--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'ধৰেণে জনম কেৱে এই মৰতত
শিলাময় কৰি তাৰ হিয়া
এয়ে মোৰ জন্ম বুলি মনে মনে
এবাৰো যি কোৱা নাই কিয়া?'
ইউক্ৰেইনত হোৱা ৰাছিয়াৰ ভয়ংকৰ সংঘৰ্ষৰ পাছত এখন ভাইৰেল ফটোৱে মনলৈ আনিছে পদ্মধৰ চলিহাৰ 'স্বদেশপ্ৰেম'ৰ কবিতাটি৷ 
বয়সে গৰকিছে ৮০ ৰ ঘৰ। দেশখন সংকটত; শক্ৰক ভেটা দিবলৈ সংকল্পবদ্ধ তেওঁ। হাতত এটা চুটকেছ লৈ তেওঁ পোনপটীয়াকৈ ইউক্ৰেইনৰ সেনা শিবিৰত উপস্থিত হ'ল। উদ্দেশ্য এটাই ৰাছিয়াৰ বিৰুদ্ধে দেশৰ হৈ যুঁজ দিব তেওঁ। হাতত বন্দুক লৈ দেশৰ শত্ৰুৰ চকুত চকু ৰাখিবলৈ তেওঁ কুণ্ঠাবোধ কৰা নাই৷ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধৰ ঘোষণা কৰাৰ পাছতেই দেশখনত চলিছিল ধ্বংসলীলা৷ ৰাছিয়াৰ গুলীবৰ্ষণ আৰু মিছাইল আক্ৰমণত ইউক্ৰেইনৰ শতাধিক সামৰিক-অসামৰিক লোকৰ মৃত্যু হয়৷ ইপিনে দেশখনৰ হকে যুঁজিবলৈ তথা বিপদৰ সময়ত দেশ এৰি নাযাবলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে নাগৰিকসকলক অনুৰোধ জনাইছিল৷ সেই মৰ্মে ২০ৰ পৰা ৬০ বছৰ বয়সৰ ইউক্ৰেইনৰ নাগৰিকসকলো যুদ্ধ ক্ষেত্ৰত নামী পৰিছিল দেশৰ হকে মৃত্যুবৰণ কৰিবলৈ৷ এনেতে ভাইৰেল হোৱা এখন ফটোই সকলোকে কৰি তোলে আৱেগিক৷ আচলতে লোকজনৰ বয়স আছিল ৮০ৰো উৰ্ধৰ৷ তেওঁৰ অন্তৰত থকা দেশ প্ৰেমে সকলোৰে হৃদয় চুই গৈছিল৷
ফটোখন শুকুৰবাৰে ইউক্ৰেইনৰ প্ৰাক্তন ফাৰ্ষ্টলেডী কেটৰিনা মাইখাইভানা য়ুশ্চেঙ্কোৱে শ্বেয়াৰ কৰিছিল। এই ছবিখন শ্বেয়াৰ কৰাৰ পিছত, তেওঁ লিখিছিল যে, এই ছবিখন তেওঁ নাতি-নাতিনীৰ বাবে ৰাখিছে। তেওঁ টুইটাৰত পোষ্টটোৰ শিৰোনাম দিছিল, 'এই ৮০ বছৰীয়া বৃদ্ধজনৰ এখন ফটো পোষ্ট কৰিছে। এটা সৰু চুটকেছ হাতত লৈ দেশৰ হকে যুঁজিবলৈ সেনাত যোগদান কৰিবলৈ গৈছে। তাত আছিল ২টা টি-চাৰ্ট, এযোৰ অতিৰিক্ত পেণ্ট, এটা টুথব্ৰাছ আৰু দুপৰীয়াৰ আহাৰৰ বাবে কেইটামান ছেণ্ডউইচ। তেওঁ কৈছিল যে তেওঁৰ নাতি-নাতিনীৰ বাবে এইসকলোবোৰ কৰি আছে।’
ফটোখন ক'ত তোলা হৈছিল সেয়া স্পষ্ট নহয়, কিন্তু ই এতিয়ালৈকে মাইক্ৰ'ব্লগিং ছাইটত ২.৪৮ লাখৰো অধিক লাইক লাভ কৰিছে আৰু ৩৯,০০০ টুইটাৰ ব্যৱহাৰকাৰীৰ দ্বাৰা শ্বেয়াৰ কৰিছে। লক্ষণীয়ভাৱে, ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কিয়েভৰ বাসিন্দাসকলক আক্ৰমণকাৰীসকলক প্ৰতিহত কৰিবলৈ পেট্ৰ'ল বোমা তৈয়াৰ কৰিবলৈ কৈছিল আৰু সাক্ষীসকলে শুকুৰবাৰে সন্ধিয়া চহৰখনৰ পশ্চিম অংশৰ পৰা আৰ্টিলাৰী ৰাউণ্ড আৰু তীব্ৰ গুলীবৰ্ষণৰ শব্দ শুনা গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা