--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত ছদিনে চলিছে নেৰানেপেৰা যুদ্ধ। ৰাছিয়াই সৰ্বশক্তিৰে আক্ৰমণ চলাইছে চুবুৰীয়া দেশখনত। ৰুছ সেনাৰ আগ্ৰাসন প্ৰতিৰোধ কৰাৰ বাবে ইউক্ৰেইনেও সৰ্বশক্তিৰে প্ৰতিৰোধ সংগ্ৰাম চলাই আছে। এই সংঘাতৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশে ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। এই যুদ্ধ যিহেতু ইউক্ৰেইনৰ ভূমিত হৈছে, সেয়ে স্বাভাৱিকতেই ইউক্ৰেইনে সন্মুখীন হোৱা বিপৰ্যয়ৰ হাৰ অতি বেছি। ইউক্ৰেইনৰ ৰাজধানী মহানগৰ কিয়েভ আৰু দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ৰাছিয়াই যি ব্যাপক আক্ৰমণ সংঘটিত কৰিছে তাৰ ফলত এই সুদৃশ্য মহানগৰ দুখন এতিয়া একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে। সাধাৰণ নাগৰিককে ধৰি প্ৰাণ গৈছে সহস্ৰাধিক সেনা জোৱানৰ। ৰাষ্ট্ৰসংঘই সদৰি কৰা মতে এতিয়ালৈ ১৬টি শিশু সহিতে ৩৫২জন অসামৰিক লোকৰ মৃত্যু হৈছে ৰুছ আক্ৰমণত। এই সংখ্যা আৰু অধিক বৃহৎ হোৱাৰ আশংকাও আছে। বিভিন্ন স্থানত অসামৰিক লোক আৰু আবাসিক ভৱনলৈ লক্ষ্য কৰি ৰাছিয়াই বোমা আৰু মিছাইল নিক্ষেপ কৰাৰ ফলত সাধাৰণ লোকৰ ক্ষতিৰ পৰিমাণ হৈছে অতি ব্যাপক।

কিয়েভৰ উত্তৰ প্ৰান্তত ৰুছ সৈন্যৰ ৬৪ কিলোমিটাৰ বিস্তৃত উপস্থিতি

দুয়ো দেশৰ মাজত শান্ত আলোচনা অব্যাহত থকাৰ মাজতে কিন্তু ৰাছিয়াই ইউক্ৰেইনত সামৰিক আগ্ৰাসন অধিক ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰকাশ পোৱা উপগ্ৰহীয় আলোকচিত্ৰত দেখা গৈছে যে, কিয়েভৰ উত্তৰ প্ৰান্তত ৰুছ সৈন্যৰ ৬৪ কিলোমিটাৰ বিস্তৃত উপস্থিতি। সৈন্যৰ এই বৃহৎ দল অগ্ৰসৰ হৈছে ৰাজধানী কিয়েভ অভিমুখে। সহস্ৰাধিক টোপ আৰু টেংক লৈ এই সৈন্যৰ দল অগ্ৰসৰ হৈছে কিয়েভত আগ্ৰাসন চলোৱাৰ বাবে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে অভিযোগ কৰা মতে বিগত পাঁচ দিনত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ৫৬টা ৰকেট আক্ৰমণ সংঘটিত কৰিছে। তদুপৰি ১১৩টা ক্ৰুজ মিছাইলেৰেও আক্ৰমণ চলোৱা হৈছে দেশখনত। মঙলবাৰে পুৱাৰ ভাগতে খাৰকিভত ৰুছ সৈন্যই এটা সামৰিক শিবিৰত চলোৱা আক্ৰমণত ৭০জন ইউক্ৰেইনৰ সৈন্য নিহত হৈছে। যুদ্ধৰ এই সময়ছোৱাত একেলগে ইমানসংখ্যক সৈনিকে প্ৰাণ হেৰুওৱাৰ এইটো আটাইতকৈ কৰুণ ঘটনা বুলি চিহ্নিত হৈছে।

চৰকাৰী ভৱনবোৰত এতিয়া চলোৱা হৈছে মিছাইল আক্ৰমণ

ইফালে, ৰাছিয়াই চুবুৰীয়া দেশখনত একপ্ৰকাৰ তচনচ কৰাৰ লক্ষ্য লৈয়েই যেন চলাই গৈছে তীব্ৰ আক্ৰমণ। ইউক্ৰেইনৰ বিভিন্ন চৰকাৰী ভৱনবোৰত এতিয়া চলোৱা হৈছে মিছাইল আক্ৰমণ। যাৰ ফলত নিমিষতে বিধ্বস্ত হৈ পৰিছে একো একোটা সুদৃশ্য ভৱন। নিষিদ্ধ ক্লাষ্টাৰ বোমা আৰু ভেকুৱাব বোমা ব্যৱহাৰ কৰি ৰাছিয়াই এই ধ্বংসলীলা চলাই আছে বুলি অভিযোগ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে। অৱশ্যে ৰাছিয়াই এই দাবী অস্বীকাৰ কৰিছে। ইফালে, ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণত ৪৫০০ৰো অধিক ৰুছ সৈন্যৰ মৃত্যু হোৱা বুলি দাবী কৰিছে দেশখনে। এই সম্পৰ্কে এতিয়ালৈ কোনো বিতং তথ্য পোহৰলৈ অহা নাই যদিও এই ৰক্তক্ষয়ী যুদ্ধত দুয়োপক্ষৰে যে ব্যাপক ক্ষতি হৈছে সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক