--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিগত ছদিনে চলিছে নেৰানেপেৰা যুদ্ধ। ৰাছিয়াই সৰ্বশক্তিৰে আক্ৰমণ চলাইছে চুবুৰীয়া দেশখনত। ৰুছ সেনাৰ আগ্ৰাসন প্ৰতিৰোধ কৰাৰ বাবে ইউক্ৰেইনেও সৰ্বশক্তিৰে প্ৰতিৰোধ সংগ্ৰাম চলাই আছে। এই সংঘাতৰ পৰিপ্ৰেক্ষিতত দুয়োখন দেশে ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে। এই যুদ্ধ যিহেতু ইউক্ৰেইনৰ ভূমিত হৈছে, সেয়ে স্বাভাৱিকতেই ইউক্ৰেইনে সন্মুখীন হোৱা বিপৰ্যয়ৰ হাৰ অতি বেছি। ইউক্ৰেইনৰ ৰাজধানী মহানগৰ কিয়েভ আৰু দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ৰাছিয়াই যি ব্যাপক আক্ৰমণ সংঘটিত কৰিছে তাৰ ফলত এই সুদৃশ্য মহানগৰ দুখন এতিয়া একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে। সাধাৰণ নাগৰিককে ধৰি প্ৰাণ গৈছে সহস্ৰাধিক সেনা জোৱানৰ। ৰাষ্ট্ৰসংঘই সদৰি কৰা মতে এতিয়ালৈ ১৬টি শিশু সহিতে ৩৫২জন অসামৰিক লোকৰ মৃত্যু হৈছে ৰুছ আক্ৰমণত। এই সংখ্যা আৰু অধিক বৃহৎ হোৱাৰ আশংকাও আছে। বিভিন্ন স্থানত অসামৰিক লোক আৰু আবাসিক ভৱনলৈ লক্ষ্য কৰি ৰাছিয়াই বোমা আৰু মিছাইল নিক্ষেপ কৰাৰ ফলত সাধাৰণ লোকৰ ক্ষতিৰ পৰিমাণ হৈছে অতি ব্যাপক।

কিয়েভৰ উত্তৰ প্ৰান্তত ৰুছ সৈন্যৰ ৬৪ কিলোমিটাৰ বিস্তৃত উপস্থিতি

দুয়ো দেশৰ মাজত শান্ত আলোচনা অব্যাহত থকাৰ মাজতে কিন্তু ৰাছিয়াই ইউক্ৰেইনত সামৰিক আগ্ৰাসন অধিক ব্যাপক কৰি তোলা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰকাশ পোৱা উপগ্ৰহীয় আলোকচিত্ৰত দেখা গৈছে যে, কিয়েভৰ উত্তৰ প্ৰান্তত ৰুছ সৈন্যৰ ৬৪ কিলোমিটাৰ বিস্তৃত উপস্থিতি। সৈন্যৰ এই বৃহৎ দল অগ্ৰসৰ হৈছে ৰাজধানী কিয়েভ অভিমুখে। সহস্ৰাধিক টোপ আৰু টেংক লৈ এই সৈন্যৰ দল অগ্ৰসৰ হৈছে কিয়েভত আগ্ৰাসন চলোৱাৰ বাবে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে অভিযোগ কৰা মতে বিগত পাঁচ দিনত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত ৫৬টা ৰকেট আক্ৰমণ সংঘটিত কৰিছে। তদুপৰি ১১৩টা ক্ৰুজ মিছাইলেৰেও আক্ৰমণ চলোৱা হৈছে দেশখনত। মঙলবাৰে পুৱাৰ ভাগতে খাৰকিভত ৰুছ সৈন্যই এটা সামৰিক শিবিৰত চলোৱা আক্ৰমণত ৭০জন ইউক্ৰেইনৰ সৈন্য নিহত হৈছে। যুদ্ধৰ এই সময়ছোৱাত একেলগে ইমানসংখ্যক সৈনিকে প্ৰাণ হেৰুওৱাৰ এইটো আটাইতকৈ কৰুণ ঘটনা বুলি চিহ্নিত হৈছে।

চৰকাৰী ভৱনবোৰত এতিয়া চলোৱা হৈছে মিছাইল আক্ৰমণ

ইফালে, ৰাছিয়াই চুবুৰীয়া দেশখনত একপ্ৰকাৰ তচনচ কৰাৰ লক্ষ্য লৈয়েই যেন চলাই গৈছে তীব্ৰ আক্ৰমণ। ইউক্ৰেইনৰ বিভিন্ন চৰকাৰী ভৱনবোৰত এতিয়া চলোৱা হৈছে মিছাইল আক্ৰমণ। যাৰ ফলত নিমিষতে বিধ্বস্ত হৈ পৰিছে একো একোটা সুদৃশ্য ভৱন। নিষিদ্ধ ক্লাষ্টাৰ বোমা আৰু ভেকুৱাব বোমা ব্যৱহাৰ কৰি ৰাছিয়াই এই ধ্বংসলীলা চলাই আছে বুলি অভিযোগ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে। অৱশ্যে ৰাছিয়াই এই দাবী অস্বীকাৰ কৰিছে। ইফালে, ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণত ৪৫০০ৰো অধিক ৰুছ সৈন্যৰ মৃত্যু হোৱা বুলি দাবী কৰিছে দেশখনে। এই সম্পৰ্কে এতিয়ালৈ কোনো বিতং তথ্য পোহৰলৈ অহা নাই যদিও এই ৰক্তক্ষয়ী যুদ্ধত দুয়োপক্ষৰে যে ব্যাপক ক্ষতি হৈছে সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক