--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মই পলাই যোৱা নাছিলো...", ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এটা ভিডিঅ'ৰ যোগেদি এই কথা প্ৰকাশ কৰিছে। ৰাছিয়াৰ চৰকাৰী স্পুটনিক সংবাদ সংস্থাই দাবী কৰিছে যে: "জেলেনস্কিয়ে কিয়েভ এৰিছে। তেওঁ বৰ্তমান ইউক্ৰেইনৰ আন এখন চহৰ লাভভেত বাস কৰি আছে। কালি ইউক্ৰেইনৰ পৰা জেলনেস্কিৰ প্ৰস্থানৰ খবৰ আহিছিল । অৱশ্যে, ইউনেস্কৰ ৰাষ্ট্ৰপ্ৰধানে এই দাবীক সম্পূৰ্ণ ভিত্তিহীন বুলি মন্তব্য কৰে। তেওঁ সামাজিক মাধ্যম টুইটাৰত এটা ভিডিঅ' মুকলি কৰিছিল য'ত ৰাষ্ট্ৰপতিৰ লগতে আমোলা, বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিকো দেখা গৈছিল। সূত্ৰ অনুসৰি, ভিডিঅ'টো কিয়েভৰ বেংকোভা ষ্ট্ৰীটৰ। অৱশ্যে, ৰাছিয়াৰ সংবাদ মাধ্যমৰ মতে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে শনিবাৰে আবেলি কিয়েভ ত্যাগ কৰে। যদিও জেলেনস্কিয়ে দাবী কৰিছিল যে তেওঁ কোনো ধৰণে ৰাছিয়াৰ ওচৰত আত্মসৰ্মপণ কৰা নাই। তেওঁ কয়, "আমি আমাৰ দেশক পাৰ্যমানে সুৰক্ষা দিম। কাৰণ আমাৰ শক্তি বা সঁজুলি হৈছে আমাৰ সত্য, আমি সত্য পথত আছো, সেয়াই এদিন আমাক জয় কৰাব। সামাজিক মাধ্যমত বহুতো ভূল বাৰ্তা গৈছে। ৰাছিয়াৰ সকলো দাবী মিছা। ইফালে, নেডাৰলেণ্ডে ইউক্ৰেইনক ২০০ খন যুদ্ধবিমান ধ্বংসকাৰী ক্ষেপণাস্ত্ৰ প্ৰদান কৰিছে, জেলেনস্কিয়ে কয়। তেওঁ কৈছিল যে তেওঁ নেডাৰলেণ্ড আৰু ফ্ৰান্সৰ চৰকাৰৰ সৈতে সামৰিক সহযোগিতাৰ বিষয়ে আলোচনা কৰিছিল। জেলেনস্কিয়ে লিখিছিল, "অস্ত্ৰ-শস্ত্ৰকে ধৰি বিভিন্ন সামৰিক সঁজুলি ইউক্ৰেইনলৈ প্ৰেৰণ কৰা হৈছে। যুদ্ধ বিৰোধী মিত্ৰতাই কাম কৰিবলৈ আৰম্ভ কৰিছে। " ইফালে, ইউক্ৰেইনৰ সৈনিক ভিটালি স্কাকুন ভলোডিমিৰোভিচে দেশখনৰ স্বাৰ্থত নিজকে আত্মবলিদান দিয়ে। পুটিনৰ সামৰিক বাহিনীয়ে ইউক্ৰেইনৰ দক্ষিণ অংশৰ এখন দলঙৰ মাজেৰে দেশখনত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল। সেই সময়ত, তেওঁ দলংখন ধ্বংস কৰিবলৈ মানৱ বোমা হিচাপে কাম কৰিছিল। তেওঁৰ এই ত্যাগক এতিয়া বিশ্বৰ মানুহে শলাগ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক