--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্বশক্তি প্ৰয়োগ কৰি হলেও এতিয়া ইউক্ৰেইনে নিজৰ দেশখনক বচাবলৈ চেষ্টা অব্যাহত ৰাখিছে। দেশখনৰ সাধাৰণ নাগৰিকেও এতিয়া ভৰ্তি হৈছে সৈন্যবাহিনীত। কিয়নো দুয়োখন দেশৰ সামৰিক দিশৰ পৰা চালে দেখা যায় যে, ইউক্ৰেইনৰ তুলনাত ৰাছিয়া খুবেই শক্তিশালী। সেইয়া লাগিলে মিছাইলৰ ক্ষেত্ৰতে হওঁক বা সৈন্য-সামন্ত ক্ষেত্ৰতো হওঁক।সৰ্বশক্তিৰে যুদ্ধত নামিছে ৰাছিয়া। ইউক্ৰেইনে ৰাছিয়াক প্ৰতিৰোধ কৰিবলৈও সৰ্ব শক্তি প্ৰয়োগ কৰিছে। ৰাছিয়া হৈছে বিশ্বৰ সৰ্বশক্তিমান দেশসমূহৰ মাজৰ এখন। ৰাছিয়াৰ সামৰিক শক্তিৰ তুলনাত ইউক্ৰেইন হাতীৰ আগত মাখিৰ দৰে। গতিকে ইউক্ৰেইনে নিজৰ দেশখনক ৰাছিয়াৰ আগ্ৰাসনক ৰুধিবলৈ হ’লে, গুলী-বাৰুদতকৈ মন-মগজুক অধিক প্ৰাধন্য দিব লাগিব। এতিয়া যেন ইউক্ৰেইনে তাকে কৰিব লৈছে। ইউক্ৰেইনে ৰাছিয়াৰ সেনাক বিপথে পৰিচালিত কৰিবলৈ এটা নতুন উপায় গ্ৰহণ কৰিছে। তেওঁলোকে সকলো পথচিহ্ন আঁতৰাই আক্ৰমণকাৰীসকলক বিপথে পৰিচালিত কৰাৰ কৌশল প্ৰস্তুত কৰিছে। প্ৰশাসনিক সূত্ৰই কৈছিল যে ৰাছিয়াৰ সৈন্যসকলক ইউক্ৰেইনৰ আন অংশত উপস্থিত হোৱাত বাধা দিয়াৰ সিদ্ধান্ত লোৱা হৈছিল। সাধাৰণতে সকলো গুৰুত্বপূৰ্ণ ৰাস্তাত নিৰ্দেশনাৰ বোৰ্ড থাকে। যাৰ দ্বাৰা গন্তব্যস্থানত উপনীত হবলৈ সহজ হয়। কিন্তু ইউক্ৰেইনে পথৰ সেই নিৰ্দেশনাবোৰ আঁতৰাই ৰাছিয়াৰ সৈন্যসকলক এটা বৃত্তত ৰাখিবলৈ চেষ্টা কৰি আছে। যাতে তেওঁলোকে সহজে গন্তব্যস্থানত উপনীত নহয় ।ৰাছিয়াৰ সৈন্যই ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে, আনহাতে, খাৰকিভতো এক শক্তিশালী যুঁজ চলি আছে। সাধাৰণ নাগৰিকেও বন্দুক তুলি লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে