--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধই সমগ্ৰ বিশ্বকে উদ্বিগ্ন কৰি ৰাখিছে। দুয়োখন ৰাষ্ট্ৰৰে বিস্তৰ ক্ষয়-ক্ষতিৰ লগতে সাধাৰণ জনতাই এক ভয়াৱহ পৰিস্থিতিৰ মাজেৰে আতংকত সময় পাৰ কৰিছে। কাৰ জীৱন কেতিয়া শেষ হৈ যায় সেয়া কোনেও ক'ব নোৱাৰে। এনে সময়তে মাতৃভূমি ৰক্ষাৰ বাবে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ ওলাই আহিছে এক নৱবিবাহিত দম্পতী। মাত্ৰ এদিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল দুই প্ৰেমিক-প্ৰেমিকা। বিয়াৰ পাছদিনাই হাতত অস্ত্ৰ লৈ যুদ্ধক্ষেত্ৰলৈ ওলাই আহিল এই নৱ বিবাহিত পতি-পত্নী। যুদ্ধকালীন পৰিস্থিতিৰ মাজতে বিবাহপাশত আবদ্ধ হয় ইৰয়ানা আৰিয়েভা আৰু চভিয়াটোস্লাভ ফুৰ্চিন। কীভ নগৰ পৰিষদৰ উপ-বিষয়া হিচাপে নিযুক্তিত থকা ২১ বছৰীয়া ইৰয়ানা আৰিয়েভা আৰু ২৪ বছৰীয়া ছফ্টৱেৰ অভিযন্তা চিয়াভেটোস্লাভ ফুৰ্চিনে কীভৰ ছেইণ্ট মাইকেল গীৰ্জাত বিবাহপাশত আবদ্ধ হয়৷ বিবাহ সম্পন্ন হোৱাৰ পাছতে স্থানীয় টেৰিটৰিয়েল ডিফেন্স চেণ্টাৰত যোগদান কৰে দুয়ো। দুয়োৰে বিবাহ সম্পন্ন হৈ থকাৰ সময়ত আকাশত এয়াৰ ষ্ট্ৰাইক চাইৰেন প্ৰতিধ্বনিত হৈছিল আৰু ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ ৰাজধানীত নিৰন্তৰ মিছাইল নিক্ষেপ কৰি আছিল। এনেকুৱা ভয়ংকৰ পৰিস্থিতিৰ মাজতে চিৰজীৱনৰ বাবে এক হোৱা দুই প্ৰেমিক-প্ৰেমিকাই কয়-‘‘এই সময় আমাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্ত, কিন্তু এতিয়া আমাৰ দেশ ভয়ংকৰ বিপদত পৰিছে। আমি আমাৰ দেশৰ বাবে যুঁজ দিবলৈ সংকল্পবদ্ধ। এই সময়ছোৱাত আমাৰ মৃত্যু হ’ব পাৰে, কিন্তু প্ৰথমে আমি দুয়ো এক হ’ব বিচাৰিছিলো।’ এতিয়া আমি দুয়ো এক হ’লো আৰু আমি দুয়ো একেলগে আমাৰ জন্মভূমিক সুৰক্ষা দিবলৈ ওলাই যাম।’’ উল্লেখ্য যে ২০১৯ চনত এটা প্ৰতিবাদৰ সময়ত ইৰয়ানা আৰিয়েভা আৰু চিয়াভেটোস্লাভ ফুৰ্চিনে ইজনে-সিজনক লগ পাইছিল আৰু তেতিয়াৰ পৰাই দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্কই গঢ় লয়।এই প্ৰেমিকযুগলে তেওঁলোকৰ বিয়াখন আকৰ্ষণীয়ভাৱে আয়োজনৰ পৰিকল্পনা কৰিছিল যদিও ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই সেই পৰিকল্পনা সফল হবলৈ নিদিলে। কিন্তু তাৰ মাজতো হাৰ নামানি আক্ৰমণ, যুদ্ধৰ মাজতে দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। বিয়া হৈ যোৱাৰ পাছত দুয়ো ডিফেন্স চেণ্টাৰত যোগদান কৰে আৰু যোগদানৰ পাছতেই হাতত ৰাইফল লৈ হাঁহিমুখে উঠা এই নৱ দম্পতীৰ ফটো সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। আৰু পঢ়কঃ শোকাৱহ পথ দুৰ্ঘটনাত অকালতে কৰুণ মৃত্যুক সাবটিলে অংশুমান গগৈয়ে  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক