--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ পৃথিৱীৰ বাবে সন্ত্ৰাসবাদৰ আন এটা নাম আছিল তালিবান। নৃশংস আৰু বৰ্বৰতাৰ আন এটা নাম আছিল তালিবান। আজিও সেই অপবাদ মূৰৰ পৰা আঁতৰ হোৱা নাই। নৃশংস শাস্তিক সেয়ে আজিও কোৱা হয় তালিবানী শাস্তি বুলিয়েই। কিন্তু চৰকাৰ গঠন কৰি তালিবানে সংশোধন কৰিছে নিজকে। পূৰ্বৰ সেই নৃশংসতা পৰিহাৰ কৰি শান্তিৰ পক্ষত থিয় দিছে তালিবান যুদ্ধই যেন আমনি কৰিছে তালিবানকো। যুদ্ধৰ নৃশংসতা আৰু বৰ্বৰতাত তালিবানৰ মন কুমলিছে। শুকুৰবাৰে তালিবান শাসনাধিস্থিত আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰিছে। বিবৃতিটোত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘটিত হোৱা যুদ্ধৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে আফগানিস্তান বৈদেশিক মন্ত্ৰালয়ে। বিবৃতিটোত উল্লেখ কৰিছে যে ‘আফগানিস্তানৰ ইছলামিক আমিৰাতে ইউক্ৰেইনৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু অসামৰিক লোকৰ হতাহত হোৱাৰ সম্ভাৱনাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। ইছলামিক আমিৰাতে দুয়োপক্ষৰ দ্বাৰা সংযম ৰখাৰ আহ্বান জনাইছে। সকলো পক্ষই হিংসাত্মক পৰিস্থিতি উদ্ভৱ কৰিব পৰা স্থিতি গ্ৰহণৰ পৰা বিৰত থাকিব লাগিব। আফগানিস্তানৰ ইছলামিক আমিৰাতে নিৰপেক্ষতা আৰু বৈদেশিক নীতিৰ সৈতে সংগতি ৰাখি সংঘৰ্ষৰ সৈতে জড়িত দুয়োপক্ষক আলোচনা আৰু শান্তিপূৰ্ণ উপায়েৰে সংকট সমাধান কৰিবলৈ আহ্বান জনাইছে। ইছলামিক আমিৰাতে ইউক্ৰেইনত আফগান শিক্ষাৰ্থী আৰু প্ৰব্ৰজনকাৰীসকলৰ জীৱন সুৰক্ষিত কৰাৰ প্ৰতি মনোযোগ দিবলৈ দুয়োপক্ষক আহ্বান জনাইছে।‘ তালিবানৰ এই বিবৃতিত বহুতেই ধন্যবাদসূচক মন্তব্য দিছে। কিন্তু সমান্তৰালকৈ বহুতেই তালিবানক বিশ্বাসত ল’ব পৰা নাই। সি যিয়েই নহওক, যুদ্ধৰ বিভীষিকাৰ মাজতে তালিবানৰ যুদ্ধবিৰোধী স্থিতি প্ৰসংশনীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক