--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বশক্তি প্ৰয়োগ কৰি হলেও এতিয়া ইউক্ৰেইনে নিজৰ দেশখনক বচাবলৈ চেষ্টা অব্যাহত ৰাখিছে। দেশখনৰ সাধাৰণ নাগৰিকেও এতিয়া ভৰ্তি হৈছে সৈন্যবাহিনীত। কিয়নো দুয়োখন দেশৰ সামৰিক দিশৰ পৰা চালে দেখা যায় যে, ইউক্ৰেইনৰ তুলনাত ৰাছিয়া খুবেই শক্তিশালী। সেইয়া লাগিলে মিছাইলৰ ক্ষেত্ৰতে হওঁক বা সৈন্য-সামন্ত ক্ষেত্ৰতো হওঁক।সৰ্বশক্তিৰে যুদ্ধত নামিছে ৰাছিয়া। ইউক্ৰেইনে ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈও সৰ্ব শক্তি প্ৰয়োগ কৰিছে। ৰাছিয়া হৈছে বিশ্বৰ সৰ্বশক্তিমান দেশসমূহৰ মাজৰ এখন। ৰাছিয়াৰ সামৰিক শক্তিৰ তুলনাত ইউক্ৰেইন হাতীৰ আগত মাখিৰ দৰে। গতিকে ইউক্ৰেইনে নিজৰ দেশখনক ৰাছিয়াৰ আগ্ৰাসনক ৰুধিবলৈ হ’লে, গুলী-বাৰুদতকৈ মন-মগজুক অধিক প্ৰাধন্য দিব লাগিব। এতিয়া যেন ইউক্ৰেইনে তাকে কৰিব লৈছে। ইউক্ৰেইনে ৰাছিয়াৰ সেনাক বিপথে পৰিচালিত কৰিবলৈ এটা নতুন উপায় গ্ৰহণ কৰিছে। তেওঁলোকে সকলো পথচিহ্ন আঁতৰাই আক্ৰমণকাৰীসকলক বিপথে পৰিচালিত কৰাৰ কৌশল প্ৰস্তুত কৰিছে। প্ৰশাসনিক সূত্ৰই কৈছিল যে ৰাছিয়াৰ সৈন্যসকলক ইউক্ৰেইনৰ আন অংশত উপস্থিত হোৱাত বাধা দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। সাধাৰণতে সকলো গুৰুত্বপূৰ্ণ ৰাস্তাত নিৰ্দেশনাৰ বোৰ্ড থাকে। যাৰ দ্বাৰা গন্তব্যস্থানত উপনীত হবলৈ সহজ হয়। কিন্তু ইউক্ৰেইনে পথৰ সেই নিৰ্দেশনাবোৰ আঁতৰাই ৰাছিয়াৰ সৈন্যসকলক এটা বৃত্তত ৰাখিবলৈ চেষ্টা কৰি আছে। যাতে তেওঁলোকে সহজে গন্তব্যস্থানত উপনীত নহয় ।ৰাছিয়াৰ সৈন্যই ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে, আনহাতে, খাৰকিভতো এক শক্তিশালী যুঁজ চলি আছে। সাধাৰণ নাগৰিকেও বন্দুক তুলি লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ