰশ্ন উত্থাপিত হোৱাৰ খবৰ আহিছে। দলীয় বাদানুবাদে দলটোৰ ভেঁটি দুৰ্বল কৰি তোলে বুলি সম্প্ৰতি শংকিত হৈ পৰিছে শাসকীয় দলটো। মন কৰিবলগীয়া যে, ২০১২ চনত উত্তৰ প্ৰদেশৰ স্নাতক ডিগ্ৰীধাৰী মাজত নিবনুৱাৰ হাৰ আছিল ২১ শতাংশ। যোগী আদিত্যনাথৰ শাসনকালত ২০১৯ চনত নিবনুৱা ৰ হাৰ ৫১ শতাংশলৈ বৃদ্ধি পাইছে। অভিযান্ত্ৰিক বিভাগৰ ডিপ্ল’মা ধাৰকসকলৰ মাজত নিবনুৱাৰ হাৰ ১৩ শতাংশৰ পৰা ৬৬ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, অভিযান্ত্ৰিক বিভাগত ডিগ্ৰী ধাৰকসকলৰ মাজত নিবনুৱাৰ হাৰ ১৯ শতাংশৰ পৰা ৪৬ শতাংশলৈ বৃদ্ধি পাইছে। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীসকলৰ মাজত নিবনুৱাৰ সংখ্যা ৪ গুণলৈ বৃদ্ধি পাইছে। ভাল দিন আহিব বুলি প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ দুৰ্বল স্থিতিত এতিয়া সন্দিহান হৈ পৰিছে সাধাৰণ জনতা। আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিৰোধীপক্ষক কটাক্ষ কৰি কয়, ‘তেওঁলোক জিন্নাৰ উপাসক, আমি ছৰ্দাৰ পেটেলৰ পূজাৰী। তেওঁলোকে পাকিস্তানক ভাল পায়, আমি ভাৰত মাতৃৰ বাবে প্ৰাণ দিওঁ।’ যোগী আদিত্যনাথৰ এনেধৰণৰ কথা-বতৰাত ধৰ্মীয় মেৰুকৰণৰ গোন্ধ পাইছে সাধাৰণ জনতাই। কেৱল সাধাৰণ জনতাই নহয় তেওঁৰ ৰাজ্যৰে বিজেপি সাংসদ বৰুণ গান্ধীয়েও যোগীৰ মন্তব্যৰ তীব্ৰ সমালোচনা কৰিছে। তেওঁ কয়, ‘নিবনুৱা দেশৰ আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে। পৰিস্থিতি অধিক গুৰুতৰ হৈ পৰিছে। এনে বিষয়বোৰত কাণ সৰালি দিয়া মানে কপাহেৰে জুই নুমুৱাৰ দৰে কথা।’ স্মৰ্তব্য যে, ৰে'লৱেৰ চাকৰিত নিযুক্তিক কেন্দ্ৰ কৰি বিগত দহ দিন ধৰি উত্তৰ প্ৰদেশ আৰু বিহাৰত চাকৰি প্ৰাৰ্থীসকলৰ মাজত প্ৰতিবাদ তীব্ৰতৰ হোৱা দেখিবলৈ পোৱা গৈছে।উত্তৰ প্ৰদেশকে ধৰি ৫খন ৰাজ্যৰ সমাগত নিৰ্বাচনত বিৰোধীয়ে যুৱ প্ৰজন্মৰ সমস্যাবোৰকে আঁহিলা হিচাপে লৈছিল। কিন্তু এইবাৰ দলৰ ভিতৰতে প্ৰশ্ন উত্থাপিত হোৱাৰ বাবে বিজেপি নেতৃত্ব শংকিত হৈ পৰা দেখা গৈছে। অৰ্থনীতিবিদ কৌশিক বসুৱে কয়, ‘যদি ৰাজনীতি জনসাধাৰণৰ মাজত মেৰুকৰণ কৰা হয়, তেন্তে অৰ্থনীতিৰ ক্ষতি হয়। উত্তৰ প্ৰদেশৰ যুৱক-যুৱতীসকল হীনমন্যতাত ভুগিছে। চৰকাৰৰ কৰ্মকাণ্ডত খং উঠিছে। সেয়েহে তেওঁলোকে পৰিৱৰ্তন বিচাৰিছে। ২০২১ চনত উত্তৰ প্ৰদেশত নিবনুৱাৰ সংখ্যা আছিল ২৩.২ শতাংশ। দেশৰ গড় নিবনুৱাতকৈয়ো এই হাৰ বহু বেছি। এই সমস্যাৰ সৃষ্টি হৈছিল ক’ভিড মহামাৰীৰ আগতেই। উত্তৰ প্ৰদেশত ২০১৮ চনত নিবনুৱাৰ হাৰ আছিল ৫.৯%, ২০১৯ চনত ইয়াৰ হাৰ ৯.৯% বৃদ্ধি পায়। বৰুণ গান্ধীয়ে উল্লেখ কৰাৰ দৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও ৰে'লৱেৰ চাকৰি প্ৰাৰ্থীসকলৰ প্ৰতিবাদৰ ভিডিঅ' টুইট কৰিছে। এই ভিডিঅ'টোত চাকৰি প্ৰত্যাশী এগৰাকী প্ৰাৰ্থীয়ে কয়, ‘ৰে'লৱেৰ চাকৰিৰ বাবে ১.২৭ কোটি লোকে আবেদন কৰা বুলি ৰে’লমন্ত্ৰীয়ে সমস্যাৰ কথা কৈছে। কিন্তু ইমান নিবনুৱা কৰ পৰা আহিল সেই বিষয়ে তেওঁ নকয়। আগতকৈ অধিক আৱেদন দাখিল কৰা হৈছে যেতিয়া নিবনুৱাৰ সংখ্যাও বৃদ্ধি পাইছে।’ ক্ষোভিত চাকৰি প্ৰাৰ্থীৰ মত, ‘চৰকাৰী খণ্ডৰ ভিতৰত ৰে'লৱেৰ চাকৰি সৰ্বাধিক। সেই ৰে’ল বিভাগেই এতিয়া ব্যক্তিগতকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’ উত্তৰ প্ৰদেশৰ চাকৰি প্ৰাৰ্থীসকলে চৰকাৰী নীতি সলনি কৰিবলৈ সতৰ্ক কৰি দিছে যোগী চৰকাৰত। যদি শিক্ষাৰ্থী আৰু যুৱক-যুৱতীসকলে ৰাজপথলৈ ওলাই আহে, তেন্তে তেওঁলোকে শাসককো ৰাজপথলৈ নমাই আনিব পাৰে বুলি দিছে হুংকাৰ। এই প্ৰসংগত ৰাহুলে কয়, ‘কোনে কৈছিল 'আচ্ছে দিন' এতিয়া আহিছে? শিক্ষাৰ্থীসকলে ঠিকেই কৈছে।তেওঁলোকৰ এই বেদনা সত্য।’ বিজেপি সাংসদ সুব্ৰমনিয়াম স্বামীয়েও কৰিছে অনুৰূপ মন্তব্য। তেওঁ কয়, ‘মোদী চৰকাৰে ৰে'লৱেৰ বেচৰকাৰীকৰণৰ পৰিকল্পনা কৰিবলৈ ওলাইছে বুলি শুনিবলৈ পোৱা গৈছে। সেইবাবে ৰে’লৱে নিযুক্তি পৰীক্ষা বাতিল কৰা হৈছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে। মই চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ সতৰ্ক কৰি দিছো। অন্যথা, যুৱ প্ৰজন্মৰ মাজত জ্বলি উঠা বিক্ষোভ-হিংসা পৰিহাৰ কৰাটো কঠিন হ’ব। বিৰোধী শিবিৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, অখিলেশ যাদৱৰ চৰকাৰৰ দিনত উত্তৰ প্ৰদেশত অৰ্থনৈতিক বিকাশৰ হাৰ আছিল ৬.৯ শতাংশ। যোগী আদিত্যনাথৰ দিনত এই বিকাশৰ হাৰ ৪.৮ শতাংশলৈ হ্ৰাস পাইছে। জনমূৰি উপাৰ্জন ৯.২শতাংশ বৃদ্ধি হৈছে। অখিলেশৰ কাৰ্যকালত জনমূৰি উপাৰ্জন আছিল ২৭.৬%। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণৰ মাজত নিবনুৱাৰ হাৰ ২০১২ চনত ৪% আছিল। এতিয়া হৈছেগৈ ২৪%।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
হোজাইত চাঞ্চল্য; প্ৰেমিকৰ ব্লেকমেইলৰ বলি হৈ কীটনাশক দ্ৰব্য সেৱন কৰি কিশোৰীৰ আত্ম*হনন
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
Advertisement