--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া-ইউক্ৰেইনৰ মাজৰ সংঘাতে সমগ্ৰ বিশ্বকে আলোড়িত কৰি ৰাখিছে৷ দুই ৰাষ্ট্ৰৰ সংঘাতৰ পৰিণতিত ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ নাগৰিক৷ পিছে, এদিনতে এই যুদ্ধৰ পটভূমি ৰচিত হোৱা নাছিল৷ শেহতীয়া এই যুদ্ধৰ প্ৰেক্ষাপটৰ আছে এক দীঘলীয়া ইতিহাস৷ পূৰ্বতে ছোভিয়েট সংঘত মিত্ৰৰাষ্ট্ৰৰূপে পৰিচিত আছিল ৰাছিয়া আৰু ইউক্ৰেইন৷ ১৯৯১লৈ ছোভিয়েট সংঘৰ অন্তৰ্গত আছিল ইউক্ৰেইন৷ পোনতে ২০১৩ৰ নৱেম্বৰত সংঘাত আৰম্ভ হয় ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত৷ সেই সময়ত ৰাছিয়া সমৰ্থিত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভিক্টৰ ইউনাক’ভিচৰ বিৰুদ্ধে ৰাজধানী চহৰ কিয়েভত বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল৷ আমেৰিকা-ব্ৰিটেইন সমৰ্থিত বিক্ষোভকাৰীৰ বাবেই ২০১৪ত দেশ এৰি পলায়ন কৰিছিল ৰাষ্ট্ৰপতিগৰাকী৷ তাতেই খৰ্গহস্ত হৈ পৰিছিল ৰাছিয়া৷   পৰৱৰ্তী সময়ত তাৰেই প্ৰতিক্ৰিয়াস্বৰূপে দক্ষিণ ইউক্ৰেইনৰ ক্ৰিমিয়া প্ৰদেশত নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰিব বিচাৰিছিল ৰাছিয়াই৷ ইয়াৰ পাছতে ক্ৰিমিয়াত বিদ্ৰোহীসকলক সমৰ্থন দিয়া আৰম্ভ কৰিছিল ৰুছ বাহিনীয়ে৷ এসময়ৰ মিত্ৰশক্তি ৰাষ্ট্ৰখনৰ বিৰুদ্ধে ৰাছিয়াই আৰম্ভ কৰিবলৈ ল’লে অভিযান৷ কিন্তু, কিহৰ বাবে এই সামৰিক অভিযান চলাবলগীয়া হ’ল ৰাছিয়াই? এসময়ৰ মিত্ৰশক্তি কেনেকৈ হৈ পৰিল শত্ৰুপক্ষত পৰিণত? ইউক্ৰেইন-ৰাছিয়াৰ মাজত ঘটকৰ কাম কৰিছে নেকি আমেৰিকাই? ৰাছিয়াক উচতনি দি ইউক্ৰেইনক বিপৰ্যয়ৰ মাজলৈ ঠেলি দি ৰং চাইছে নেকি আমেৰিকাই? যুদ্ধৰ সমান্তৰালভাৱে এই প্ৰশ্নবোৰো এতিয়া উত্থাপিত হৈছে৷   তথ্য আৰু ইতিহাসে কয়, দুয়ো দেশৰ মাজৰ সংঘাতৰ আঁৰত আছে আমেৰিকাৰ উচতনিমূলক ভূমিকা। ইউক্ৰেইনৰ দৰে এখন সৰু দেশক আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে উচতাই সংকটৰ সময়ত সংগ এৰা দিয়া নীতিৰ বাবেই এনে চৰম পৰিণতিৰ সৃষ্টি হৈছে। ২০১৩ৰ বিক্ষোভৰ পাছত ২০১৫ত বিবদমান ডনবাছত শান্তি ঘূৰাই অনাৰ বাবে মিনস্ক প্ৰট’কল স্বাক্ষৰিত হয় যদিও সংঘাত আৰু অস্থিৰতা অব্যাহত থাকে দুয়োখন দেশ দুখনৰ মাজত। ইয়াৰ মাজতে আমেৰিকা আৰু ব্ৰিটেইন নেতৃত্বাধীন নাটো বাহিনীয়ে ইউক্ৰেইনক সহায় কৰাক লৈ দেশ দুখনৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰে।   আমেৰিকা আৰু নাটো বাহিনীয়ে পৰিকল্পিতভাৱে ৰাছিয়াৰ সীমান্তত বিগত তিনিটা বছৰত ইউক্ৰেইনক লৈ কেইবাটাও সামৰিক অনুশীলন কৰাৰ লগতে ইউক্ৰেইনক নাটোৰ সদস্য পদ দিবলৈ ব্লুপ্ৰিণ্ট ৰচিছিল৷ উদ্দেশ্য আছিল ৰাছিয়াক নিয়ন্ত্ৰণলৈ অনা৷ আমেৰিকাই ইউক্ৰেইনক নাটো বাহিনীত অন্তৰ্ভুক্ত কৰিবলৈ লোৱাৰ উদ্দেশ্য তিনিটা৷ প্ৰথম: ইউৰোপত যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰি আমেৰিকাই ইউক্ৰেইনসহ অন্যান্য ৰাষ্ট্ৰসমূহলৈ বিক্ৰী কৰিব বিচাৰিছিল যুদ্ধাস্ত্ৰ৷ দ্বিতীয়টো কাৰণ হৈছে ইউক্ৰেইনত যুদ্ধৰ সৃষ্টি কৰি আমেৰিকাই প্ৰতিষ্ঠা কৰিব বিচাৰিছিল হাইড্ৰ’কাৰ্বন আৰু পেট্ৰ’লিয়ামৰ এখন বিশাল সাম্ৰাজ্য৷ তৃতীয়টো কাৰণ ৰাজনৈতিক৷ আমেৰিকাই পূৰ্বে ছোভিয়েট ইউনিয়নৰ অংগৰাজ্য হিচাপে থকা ইউক্ৰেইনত ঘাটি পাতি লৈ ৰাছিয়াক পণবন্দী কৰি নিজৰ সাম্ৰাজ্যবাদ বিস্তাৰ কৰিব বিচাৰিছিল৷ এই উদ্দেশ্য সমুখত ৰাখিয়েই আমেৰিকাই ইউক্ৰেইনক আগুৱাই দি কণ্ট্ৰ’ল কৰিব বিচাৰিছিল যুদ্ধৰ ৰিমোট৷   নাটোৰ সহযোগিতা গ্ৰহণেৰে ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে কুচকাৱাজ কৰিবলৈ কৰা প্ৰচেষ্টাত আমেৰিকা-ব্ৰিটেইনৰ সাম্ৰাজ্যবাদী মানসিকতাক কাষ চপাই অনাৰ বিৰুদ্ধে জাগ্ৰত হৈ উঠে ৰাছিয়া। যাৰ পৰিণতিতে এতিয়া বিশ্ববাসী সাক্ষী হৈছে ইউক্ৰেইন-ৰাছিয়া সংঘাতৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক