--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে। এই যুদ্ধত মঙলবাৰে ইউক্ৰেইনত প্ৰাণ হেৰুৱালে কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰই। ইয়াৰ মাজতে ইউক্ৰেইনত থকা ভাৰতীয় ব্যৱসায়ী মনীষ দেৱে দাঙি ধৰিছে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ। ইউক্ৰেইনৰ ৰাজধানী কীয়েভত থকা তেওঁৰ ৰেষ্টুৰেণ্টখন ইউক্ৰেইন আৰু ভাৰতীয় নাগৰিকসকলক আশ্ৰয় প্ৰদান কৰাৰ বাবে তেওঁ মুকলি কৰি দিছে। ইউক্ৰেইনত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে গুজৰাটৰ মনীষ দেৱে আৰম্ভ কৰিছিল সাথিয়া নামৰ ৰেষ্টুৰেণ্টখন। এতিয়া কিয়েভবাসীৰ লগতে ভাৰতীয় লোকসকলৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল হৈ ৰেষ্টুৰেণ্টখন। বিমান আক্ৰমণ, গোলাবৰ্ষণৰ পৰা সুৰক্ষা বিচাৰি তালৈ আহিছে অনেক লোক। মনীষ দেৱে এটা বাৰ্তা পোষ্ট কৰি কৈছিল যে তেওঁৰ ৰেষ্টুৰেণ্টখন বেচমেণ্টত আছে আৰু জটিল পৰিস্থিতিত থাকিবলৈ এক সুৰক্ষিত স্থান। তেওঁ লিখিছিল "ভাৰতৰ মোৰ মৰমৰ বন্ধু বা ইউক্ৰেইনৰ যিকোনো নাগৰিক, আমাৰ ৰেষ্টুৰেণ্টখন বেচমেণ্টত আছে আৰু এই ভয়ানক পৰিস্থিতিত এয়া এক সুৰক্ষিত স্থান। যদি এই সময়ত থাকিবলৈ আপোনাৰ সঠিক সুৰক্ষিত স্থান নাই, অনুগ্ৰহ কৰি ইয়ালৈ আহক। আমি বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে আৰু আমাৰ সামৰ্থ্য অনুসৰি সকলোকে ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিম। ইউক্ৰেইনৰ সৈতে একত্ৰিত হৈ থিয় হওক।" ৰাছিয়ান সৈন্যৰ বোমাবৰ্ষণ, গুলীবৰ্ষণৰ পৰা বাচিবৰ বাবে এতিয়া বহু ভাৰতীয় নাগৰিকৰ লগতে ইউক্ৰেইনৰ নাগৰিকে আহি মনীষৰ ৰেষ্টুৰেণ্টৰ তলত থকা বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছে। উল্লেখ্য যে মনীষ দেৱে কেইমাহমান আগতহে ৰেষ্টুৰেণ্টখনৰ কাম কৰা আৰম্ভ কৰিছিল আৰু ৰেষ্টুৰেণ্টখন জানুৱাৰীত মুকলি কৰা হৈছিল। ৰেষ্টুৰেণ্টখন ভালকৈ চলিবলৈ আৰম্ভ কৰাৰ সময়তে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হয় যাৰবাবে এতিয়া মনীষ দেৱে নিজৰ সাধ্যনুসৰি বিপদগ্ৰস্ত লোকসকলক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে। ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইনক সহায় কৰিবলৈ আগবাঢ়ি অহা ভাৰতীয় ব্যৱসায়ী মনীষৰ এই মহানুভৱতা তথা মানৱীয়তাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। আৰু পঢ়কঃ শিকলিৰে বন্ধা ‘বন্ধু’ৰ সৈতে ফটো উঠি বিপদত মোহময়ী অভিনেত্ৰী! যাব পাৰে জে’ললৈ..

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক