--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে। এই যুদ্ধত মঙলবাৰে ইউক্ৰেইনত প্ৰাণ হেৰুৱালে কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰই। ইয়াৰ মাজতে ইউক্ৰেইনত থকা ভাৰতীয় ব্যৱসায়ী মনীষ দেৱে দাঙি ধৰিছে মানৱীয়তাৰ উৎকৃষ্ট উদাহৰণ। ইউক্ৰেইনৰ ৰাজধানী কীয়েভত থকা তেওঁৰ ৰেষ্টুৰেণ্টখন ইউক্ৰেইন আৰু ভাৰতীয় নাগৰিকসকলক আশ্ৰয় প্ৰদান কৰাৰ বাবে তেওঁ মুকলি কৰি দিছে। ইউক্ৰেইনত অধ্যয়ন কৰি থকা ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে গুজৰাটৰ মনীষ দেৱে আৰম্ভ কৰিছিল সাথিয়া নামৰ ৰেষ্টুৰেণ্টখন। এতিয়া কিয়েভবাসীৰ লগতে ভাৰতীয় লোকসকলৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল হৈ ৰেষ্টুৰেণ্টখন। বিমান আক্ৰমণ, গোলাবৰ্ষণৰ পৰা সুৰক্ষা বিচাৰি তালৈ আহিছে অনেক লোক। মনীষ দেৱে এটা বাৰ্তা পোষ্ট কৰি কৈছিল যে তেওঁৰ ৰেষ্টুৰেণ্টখন বেচমেণ্টত আছে আৰু জটিল পৰিস্থিতিত থাকিবলৈ এক সুৰক্ষিত স্থান। তেওঁ লিখিছিল "ভাৰতৰ মোৰ মৰমৰ বন্ধু বা ইউক্ৰেইনৰ যিকোনো নাগৰিক, আমাৰ ৰেষ্টুৰেণ্টখন বেচমেণ্টত আছে আৰু এই ভয়ানক পৰিস্থিতিত এয়া এক সুৰক্ষিত স্থান। যদি এই সময়ত থাকিবলৈ আপোনাৰ সঠিক সুৰক্ষিত স্থান নাই, অনুগ্ৰহ কৰি ইয়ালৈ আহক। আমি বিনামূলীয়া খাদ্যৰ ব্যৱস্থা কৰাৰ লগতে আৰু আমাৰ সামৰ্থ্য অনুসৰি সকলোকে ৰাখিবলৈ যথাসাধ্য চেষ্টা কৰিম। ইউক্ৰেইনৰ সৈতে একত্ৰিত হৈ থিয় হওক।" ৰাছিয়ান সৈন্যৰ বোমাবৰ্ষণ, গুলীবৰ্ষণৰ পৰা বাচিবৰ বাবে এতিয়া বহু ভাৰতীয় নাগৰিকৰ লগতে ইউক্ৰেইনৰ নাগৰিকে আহি মনীষৰ ৰেষ্টুৰেণ্টৰ তলত থকা বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছে। উল্লেখ্য যে মনীষ দেৱে কেইমাহমান আগতহে ৰেষ্টুৰেণ্টখনৰ কাম কৰা আৰম্ভ কৰিছিল আৰু ৰেষ্টুৰেণ্টখন জানুৱাৰীত মুকলি কৰা হৈছিল। ৰেষ্টুৰেণ্টখন ভালকৈ চলিবলৈ আৰম্ভ কৰাৰ সময়তে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হয় যাৰবাবে এতিয়া মনীষ দেৱে নিজৰ সাধ্যনুসৰি বিপদগ্ৰস্ত লোকসকলক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে। ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইনক সহায় কৰিবলৈ আগবাঢ়ি অহা ভাৰতীয় ব্যৱসায়ী মনীষৰ এই মহানুভৱতা তথা মানৱীয়তাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছে। আৰু পঢ়কঃ শিকলিৰে বন্ধা ‘বন্ধু’ৰ সৈতে ফটো উঠি বিপদত মোহময়ী অভিনেত্ৰী! যাব পাৰে জে’ললৈ..
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
তৎকাল টিকট বুকিঙৰ নিয়ম সলনি: ১ জুলাইৰ পৰা IRCTC একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত