--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কৰ’না সংকটে ব্যতিব্যস্ত কৰি কৰি ৰখা বিশ্বলৈ আন এক সংকট কঢ়িয়াই আনিলে ৰাছিয়াই। বৃহস্পতিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে অস্থিৰতা আৰু উদ্বেগৰ। এখন দেশে যেতিয়া যুদ্ধ ঘোষণা কৰে তাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতে পৰে। ৰাছিয়া ইউক্ৰেইন সংকটক লৈ আমেৰিকা তথা ইউৰোপীয় দেশসমূহেও বিশেষ আগ্ৰহ প্ৰকাশ কৰি অহাৰ পৰিপ্ৰেক্ষিতত এই যুদ্ধ দুখন দেশৰ মাজৰ সংঘাত নহয় বৰং ই এক গোলকীয় বিষয় হৈ পৰিছে আৰু ইয়াৰ কুফল সমগ্ৰ বিশ্বই ভুগিবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে। যুদ্ধই ইন্ধন, ঔষধ, খোৱা তেলৰ দামৰ পৰা টকাৰ মূল্যলৈ ভাৰতত প্ৰভাৱিত কৰিব। যুদ্ধৰ প্ৰভাৱতে ভাৰতত ভালেমান অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হোৱাটো নিশ্চিত হৈ পৰিছে। ইয়াৰ ভিতৰত শীৰ্ষত আছে পেট্ৰ’ল-ডিজেলৰ দাম। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধি হোৱাৰ লগে লগে ভাৰতত এই দুবিধ অত্যাৱশ্যকীয় ইন্ধনৰ দাম ব্যাপক হাৰত বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে। কেৱল এয়াই নহয়, প্ৰাকৃতিক গেছৰ দামো বৃদ্ধি পাব দেশত। বৃদ্ধি পাব খোৱাৰ উপযোগী তেলৰ দাম। যুদ্ধৰ ফলত দেশৰ নিৰ্মাণ আৰু আন্তঃগাথনি খণ্ড ব্যাপকভাৱে প্ৰভাৱিত হোৱাটো নিশ্চিত হৈ পৰিছে। কিয়নো লোহা, ষ্টীল আৰু প্লাষ্টিকৰ দাম এতিয়া বৃদ্ধি পাব। তদুপৰি ইনঅৰ্গেনিক কেমিকেলৰ দামো বৃদ্ধি পাব দেশত। বৃদ্ধি পাব ঔষধৰ দাম। স্বাস্থ্যখণ্ডত ব্যৱহৃত বিভিন্ন সা-সৰঞ্জামৰ দামো বৃদ্ধি পাব বুলি পূৰ্বানুমান কৰা হৈছে। আনহাতে চিকিৎসাবিজ্ঞান অধ্যয়নৰ খৰচো বৃদ্ধি পাব। উল্লেখ্য যে, দেশৰ ভালেমান শিক্ষাৰ্থীয়ে ইউক্ৰেইনত চিকিৎসাবিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিল। এইসকল শিক্ষাৰ্থীৰ জীৱনো এতিয়া অনিশ্চিত হৈ পৰিছে। তদুপৰি আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যে, টকাৰ মূল্যও এতিয়া হ্ৰাস পোৱাটো নিশ্চিত হৈ পৰিছে। ৰাছিয়াৰ সামৰিক অভিযানে ভাৰতক এনেদৰে প্ৰভাৱিত কৰাৰ আশংকাই এতিয়া নতুন প্ৰত্যাহ্বান সৃষ্টি কৰিছে।

সমগ্ৰ বিশ্বতে ব্যাপক হাৰত পেট্ৰ’ল ডিজেলৰ দৰে ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ আশংকা

উল্লেখ্য যে, ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ পাছতে, বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম ব্যাপক হাৰত বৃদ্ধি পাইছে আৰু ই শতকৰ ঘৰ অতিক্ৰম কৰিছে। প্ৰতি বেৰেল তেলত এই দাম এতিয়া হৈছেগৈ ১০১.৩৪ডলাৰ। ২০১৪চনৰ ছেপ্টেম্বৰ মাহৰ পাছত এয়াই সৰ্বাধিক দাম হিচাপে চিহ্নিত হৈছে। ইয়াকৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ বিশ্বতে ব্যাপক হাৰত পেট্ৰ’ল ডিজেলৰ দৰে ইন্ধনৰ দাম বৃদ্ধি হোৱাৰ আশংকা তীব্ৰ হৈ পৰিছে। ভাৰততো ইয়াৰ প্ৰত্যক্ষভাৱে পৰিব আৰু অহা মাহৰ পৰা পেট্ৰ’ল-ডিজেল অধিক দুৰ্মূল্য হৈ পৰিব দেশবাসীৰ বাবে। উল্লেখ্য যে, পুটিনৰ পূৰ্ণ পৰ্যায়ৰ যুদ্ধ ঘোষণাৰ পাছতে গোলকীয় শক্তি বিতৰণ প্ৰক্ৰিয়া ব্যাহত হৈ পৰাৰ আশংকা গাঢ় হৈ পৰিছে। উল্লেখ্য যে, ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন চহৰত আক্ৰমণ আৰম্ভ কৰি পূৰ্ণ পৰ্যায়ৰ যুদ্ধ ঘোষণা কৰিছে।বৃহস্পতিবাৰে দেশখনৰ পূ্ব প্ৰান্তত আক্ৰমণ সংঘটিত কৰিছে ৰাছিয়াই। নাটোৰ পূব প্ৰান্তলৈ অগ্ৰগতি প্ৰতিৰোধৰ দাবীৰ মাজতে এই পদক্ষেপ গ্ৰহণ কৰে পুটিনে। এই যুদ্ধৰ ফলত আধিপত্য বিস্তাৰৰ যুঁজখনত কোনে কিমানদূৰ অগ্ৰসৰ হ’ব পাৰে সেয়া অন্য এক বিষয় যদিও ইন্ধনৰ দৰে অত্যাৱশ্যকীয় সমগ্ৰীৰ যোগান ব্যাহত হৈ পৰাৰ জৰিয়তে সমগ্ৰ বিশ্বৰে স্বাভাৱিক গতি প্ৰবাহ ৰুদ্ধে হৈ পৰাৰ আশংকা তীব্ৰ হৈ পৰিছে। ৰাছিয়া হৈছে বিশ্বৰত দ্বিতীয় সৰ্বাধিক তেল উতপাদনকাৰী দেশ। তেওঁলোকে মূলতঃ ইউৰোপৰ বিভিন্ন শোধনাগাৰলৈ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ যোগান ধৰে। ইউৰোপলৈ হোৱা খাৰুৱা তেলৰ যোগানক ৩৫শতাংশলৈ যোগান ধৰে ৰাছিয়াই। কিন্তু যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে এই যোগান ব্যাহত হৈ পৰাৰ আশংকা গাঢ় হৈ পৰিছে। যাৰ বাবে খাৰুৱা তেলৰ দাম হোৰাহোৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক