--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধংদেহি ৰূপত আৰম্ভ হৈছে ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ। ইউক্ৰেনীয়সকলে ইতিমধ্যে ৰাছিয়াৰ পৰা দেশখন বচাবলৈ সাধাৰণ নাগৰিকেও সেনাবাহিনীৰ গোটত নাম ভৰ্তি কৰিছে। এইবাৰ, ইউক্ৰেইনৰ দুজন প্ৰাক্তন বক্সিং চেম্পিয়নে ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে পোনপটীয়াকৈ যুঁজ দিয়াৰ সিদ্ধান্ত লয়। তেওঁলোক হৈছে কিয়েভৰ বাসিন্দা ভিটালি ক্লিষ্ট্কো আৰু তেওঁৰ ভায়েক ভ্লাদিমিৰ (ৱালডিমাৰ)। তেওঁলোকৰ স্পষ্ট কথা, তেওঁলোকে দেশৰ নিৰাপত্তাৰ বাবে প্ৰয়োজন হ'লে অস্ত্ৰ গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ নকৰিব। বক্সিং ৰিংৰ অভিজ্ঞতাৰে এতিয়া, দুয়োজন বক্সাৰে যুদ্ধক্ষেত্ৰত নামিবলৈ সাজু হৈছে। ভিটালি কেৱল কিয়েভৰ বাসিন্দা নহয়, তেওঁ ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ মেয়ৰও। বৃহস্পতিবাৰে, তেওঁ ঘোষণা কৰে যে ৰাছিয়াৰ বাহিনীৰ আক্ৰমণ তেওঁলোকে সহ্য় কৰিব পৰা নাই। গতিকে দুয়োজন ভাতৃয়ে ইয়াৰ বিৰুদ্ধে থিয় হ'বলৈ সাজু। এই সন্দৰ্ভত ভিটালীয়ে কয়, "যুদ্ধ ইতিমধ্যে আৰম্ভ হৈছে, গতিকে আমাৰ আন কোনো বিকল্প নাই। মই ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবই লাগিব। ৫০ বছৰীয়া ভিটালীয়ে নিয়মীয়াকৈ ব্যায়াম কৰে। আনকি বৰ্তমান বয়সতো, তেওঁ যথেষ্ট শক্তিশালী। তেওঁ ২০১৪ তে কিয়েভৰ মেয়ৰ হৈছিল। একে সময়তে, ভিটালি কিয়েভ অসামৰিক ৰাজ্য প্ৰশাসনৰ মুৰব্বীও। দুয়োজন প্ৰাক্তন হেভিৱেট বক্সিং চেম্পিয়ন। ভিটালিৰ ভায়েক ভ্লাদিমিৰৰ বয়স এতিয়া ৪৫। দুয়োজন ভাতৃয়ে কয় যে আকৌ এবাৰ চহৰ আৰু দেশক বিদেশী আক্ৰমণৰ পৰা ৰক্ষা কৰিব লাগিব। ভিটালি আৰু ভ্লাদিমিৰে দৃঢ়তাৰে কয় যে, এই যুদ্ধত তেওঁলোক জিকিব। ইউক্ৰেইনৰ এনে পৰিস্থিতিৰ বাবে দুয়োজন বক্সাৰ ভাতৃয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক দোষাৰোপ কৰিছে। তেওঁ কয় যে "ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে লাভৰ বাবে নিজৰ স্বাৰ্থত যুদ্ধখন ব্যৱহাৰ কৰি আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ইতিমধ্যে স্পষ্ট কৰি দিছে যে তেওঁ ইউক্ৰেইন ধ্বংস কৰিব বিচাৰে, তাৰ বাবে ইউক্ৰেইনৰ ওপৰত মিছাইল নিক্ষেপ কৰা হৈছে। আমি আমাৰ স্বাধীনতা আৰু গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে যিমান সম্ভৱ যুঁজ অব্যাহত ৰাখিম। " ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি দেশৰ জনসাধাৰণৰ মাজত স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰতি থকা আগ্ৰহ দেখি এতিয়া উৎসাহিত। তেওঁ আগতে দেশবাসীক সেনাত যোগদান কৰিবলৈ আহ্বান জনাইছিল। এই অনুৰোধটো যেন এতিয়া যুদ্ধৰ সময়ত সঁহাৰি লাভ কৰিছে। বৰ্তমান ইউক্ৰেইনৰ সাধাৰণ নাগৰিকসকলে স্বেচ্ছাসেৱক হিচাপে সেনাত যোগদান কৰিছে। সেনাই ঘোষণা কৰিছে যে ১৮ ৰ পৰা ৬০ বছৰ বয়সৰ নাগৰিকে বিচাৰিলে সেনাত যোগদান কৰিব পাৰে। এই পৰিপ্ৰেক্ষিতত কেৱল ক্লিটস্কো ভাতৃসকলেই নহয়, আন বহুতো লোকে স্বতঃস্ফুতভাৱে ইউক্ৰেইনৰ কাষত থিয় দিবলৈ আগবাঢ়ি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক