--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'ধৰেণে জনম কেৱে এই মৰতত
শিলাময় কৰি তাৰ হিয়া
এয়ে মোৰ জন্ম বুলি মনে মনে
এবাৰো যি কোৱা নাই কিয়া?'
ইউক্ৰেইনত হোৱা ৰাছিয়াৰ ভয়ংকৰ সংঘৰ্ষৰ পাছত এখন ভাইৰেল ফটোৱে মনলৈ আনিছে পদ্মধৰ চলিহাৰ 'স্বদেশপ্ৰেম'ৰ কবিতাটি৷ 
বয়সে গৰকিছে ৮০ ৰ ঘৰ। দেশখন সংকটত; শক্ৰক ভেটা দিবলৈ সংকল্পবদ্ধ তেওঁ। হাতত এটা চুটকেছ লৈ তেওঁ পোনপটীয়াকৈ ইউক্ৰেইনৰ সেনা শিবিৰত উপস্থিত হ'ল। উদ্দেশ্য এটাই ৰাছিয়াৰ বিৰুদ্ধে দেশৰ হৈ যুঁজ দিব তেওঁ। হাতত বন্দুক লৈ দেশৰ শত্ৰুৰ চকুত চকু ৰাখিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই৷ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰাৰ পাছতেই দেশখনত চলিছিল ধ্বংসলীলা৷ ৰাছিয়াৰ গুলীবৰ্ষণ আৰু মিছাইল আক্ৰমণত ইউক্ৰেইনৰ শতাধিক সামৰিক-অসামৰিক লোকৰ মৃত্যু হয়৷ ইপিনে দেশখনৰ হকে যুঁজিবলৈ তথা বিপদৰ সময়ত দেশ এৰি নাযাবলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে নাগৰিকসকলক অনুৰোধ জনাইছিল৷ সেই মৰ্মে ২০ৰ পৰা ৬০ বছৰ বয়সৰ ইউক্ৰেইনৰ নাগৰিকসকলো যুদ্ধ ক্ষেত্ৰত নামী পৰিছিল দেশৰ হকে মৃত্যুবৰণ কৰিবলৈ৷ এনেতে ভাইৰেল হোৱা এখন ফটোই সকলোকে কৰি তোলে আৱেগিক৷ আচলতে লোকজনৰ বয়স আছিল ৮০ৰো উৰ্ধৰ৷ তেওঁৰ অন্তৰত থকা দেশ প্ৰেমে সকলোৰে হৃদয় চুই গৈছিল৷
ফটোখন শুকুৰবাৰে ইউক্ৰেইনৰ প্ৰাক্তন ফাৰ্ষ্টলেডী কেটৰিনা মাইখাইভানা য়ুশ্চেঙ্কোৱে শ্বেয়াৰ কৰিছিল। এই ছবিখন শ্বেয়াৰ কৰাৰ পিছত, তেওঁ লিখিছিল যে, এই ছবিখন তেওঁ নাতি-নাতিনীৰ বাবে ৰাখিছে। তেওঁ টুইটাৰত পোষ্টটোৰ শিৰোনাম দিছিল, 'এই ৮০ বছৰীয়া বৃদ্ধজনৰ এখন ফটো পোষ্ট কৰিছে। এটা সৰু চুটকেছ হাতত লৈ দেশৰ হকে যুঁজিবলৈ সেনাত যোগদান কৰিবলৈ গৈছে। তাত আছিল ২টা টি-চাৰ্ট, এযোৰ অতিৰিক্ত পেণ্ট, এটা টুথব্ৰাছ আৰু দুপৰীয়াৰ আহাৰৰ বাবে কেইটামান ছেণ্ডউইচ। তেওঁ কৈছিল যে তেওঁৰ নাতি-নাতিনীৰ বাবে এইসকলোবোৰ কৰি আছে।’
ফটোখন ক'ত তোলা হৈছিল সেয়া স্পষ্ট নহয়, কিন্তু ই এতিয়ালৈকে মাইক্ৰ'ব্লগিং ছাইটত ২.৪৮ লাখৰো অধিক লাইক লাভ কৰিছে আৰু ৩৯,০০০ টুইটাৰ ব্যৱহাৰকাৰীৰ দ্বাৰা শ্বেয়াৰ কৰিছে। লক্ষণীয়ভাৱে, ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কিয়েভৰ বাসিন্দাসকলক আক্ৰমণকাৰীসকলক প্ৰতিহত কৰিবলৈ পেট্ৰ'ল বোমা তৈয়াৰ কৰিবলৈ কৈছিল আৰু সাক্ষীসকলে শুকুৰবাৰে সন্ধিয়া চহৰখনৰ পশ্চিম অংশৰ পৰা আৰ্টিলাৰী ৰাউণ্ড আৰু তীব্ৰ গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক