--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত শংকিত সমগ্ৰ বিশ্বৰ জনতা। ভাৰততো এই শংকা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বহু লোকে এই যুদ্ধৰ বাবে অনাগত সময়ত খাৰুৱা তেলৰ অত্যাধিক মূল্য বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে। খাৰুৱা তেল ৰ দাম বৃদ্ধিৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰো দাম বৃদ্ধি পাব বুলি বহুতেই মন্তব্য কৰিছে। যিহেতু ৰাছিয়া আৰু ইউক্ৰেইন হৈছে বিশ্বব্যাপী খাৰুৱা তেলৰ মুখ্য যোগানকৰ্তা। বিশেষকৈ এছিয়া আৰু মধ্য প্ৰাচ্যৰ দেশসমূহত এই দুই ৰাষ্ট্ৰই খাৰুৱা তেল যোগান ধৰে। ৰাছিয়া হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ তেল উৎপাদক আৰু দ্বিতীয় সৰ্ববৃহৎ তেল ৰপ্তানিকৰ্তা। ভাৰত হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ তেল উপভোক্তা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ ৮৫ শতাংশ পূৰণ কৰাৰ বাবে আমদানিৰ ওপৰত নিৰ্ভৰ কৰে। আমদানি কৰা তেল পেট্ৰ'ল, ডিজেল আৰু এলপিজিৰ দৰে সামগ্ৰীলৈ ৰূপান্তৰিত হয়। ভাৰতত পেট্ৰ'ল আৰু ডিজেলৰ হাৰৰ পৰিৱৰ্তন আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ দ্বাৰা প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। সেয়ে এই দুই ৰাষ্ট্ৰৰ বিবাদত এতিয়া ভাৰতত হুৰাহুৰে বৃদ্ধি পাব পাৰে খাৰুৱা তেলৰ দাম। আনফালে ভাৰতত শস্য চপোৱাৰ সময়ত কৃষকসকলৰ দ্বাৰা ডিজেলৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি হয়। যি সাধাৰণতে পঞ্জাৱত এপ্ৰিলৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হয়। ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ ফলত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ চিন্তা আৰম্ভ হোৱাৰ লগে লগে পঞ্জাৱৰ কৃষকসকলে আগন্তুক ঘেঁহু খেতিৰ বতৰৰ বাবে ইন্ধন জমা কৰিবলৈ তত্পৰ হৈ পৰা দেখা গৈছে। শনিবাৰে দক্ষিণ মালৱা অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ ফিলিং ষ্টেচনত ইন্ধন সংৰক্ষণ টেংকৰ সৈতে ট্ৰেক্টৰৰ দীঘলীয়া শাৰী দেখা গৈছিল। মন কৰিব লগীয়া যে ইন্ধনৰ মূল্য বৃদ্ধিয়ে উৎপাদন ব্যয়ৰ ওপৰত পোনপটীয়া প্ৰভাৱ পেলায়। কৃষকসকলৰ মাজত আতংকৰ আঁৰৰ এইটোৱেই কাৰণ। অৱশ্যে এতিয়ালৈ তেলৰ মূল্য বৃদ্ধি সন্দৰ্ভত কোনো নিৰ্দেশনা বা খবৰ আহি পৰা নাই। পঞ্জাৱৰ কৃষকসকলৰ মাজত এয়া এটা অনুমানহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে