--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ অৰ্থনৈতিক অৱস্থা দিনে দিনে অধোগামী হৈছে। বিশ্ব বেংকৰ তথ্য অনুসৰি ২০১৯-২০ বৰ্ষত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন অৰ্থাৎ GDP সূচাংক আছিল ৪.০৪২। কিন্তু এটা বছৰতেই এই সূচাংক নামি গৈ ঋণাত্মক স্থানত উপনীত হয়। বিশ্ব বেংকৰ তথ্য অনুসৰি এই সূচাংক হৈছে -৭.২৫২। কিন্তু দেশৰ GDP নিম্নগামী হোৱাৰ বিপৰীতে শাসনাধীন ৰাজনৈতিক দল বিজেপিৰ মুঠ সম্পত্তিৰ পৰিমাণ চকুত লগা ধৰণে বাঢ়ি গৈ আছে। এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে বৰ্তমান সময়ত দেশৰ আটাইতকৈ ধনী ৰাজনৈতিক দলটো হৈছে বিজেপি। ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে বিজেপিয়ে ঘোষণা কৰা সম্পত্তিৰ তালিকৰ পৰা এই কথা প্ৰকাশ পাইছে। তেওঁলোকে দিয়া ঘোষণা পত্ৰত উল্লেখ থকা অনুসৰি বিজেপিৰ ২০১৯-২০ বিত্তীয় বৰ্ষৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৪,৮৪৭.৭৮ কোটি টকা। আনফালে বিজেপিৰ পাছতে দ্বিতীয় স্থানত থকা ধনী ৰাজনৈতিক দলটো হ'ল বহুজন সমাজ পাৰ্টি। নিৰ্বাচনী সংস্কাৰৰ দিশত কাম কৰা সংগঠন এছ'চিয়েশ্যন অৱ ডেমক্ৰেটিক ৰিফৰ্মছ (ADR)ৰ দ্বাৰা এই তথ্য প্ৰকাশ কৰা হৈছে। এছ'চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছে ২০১৯-২০ বৰ্ষত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ সম্পত্তিৰ বিশ্লেষণ কৰি এখন প্ৰতিবেদন প্ৰকাশ কৰিছে। এ.ডি.আৰ-ৰ মতে বিত্তীয় বৰ্ষটোত সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪ টা আঞ্চলিক দলে ঘোষণা কৰা মুঠ সম্পত্তি আছিল ক্ৰমে ৬,৯৮৮.৫৭ কোটি টকা আৰু ২,১২৯.৩৮ কোটি টকা। আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে ২০১৯-২০ বৰ্ষত মাত্ৰ ৫৮৮.১৬ কোটি টকাৰ সম্পত্তি ঘোষণা কৰিছে। ২০১৯-২০ বিত্তীয় বৰ্ষৰ বাবে এফডিআৰ আৰু ফিক্সড ডিপজিট শ্ৰেণীৰ অধীনৰ ৰাষ্ট্ৰীয় দলসমূহৰ ভিতৰত বিজেপি আৰু বিএছপিয়ে ৩,২৫৩.০০ কোটি টকা আৰু ৬১৮.৮৬ কোটি টকা ঘোষণা কৰিছে। আনহাতে কংগ্ৰেছে ২৪০.৯০ কোটি টকা ঘোষণা কৰিছে। সংগঠনটোৱে প্ৰকাশ কৰা এই প্ৰতিবেদনৰ পাছতে এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এফালে ক’ভিড মহামাৰীত দেশৰ অৰ্থনৈতিক অৱস্থাৰ দ্ৰুত অৱনতি ঘটিছে। দেশৰ ক্ষুদ্ৰ আৰু লঘু উদ্যোগসমূহ বন্ধ হৈ যোৱাৰ উপক্ৰম হোৱাৰ লগতে ডাঙৰ উদ্যোগ সমূহে বহু টকাৰ লোকচানৰ সন্মুখীন হৈছে। দেশৰ বহু লোকে কৰ্মসংস্থাপন হেৰুৱাই নিবনুৱাত পৰিণত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ উত্পাদন আৰু বিতৰণৰ বিসংগতিত সৃষ্টি হোৱা আকাশলংঘী মূল্য বৃদ্ধিয়ে দেশৰ জনসাধাৰণক জ্বলা-কলা খুওৱাৰ সময়তে শাসনাধীন বিজেপিয়ে গঢ়িছে সম্পত্তিৰ বিশাল পাহাৰ। GDPৰ অৱনতিক লৈ যেন দেশৰ বৰমুৰীয়াৰ কোনো চিন্তা নাই, চিন্তা কেৱল ব্যক্তিগত আৰু দলীয় স্বাৰ্থ পূৰণহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক