--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ পৃথিৱীৰ বাবে সন্ত্ৰাসবাদৰ আন এটা নাম আছিল তালিবান। নৃশংস আৰু বৰ্বৰতাৰ আন এটা নাম আছিল তালিবান। আজিও সেই অপবাদ মূৰৰ পৰা আঁতৰ হোৱা নাই। নৃশংস শাস্তিক সেয়ে আজিও কোৱা হয় তালিবানী শাস্তি বুলিয়েই। কিন্তু চৰকাৰ গঠন কৰি তালিবানে সংশোধন কৰিছে নিজকে। পূৰ্বৰ সেই নৃশংসতা পৰিহাৰ কৰি শান্তিৰ পক্ষত থিয় দিছে তালিবান যুদ্ধই যেন আমনি কৰিছে তালিবানকো। যুদ্ধৰ নৃশংসতা আৰু বৰ্বৰতাত তালিবানৰ মন কুমলিছে। শুকুৰবাৰে তালিবান শাসনাধিস্থিত আফগানিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰিছে। বিবৃতিটোত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘটিত হোৱা যুদ্ধৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰিছে আফগানিস্তান বৈদেশিক মন্ত্ৰালয়ে। বিবৃতিটোত উল্লেখ কৰিছে যে ‘আফগানিস্তানৰ ইছলামিক আমিৰাতে ইউক্ৰেইনৰ পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু অসামৰিক লোকৰ হতাহত হোৱাৰ সম্ভাৱনাৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছে। ইছলামিক আমিৰাতে দুয়োপক্ষৰ দ্বাৰা সংযম ৰখাৰ আহ্বান জনাইছে। সকলো পক্ষই হিংসাত্মক পৰিস্থিতি উদ্ভৱ কৰিব পৰা স্থিতি গ্ৰহণৰ পৰা বিৰত থাকিব লাগিব। আফগানিস্তানৰ ইছলামিক আমিৰাতে নিৰপেক্ষতা আৰু বৈদেশিক নীতিৰ সৈতে সংগতি ৰাখি সংঘৰ্ষৰ সৈতে জড়িত দুয়োপক্ষক আলোচনা আৰু শান্তিপূৰ্ণ উপায়েৰে সংকট সমাধান কৰিবলৈ আহ্বান জনাইছে। ইছলামিক আমিৰাতে ইউক্ৰেইনত আফগান শিক্ষাৰ্থী আৰু প্ৰব্ৰজনকাৰীসকলৰ জীৱন সুৰক্ষিত কৰাৰ প্ৰতি মনোযোগ দিবলৈ দুয়োপক্ষক আহ্বান জনাইছে।‘ তালিবানৰ এই বিবৃতিত বহুতেই ধন্যবাদসূচক মন্তব্য দিছে। কিন্তু সমান্তৰালকৈ বহুতেই তালিবানক বিশ্বাসত ল’ব পৰা নাই। সি যিয়েই নহওক, যুদ্ধৰ বিভীষিকাৰ মাজতে তালিবানৰ যুদ্ধবিৰোধী স্থিতি প্ৰসংশনীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা