--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত শংকিত সমগ্ৰ বিশ্বৰ জনতা। ভাৰততো এই শংকা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বহু লোকে এই যুদ্ধৰ বাবে অনাগত সময়ত খাৰুৱা তেলৰ অত্যাধিক মূল্য বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে। খাৰুৱা তেল ৰ দাম বৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰো দাম বৃদ্ধি পাব বুলি বহুতেই মন্তব্য কৰিছে। যিহেতু ৰাছিয়া আৰু ইউক্ৰেইন হৈছে বিশ্বব্যাপী খাৰুৱা তেলৰ মুখ্য যোগানকৰ্তা। বিশেষকৈ এছিয়া আৰু মধ্য প্ৰাচ্যৰ দেশসমূহত এই দুই ৰাষ্ট্ৰই খাৰুৱা তেল যোগান ধৰে। ৰাছিয়া হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ তেল উৎপাদক আৰু দ্বিতীয় সৰ্ববৃহৎ তেল ৰপ্তানিকৰ্তা। ভাৰত হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ তেল উপভোক্তা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ৮৫ শতাংশ পূৰণ কৰাৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰ কৰে। আমদানি কৰা তেল পেট্ৰ'ল, ডিজেল আৰু এলপিজিৰ দৰে সামগ্ৰীলৈ ৰূপান্তৰিত হয়। ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ হাৰৰ পৰিৱৰ্তন আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। সেয়ে এই দুই ৰাষ্ট্ৰৰ বিবাদত এতিয়া ভাৰতত হুৰাহুৰে বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ দাম। আনফালে ভাৰতত শস্য চপোৱাৰ সময়ত কৃষকসকলৰ দ্বাৰা ডিজেলৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি হয়। যি সাধাৰণতে পঞ্জাৱত এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হয়। ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ ফলত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ চিন্তা আৰম্ভ হোৱাৰ লগে লগে পঞ্জাৱৰ কৃষকসকলে আগন্তুক ঘেঁহু খেতিৰ বতৰৰ বাবে ইন্ধন জমা কৰিবলৈ তত্পৰ হৈ পৰা দেখা গৈছে। শনিবাৰে দক্ষিণ মালৱা অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ ফিলিং ষ্টেচনত ইন্ধন সংৰক্ষণ টেংকৰ সৈতে ট্ৰেক্টৰৰ দীঘলীয়া শাৰী দেখা গৈছিল। মন কৰিব লগীয়া যে ইন্ধনৰ মূল্য বৃদ্ধিয়ে উৎপাদন ব্যয়ৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়। কৃষকসকলৰ মাজত আতংকৰ আঁৰৰ এইটোৱেই কাৰণ। অৱশ্যে এতিয়ালৈ তেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত কোনো নিৰ্দেশনা বা খবৰ আহি পৰা নাই। পঞ্জাৱৰ কৃষকসকলৰ মাজত এয়া এটা অনুমানহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক