--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ মাজতে, দেশত বাঢ়িল এলপিজি চিলিণ্ডাৰৰ মূল্য৷ তেল বিপণন কোম্পানীবোৰে দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০৫ টকা আৰু কলকাতাত ১০৮টকালৈ বৃদ্ধি কৰিছে। ৫ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্যও ২৭ টকালৈ বৃদ্ধি কৰা হৈছে। নতুন হাৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব।
১ মাৰ্চৰ পৰা দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০৫ টকাকৈ বৃদ্ধি কৰা হৈছে।
সংবাদ সংস্থা এএনআইয়ে জনোৱা অনুসৰি এই মূল্য বৃদ্ধিৰ হৈ, আজিৰ পৰা দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০১২ টকা আৰু কলকাতাত ২,০৯৫ টকা হ'বগৈ। যদিও ঘৰুৱা চিলিণ্ডাৰৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই, বহুতে আশা কৰে যে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্যও ৭ মাৰ্চৰ পাছত বৃদ্ধি পাব ৷ বৰ্তমান চৰকাৰে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত নোহোৱালৈ ঘৰুৱা চিলিণ্ডাৰ মূল্যত কোনো পৰিবৰ্তন নাহে বুলিও বহুতে মন্তব্য কৰে। ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৬ অক্টোবৰ ২০২১ ৰ পৰা অপৰিৱৰ্তিত হৈ আছে। অৱশ্যে, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ১ ফেব্ৰুৱাৰী, ২০২২-ৰ ভিতৰত, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৭০টকা বৃদ্ধি হৈছে। ১ অক্টোবৰত, দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ১,৭৩৬ টকা। নৱেম্বৰত ইয়াৰ মূল্য হয়গৈ ২,০০০টকা আৰু ডিচেম্বৰত বৃদ্ধি হৈ চিলিণ্ডাৰৰ মূল্য হৈছিল ২,১০১ টকা। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত মূল্য হ্ৰাস কৰা হৈ ১৯০৭ হয়গৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী