--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে অধোগামী হৈছে। বিশ্ব বেংকৰ তথ্য অনুসৰি ২০১৯-২০ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ GDP সূচাংক আছিল ৪.০৪২। কিন্তু এটা বছৰতেই এই সূচাংক নামি গৈ ঋণাত্মক স্থানত উপনীত হয়। বিশ্ব বেংকৰ তথ্য অনুসৰি এই সূচাংক হৈছে -৭.২৫২। কিন্তু দেশৰ GDP নিম্নগামী হোৱাৰ বিপৰীতে শাসনাধীন ৰাজনৈতিক দল বিজেপিৰ মুঠ সম্পত্তিৰ পৰিমাণ চকুত লগা ধৰণে বাঢ়ি গৈ আছে। এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে বৰ্তমান সময়ত দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দলটো হৈছে বিজেপি। ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে বিজেপিয়ে ঘোষণা কৰা সম্পত্তিৰ তালিকৰ পৰা এই কথা প্ৰকাশ পাইছে। তেওঁলোকে দিয়া ঘোষণা পত্ৰত উল্লেখ থকা অনুসৰি বিজেপিৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪,৮৪৭.৭৮ কোটি টকা। আনফালে বিজেপিৰ পাছতে দ্বিতীয় স্থানত থকা ধনী ৰাজনৈতিক দলটো হ'ল বহুজন সমাজ পাৰ্টি। নিৰ্বাচনী সংস্কাৰৰ দিশত কাম কৰা সংগঠন এছ'চিয়েশ্যন অৱ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR)ৰ দ্বাৰা এই তথ্য প্ৰকাশ কৰা হৈছে। এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে ২০১৯-২০ বৰ্ষত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ সম্পত্তিৰ বিশ্লেষণ কৰি এখন প্ৰতিবেদন প্ৰকাশ কৰিছে। এ.ডি.আৰ-ৰ মতে বিত্তীয় বৰ্ষটোত সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪ টা আঞ্চলিক দলে ঘোষণা কৰা মুঠ সম্পত্তি আছিল ক্ৰমে ৬,৯৮৮.৫৭ কোটি টকা আৰু ২,১২৯.৩৮ কোটি টকা। আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে ২০১৯-২০ বৰ্ষত মাত্ৰ ৫৮৮.১৬ কোটি টকাৰ সম্পত্তি ঘোষণা কৰিছে। ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে এফডিআৰ আৰু ফিক্সড ডিপজিট শ্ৰেণীৰ অধীনৰ ৰাষ্ট্ৰীয় দলসমূহৰ ভিতৰত বিজেপি আৰু বিএছপিয়ে ৩,২৫৩.০০ কোটি টকা আৰু ৬১৮.৮৬ কোটি টকা ঘোষণা কৰিছে। আনহাতে কংগ্ৰেছে ২৪০.৯০ কোটি টকা ঘোষণা কৰিছে। সংগঠনটোৱে প্ৰকাশ কৰা এই প্ৰতিবেদনৰ পাছতে এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এফালে ক’ভিড মহামাৰীত দেশৰ অৰ্থনৈতিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটিছে। দেশৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহ বন্ধ হৈ যোৱাৰ উপক্ৰম হোৱাৰ লগতে ডাঙৰ উদ্যোগ সমূহে বহু টকাৰ লোকচানৰ সন্মুখীন হৈছে। দেশৰ বহু লোকে কৰ্মসংস্থাপন হেৰুৱাই নিবনুৱাত পৰিণত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ উত্পাদন আৰু বিতৰণৰ বিসংগতিত সৃষ্টি হোৱা আকাশলংঘী মূল্য বৃদ্ধিয়ে দেশৰ জনসাধাৰণক জ্বলা-কলা খুওৱাৰ সময়তে শাসনাধীন বিজেপিয়ে গঢ়িছে সম্পত্তিৰ বিশাল পাহাৰ। GDPৰ অৱনতিক লৈ যেন দেশৰ বৰমুৰীয়াৰ কোনো চিন্তা নাই, চিন্তা কেৱল ব্যক্তিগত আৰু দলীয় স্বাৰ্থ পূৰণহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম