--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঋণক লৈ পুনৰ নাগৰিক সমাজৰ ক্ষোভৰ বলি হৈছে পাকিস্তান চৰকাৰ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ঋণৰ এটা নতুন অংশ মোকলাই দিয়াৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশখনৰ নাগৰিক সমাজত। ইটোৰ পাছত সিটো ঋণ লোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে দেশ খনৰ নাগৰিক সমাজ। আজি দেশখনৰ সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে। ‘ইছলাম খবৰ’ নামৰ সংবাদ পত্ৰখনত প্ৰকাশ পোৱা মতে চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনাৰ দিশত হোৱা ত্ৰুটী আৰু বিদেশী পুঁজিৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হোৱাৰ বাবে সাধাৰণ নাগৰিকৰ চৰকাৰৰ প্ৰতি আস্থা ব্যাপকভাৱে নাইকিয়া হৈছে। পাকিস্তানৰ বিত্তমন্ত্ৰী সৌকত তাৰিনে আইএমএফৰ ঋণৰ ৬ষ্ঠটো অংশ মোকলাই দিয়াৰ কথা ঘোষণা কৰাৰ পাছতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় দেশত।  তাৰিনে টুইটযোগে সদৰি কৰিছিল যে, ‘মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে, আইএমএফ ব’ৰ্ডে পাকিস্তানৰ প্ৰতি সহযোগিতাৰ ৬ষ্ঠ অংশ মোকলাই দিছে।’ তেওঁৰ এই টুইটক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভালেসংখ্যক লোকে। দেশ ৰ বিত্তমন্ত্ৰীয়ে আইএমএফৰ ঋণৰ নতুন অংশ লাভক লৈ আনন্দ প্ৰকাশ কৰাটো অতি আশ্বৰ্যকৰ আৰু গৰিহনাযোগ্য কাম চিহ্নিত হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে সংবাদ পত্ৰখনত। আন এখন কাকতৰ সম্পাদকীয়ত পাকিস্তানৰ অর্থনৈতিক অস্থিৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পাকিস্তানেই হয়তো একমাত্ৰ এনে এখন পাৰমানৱিক শক্তিধৰ দেশ যিয়ে দৈনন্দিন প্ৰয়োজন পূৰাবলৈও ঋণ লোৱা তথা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বৰঙণিৰ বাবে হাত পাতি আহিছে। এই প্ৰক্ৰিয়া দশকৰ পাছত দশক ধৰি চলি আছে। বিভিন্ন চৰ্তসাপেক্ষে আইএমএফ-এ শেহতীয়াকৈ পাকিস্তানলৈ মোকলাই দিছে ১ বিলিয়ন মাৰ্কিন ডলাৰ। যিবোৰ চৰ্ত পূৰণ কৰিবলৈ যাওতে পাকিস্তানক ইন্ধন আৰু অন্যান্য শক্তিৰ দাম ঐতিহাসিকভাৱে বৃদ্ধি পাইছে। আইএমএফ-এ পাকিস্তানৰ বাবে অনুমোদন জনোৱা ৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পেকেজৰ এটা অংশ হৈছে এই ১ বিলিয়ন ডলাৰৰ ঋণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা