--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মই পলাই যোৱা নাছিলো...", ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এটা ভিডিঅ'ৰ যোগেদি এই কথা প্ৰকাশ কৰিছে। ৰাছিয়াৰ চৰকাৰী স্পুটনিক সংবাদ সংস্থাই দাবী কৰিছে যে: "জেলেনস্কিয়ে কিয়েভ এৰিছে। তেওঁ বৰ্তমান ইউক্ৰেইনৰ আন এখন চহৰ লাভভেত বাস কৰি আছে। কালি ইউক্ৰেইনৰ পৰা জেলনেস্কিৰ প্ৰস্থানৰ খবৰ আহিছিল । অৱশ্যে, ইউনেস্কৰ ৰাষ্ট্ৰপ্ৰধানে এই দাবীক সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰে। তেওঁ সামাজিক মাধ্যম টুইটাৰত এটা ভিডিঅ' মুকলি কৰিছিল য'ত ৰাষ্ট্ৰপতিৰ লগতে আমোলা, বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিকো দেখা গৈছিল। সূত্ৰ অনুসৰি, ভিডিঅ'টো কিয়েভৰ বেংকোভা ষ্ট্ৰীটৰ। অৱশ্যে, ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে শনিবাৰে আবেলি কিয়েভ ত্যাগ কৰে। যদিও জেলেনস্কিয়ে দাবী কৰিছিল যে তেওঁ কোনো ধৰণে ৰাছিয়াৰ ওচৰত আত্মসৰ্মপণ কৰা নাই। তেওঁ কয়, "আমি আমাৰ দেশক পাৰ্যমানে সুৰক্ষা দিম। কাৰণ আমাৰ শক্তি বা সঁজুলি হৈছে আমাৰ সত্য, আমি সত্য পথত আছো, সেয়াই এদিন আমাক জয় কৰাব। সামাজিক মাধ্যমত বহুতো ভূল বাৰ্তা গৈছে। ৰাছিয়াৰ সকলো দাবী মিছা। ইফালে, নেডাৰলেণ্ডে ইউক্ৰেইনক ২০০ খন যুদ্ধবিমান ধ্বংসকাৰী ক্ষেপণাস্ত্ৰ প্ৰদান কৰিছে, জেলেনস্কিয়ে কয়। তেওঁ কৈছিল যে তেওঁ নেডাৰলেণ্ড আৰু ফ্ৰান্সৰ চৰকাৰৰ সৈতে সামৰিক সহযোগিতাৰ বিষয়ে আলোচনা কৰিছিল। জেলেনস্কিয়ে লিখিছিল, "অস্ত্ৰ-শস্ত্ৰকে ধৰি বিভিন্ন সামৰিক সঁজুলি ইউক্ৰেইনলৈ প্ৰেৰণ কৰা হৈছে। যুদ্ধ বিৰোধী মিত্ৰতাই কাম কৰিবলৈ আৰম্ভ কৰিছে। " ইফালে, ইউক্ৰেইনৰ সৈনিক ভিটালি স্কাকুন ভলোডিমিৰোভিচে দেশখনৰ স্বাৰ্থত নিজকে আত্মবলিদান দিয়ে। পুটিনৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনৰ দক্ষিণ অংশৰ এখন দলঙৰ মাজেৰে দেশখনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত, তেওঁ দলংখন ধ্বংস কৰিবলৈ মানৱ বোমা হিচাপে কাম কৰিছিল। তেওঁৰ এই ত্যাগক এতিয়া বিশ্বৰ মানুহে শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ