--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ মাজতে, দেশত বাঢ়িল এলপিজি চিলিণ্ডাৰৰ মূল্য৷ তেল বিপণন কোম্পানীবোৰে দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০৫ টকা আৰু কলকাতাত ১০৮টকালৈ বৃদ্ধি কৰিছে। ৫ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্যও ২৭ টকালৈ বৃদ্ধি কৰা হৈছে। নতুন হাৰ ১ মাৰ্চৰ পৰা কাৰ্যকৰী হ'ব।
১ মাৰ্চৰ পৰা দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ১০৫ টকাকৈ বৃদ্ধি কৰা হৈছে।
সংবাদ সংস্থা এএনআইয়ে জনোৱা অনুসৰি এই মূল্য বৃদ্ধিৰ হৈ, আজিৰ পৰা দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ২,০১২ টকা আৰু কলকাতাত ২,০৯৫ টকা হ'বগৈ। যদিও ঘৰুৱা চিলিণ্ডাৰৰ হাৰত কোনো পৰিৱৰ্তন হোৱা নাই, বহুতে আশা কৰে যে ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্যও ৭ মাৰ্চৰ পাছত বৃদ্ধি পাব ৷ বৰ্তমান চৰকাৰে উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত নোহোৱালৈ ঘৰুৱা চিলিণ্ডাৰ মূল্যত কোনো পৰিবৰ্তন নাহে বুলিও বহুতে মন্তব্য কৰে। ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ মূল্য ৬ অক্টোবৰ ২০২১ ৰ পৰা অপৰিৱৰ্তিত হৈ আছে। অৱশ্যে, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ১ ফেব্ৰুৱাৰী, ২০২২-ৰ ভিতৰত, বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৭০টকা বৃদ্ধি হৈছে। ১ অক্টোবৰত, দিল্লীত এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ১,৭৩৬ টকা। নৱেম্বৰত ইয়াৰ মূল্য হয়গৈ ২,০০০টকা আৰু ডিচেম্বৰত বৃদ্ধি হৈ চিলিণ্ডাৰৰ মূল্য হৈছিল ২,১০১ টকা। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত মূল্য হ্ৰাস কৰা হৈ ১৯০৭ হয়গৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন