--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক আগ্ৰাসনে এতিয়া ব্যাপক ৰূপ ধাৰণ কৰিছে। ৰাছিয়াই সামৰিক দিশৰ ফালৰ পৰা তুলনামূলকভাৱে দুৰ্বল বুলি চিহ্নিত ইউক্ৰেইনৰ বিৰুদ্ধে খুব সহজে বিজয় অৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰিছিল যদিও প্ৰবল প্ৰত্যাক্ৰমণেৰে ৰাছিয়াৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে ইউক্ৰেইনে। সৰ্বশক্তি প্ৰয়োগ কৰিও ৰাজধানী কিয়েভ দখল কৰাত ব্যৰ্থ হৈছে ৰাছিয়া। সৈন্যবল, অস্ত্ৰবল সকলো কম হ’লেও প্ৰৱল দেশপ্ৰেমৰ বলেৰে যেন অদমনীয় হৈ উঠিছে ইউক্ৰেইন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ বিভিন্ন ভিডিঅ’ বাৰ্তাতে এই অদমনীয় দৃঢ়তা আৰু অবিচল দেশপ্ৰেম প্ৰকট হৈ পৰিছে। ৰাছিয়াৰ হাজাৰ হাজাৰ সৈন্যক বাধা দিবলৈ ৰাজপথত অস্ত্ৰ হাতত লৈ নামিছে সাধাৰণ জনতাও। আনকি নিৰস্ত্ৰ জনতায়ো ৰুছ আগ্ৰাসন প্ৰতিৰোধৰ বাবে মৰণ পণ যুঁজ কৰাৰ বহু উদাহৰণ দেখা পোৱা গৈছে যুদ্ধভূমিত। বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে, ৰাছিয়াই আক্ৰমণ কৰিব পাৰে বুলি দীৰ্ঘদিন ধৰি আশংকা কৰি প্ৰস্তুতি চলাই আছিল ইউক্ৰেইনে। যাৰ ফলত তেওঁলোকে এই প্ৰতিৰোধ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ইউক্ৰেইনৰ সৈন্য শক্তিক নতুন মাত্ৰা দিছে হাজাৰ হাজাৰ মহিলা যোদ্ধাই। শেহতীয়াকৈ হাতত অস্ত্ৰ লৈ যুদ্ধক্ষেত্ৰত নামি পৰা বহু সুন্দৰী ইউক্ৰেইনৰ যুৱতীৰ ছবি আৰু ভিডিঅ’ প্ৰচাৰ হৈছে। ৰাছিয়াৰ দৰে শক্তিশালী দেশৰ আক্ৰমণৰ আশংকা থকাৰ পৰিপ্ৰেক্ষিততে এইসকল মহিলাক বিশেষভাৱে সামৰিক প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তোলা হৈছিল বুলি প্ৰকাশ পাইছে। তেওঁলোক দেশখনৰ সৈন্যবল বৃদ্ধিত এতিয়া বিশেষভাৱে অৰহণা আগবঢ়াইছে। এক অসমৰ্থিত সূত্ৰই প্ৰকাশ কৰা মতে ইউক্ৰেইনৰ সেনাবাহিনীৰ ৩৬হাজাৰৰো অধিক মহিলা সৈনিকে এতিয়া যুদ্ধক্ষেত্ৰত নামি পৰিছে। তেওঁলোকে প্ৰৱল প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ সক্ষম হৈছে ৰুছ বাহিনীৰ ওচৰত। আকাশী আক্ৰমণেৰে দেশখনত ৰাছিয়াই ব্যাপক ক্ষয়-ক্ষতি কৰিছে যদিও ভূভাগেৰে তেওঁলোক বৰ আশাপ্ৰদভাৱে অগ্ৰসৰ হ’ব পৰা নাই আৰু কিয়েভ দখলৰ চেষ্টাতো বাৰে বাৰে ব্যৰ্থ হৈছে। ইউক্ৰেইনৰ কৌশলী প্ৰতিৰোধে ৰাছিয়াৰ ব্যাপক ক্ষতি সাধন কৰা বুলি প্ৰকাশ পাইছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰকাশ কৰা মতে, ৪,৫০০ৰো অধিক ৰুছ সৈন্যৰ মৃত্যু হৈছে ইউক্ৰেইনৰ ভূমিত। জেলেনস্কিকে ৰুছ সৈন্যসকলক প্ৰাণ লৈ আঁতৰি যোৱাৰ বাবেও আহ্বান জনাইছিল। অৰ্থাৎ মনোবলৰ দিশৰ পৰা এখোজ হ’লেও আগুৱাই আছে ইউক্ৰেইন। বিশ্বৰ সৰহসংখ্যক দেশৰ জনগণৰ আৱেগিক সমৰ্থনো আছে ইউক্ৰেইনৰ সৈতে। এই সকলোখিনিৰ লগতে ইউক্ৰেইনৰ মহিলা যোদ্ধাসকলো এতিয়া ৰাছিয়াৰ আগ্ৰাসনৰ বাটত বৃহৎ বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে আৰু ইউক্ৰেইনৰ জনগণৰ বাবে তেওঁলোক হৈ পৰিছে এক সকাহৰ বাৰ্তা। যুদ্ধক্ষেত্ৰৰ পৰা এগৰাকী মহিলা সৈনিকে প্ৰৱল প্ৰত্যয়েৰে কৰা ঘোষণা ‘সোনকালেই সকলো ঠিক হৈ যাব...’ অলপতে ভাইৰেল হৈ পৰিছিল। এই বাৰ্তাই ইউক্ৰেইনৰ জনগণৰ দেশপ্ৰেম আৰু আত্মবিশ্বাসকো তুলি ধৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ