--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু হৈছে জীৱনৰ পৰম সত্য। এই পৃথিৱীলৈ অহা প্ৰত্যেক প্ৰাণীয়ে এদিন নহয় এদিন মৃত্যুক আঁকোৱালি লৈ এই পৃথিৱী ত্যাগ কৰিবই লাগিব। গৰুড় পুৰাণত লিখা আছে যে যেতিয়া এজন ব্যক্তিৰ মৃত্যু ওচৰ চাপি আহে, যমৰাজে তেওঁলোকক কিছু ইংগিত দিয়ে। যমৰাজৰ দুজন যমদূত মৃত্যুমুখী মানুহজনৰ ওচৰলৈ আহে। কেৱল পাপী মানুহেহে যমদূতক দেখি ভয় কৰে। যি ব্যক্তিয়ে ভাল কাম কৰে তেওঁ মৃত্যুৰ সময়ত তেওঁৰ সন্মুখত এক ঈশ্বৰীয় পোহৰ দেখা পায় আৰু মৃত্যুক ভয় নকৰে। মৃত্যুৰ পাছত ব্যক্তিজনৰ মৃতদেহ সৎকাৰৰ বাবে ৪ জন লোকে কান্ধত তুলি চাঙীত শ্মশানলৈ লৈ যায়। কেতিয়াবা কিছুমান ব্যক্তিৰ মৃতদেহ গাড়ীত তুলি নিয়াও দেখা পোৱা যায়। আপুনিও নিশ্চয়কৈ কেতিয়াবা নহয় কেতিয়াবা অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নিয়া মৃতদেহ দেখিবলৈ পাইছে। এনেকুৱা সময়ত বহু লোকেই ব্যক্তিজনৰ আত্মাৰ চিৰশান্তি কামনা কৰি প্ৰাৰ্থনা কৰে। গৰুড় পুৰাণত উল্লেখ থকা অনুসৰি যদি কাৰোবাৰ মৃতদেহ দেখাৰ সময়ত এটা কাম কৰে তেন্তে মানুহৰ মনৰ আশা পূৰণ হয়। আপুনি হয়তো ভাবিছে কামটো বহুত কঠিন হ'ব। কিন্তু তেনেকুৱা একো নহয়, এয়া একেবাৰে সহজ কাম। বিশ্বাস অনুসৰি যদি এজন ব্যক্তিয়ে কাৰোবাৰ শৱযাত্ৰা দেখাৰ সময়ত ভগৱান শিৱক হাতযোৰ কৰি স্মৰণ কৰে, তেন্তে ঈশ্বৰে তেওঁৰ সকলো ইচ্ছা পূৰণ কৰে। লগতে ব্যক্তিজনে মৃতকৰ আত্মাৰ শান্তিৰ কাৰণেও প্ৰাৰ্থনা কৰিব লাগে। শৱযাত্ৰা দেখাৰ সময়ত এনে কৰিলে ব্যক্তিৰ মনৰ আশা পূৰণ হোৱাৰ লগতে মৃতকৰ আত্মায়েও শান্তি পায়। কেৱল এয়াই নহয় কাৰোবাৰ মৃতদেহ দেখাৰ সময়ত ভগৱান শিৱক স্মৰণ কৰিলে জীৱন যাত্ৰাত থকা বেয়া সময় আৰু সমস্যাও দূৰ হয়। আৰু পঢ়কঃ ছমহীয়া কেঁচুৱাক এৰি আত্মহত্যা! প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নাতিনীৰ আত্মহত্যাই জোকাৰিছে কৰ্ণাটক  

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম