--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ঋণক লৈ পুনৰ নাগৰিক সমাজৰ ক্ষোভৰ বলি হৈছে পাকিস্তান চৰকাৰ। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ পৰা ঋণৰ এটা নতুন অংশ মোকলাই দিয়াৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দেশখনৰ নাগৰিক সমাজত। ইটোৰ পাছত সিটো ঋণ লোৱাক লৈ ক্ষুব্ধ হৈ পৰিছে দেশ খনৰ নাগৰিক সমাজ। আজি দেশখনৰ সংবাদ মাধ্যমত এই কথা প্ৰকাশ পাইছে। ‘ইছলাম খবৰ’ নামৰ সংবাদ পত্ৰখনত প্ৰকাশ পোৱা মতে চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনাৰ দিশত হোৱা ত্ৰুটী আৰু বিদেশী পুঁজিৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হোৱাৰ বাবে সাধাৰণ নাগৰিকৰ চৰকাৰৰ প্ৰতি আস্থা ব্যাপকভাৱে নাইকিয়া হৈছে। পাকিস্তানৰ বিত্তমন্ত্ৰী সৌকত তাৰিনে আইএমএফৰ ঋণৰ ৬ষ্ঠটো অংশ মোকলাই দিয়াৰ কথা ঘোষণা কৰাৰ পাছতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় দেশত।  তাৰিনে টুইটযোগে সদৰি কৰিছিল যে, ‘মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে, আইএমএফ ব’ৰ্ডে পাকিস্তানৰ প্ৰতি সহযোগিতাৰ ৬ষ্ঠ অংশ মোকলাই দিছে।’ তেওঁৰ এই টুইটক লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভালেসংখ্যক লোকে। দেশ ৰ বিত্তমন্ত্ৰীয়ে আইএমএফৰ ঋণৰ নতুন অংশ লাভক লৈ আনন্দ প্ৰকাশ কৰাটো অতি আশ্বৰ্যকৰ আৰু গৰিহনাযোগ্য কাম চিহ্নিত হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে সংবাদ পত্ৰখনত। আন এখন কাকতৰ সম্পাদকীয়ত পাকিস্তানৰ অর্থনৈতিক অস্থিৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, পাকিস্তানেই হয়তো একমাত্ৰ এনে এখন পাৰমানৱিক শক্তিধৰ দেশ যিয়ে দৈনন্দিন প্ৰয়োজন পূৰাবলৈও ঋণ লোৱা তথা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বৰঙণিৰ বাবে হাত পাতি আহিছে। এই প্ৰক্ৰিয়া দশকৰ পাছত দশক ধৰি চলি আছে। বিভিন্ন চৰ্তসাপেক্ষে আইএমএফ-এ শেহতীয়াকৈ পাকিস্তানলৈ মোকলাই দিছে ১ বিলিয়ন মাৰ্কিন ডলাৰ। যিবোৰ চৰ্ত পূৰণ কৰিবলৈ যাওতে পাকিস্তানক ইন্ধন আৰু অন্যান্য শক্তিৰ দাম ঐতিহাসিকভাৱে বৃদ্ধি পাইছে। আইএমএফ-এ পাকিস্তানৰ বাবে অনুমোদন জনোৱা ৬ বিলিয়ন মাৰ্কিন ডলাৰৰ পেকেজৰ এটা অংশ হৈছে এই ১ বিলিয়ন ডলাৰৰ ঋণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক