--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু হৈছে জীৱনৰ পৰম সত্য। এই পৃথিৱীলৈ অহা প্ৰত্যেক প্ৰাণীয়ে এদিন নহয় এদিন মৃত্যুক আঁকোৱালি লৈ এই পৃথিৱী ত্যাগ কৰিবই লাগিব। গৰুড় পুৰাণত লিখা আছে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু ওচৰ চাপি আহে, যমৰাজে তেওঁলোকক কিছু ইংগিত দিয়ে। যমৰাজৰ দুজন যমদূত মৃত্যুমুখী মানুহজনৰ ওচৰলৈ আহে। কেৱল পাপী মানুহেহে যমদূতক দেখি ভয় কৰে। যি ব্যক্তিয়ে ভাল কাম কৰে তেওঁ মৃত্যুৰ সময়ত তেওঁৰ সন্মুখত এক ঈশ্বৰীয় পোহৰ দেখা পায় আৰু মৃত্যুক ভয় নকৰে। মৃত্যুৰ পাছত ব্যক্তিজনৰ মৃতদেহ সৎকাৰৰ বাবে ৪ জন লোকে কান্ধত তুলি চাঙীত শ্মশানলৈ লৈ যায়। কেতিয়াবা কিছুমান ব্যক্তিৰ মৃতদেহ গাড়ীত তুলি নিয়াও দেখা পোৱা যায়। আপুনিও নিশ্চয়কৈ কেতিয়াবা নহয় কেতিয়াবা অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নিয়া মৃতদেহ দেখিবলৈ পাইছে। এনেকুৱা সময়ত বহু লোকেই ব্যক্তিজনৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা কৰে। গৰুড় পুৰাণত উল্লেখ থকা অনুসৰি যদি কাৰোবাৰ মৃতদেহ দেখাৰ সময়ত এটা কাম কৰে তেন্তে মানুহৰ মনৰ আশা পূৰণ হয়। আপুনি হয়তো ভাবিছে কামটো বহুত কঠিন হ'ব। কিন্তু তেনেকুৱা একো নহয়, এয়া একেবাৰে সহজ কাম। বিশ্বাস অনুসৰি যদি এজন ব্যক্তিয়ে কাৰোবাৰ শৱযাত্ৰা দেখাৰ সময়ত ভগৱান শিৱক হাতযোৰ কৰি স্মৰণ কৰে, তেন্তে ঈশ্বৰে তেওঁৰ সকলো ইচ্ছা পূৰণ কৰে। লগতে ব্যক্তিজনে মৃতকৰ আত্মাৰ শান্তিৰ কাৰণেও প্ৰাৰ্থনা কৰিব লাগে। শৱযাত্ৰা দেখাৰ সময়ত এনে কৰিলে ব্যক্তিৰ মনৰ আশা পূৰণ হোৱাৰ লগতে মৃতকৰ আত্মায়েও শান্তি পায়। কেৱল এয়াই নহয় কাৰোবাৰ মৃতদেহ দেখাৰ সময়ত ভগৱান শিৱক স্মৰণ কৰিলে জীৱন যাত্ৰাত থকা বেয়া সময় আৰু সমস্যাও দূৰ হয়। আৰু পঢ়কঃ ছমহীয়া কেঁচুৱাক এৰি আত্মহত্যা! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনীৰ আত্মহত্যাই জোকাৰিছে কৰ্ণাটক  

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য