--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহাশিৱৰাত্ৰি। আজি সকলো শিৱ মন্দিৰত ভগৱান শিৱক পূজা-অৰ্চনা কৰা হৈছে। শিৱভক্তৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে মন্দিৰসমূহত। আজি মহাদেৱ শিৱক বিভিন্ন ধৰণৰ ভোগ প্ৰদান কৰা হ'ব। শিৱৰাত্ৰিত ভগৱান শিৱক ভাঙৰ নৈবেদ্য আগবঢ়োৱা হয়। পুৰাণত উল্লেখ থকা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত ওলাই অহা বিহ শিৱই পান কৰিছিল। বিহপান কৰাৰ বাবে তেওঁৰ ডিঙি নীলা হৈ পৰিছিল, সেইবাবেই শিৱৰ আন এটা নাম নীলকণ্ঠ। এই বিহৰ জ্বালা কম কৰিবৰ বাবে তেওঁ কৈলাশ পৰ্বতলৈ গৈছিল আৰু ভাং সেৱন কৰিছিল। সেয়েহে শিৱ বাবাক বিশেষকৈ শিৱৰাত্ৰিত ভাং আগবঢ়োৱা হয় আৰু ইয়াৰ প্ৰসাদ জনসাধাৰণক বিতৰণ কৰা হয়।শিৱৰাত্ৰিত ভাঙৰ লাড়ু আৰু ঘোটা প্ৰসাদ হিচাপে প্ৰস্তুত কৰা হয়। আয়ুৰ্বেদত ভাঙক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। কিছুমান লোকে শিৱৰাত্ৰিৰ দিনা অধিক ভাং সেৱন কৰে, সেয়েহে তেওঁলোকৰ হেংঅ'ভাৰ হৈ যায়। সীমা পাৰ কৰি ভাং সেৱন কৰিলে ওকালি অহা, মূৰৰ বিষ আৰু ডিহাইড্ৰেচন হ'ব পাৰে। সেয়েহে ভাং সেৱন কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগে। ভাঙৰ নিচা বেছি হ'লে কেনেদৰে পৰিত্ৰাণ পাব পাৰি, জানো আহক- ১)নেমু পানীঃ ভাঙৰ নিচা দূৰ কৰিবলৈ নেমুজাতীয় ফল খোৱা উচিত। ভাঙৰ নিচা বেছি হ'লে নেমু পানী খাব পাৰে। নেমু ভিটামিন চি-ৰ এক অতি ভাল উৎস আৰু ই ভাঙৰ নিচা আঁতৰ কৰাত যথেষ্ট সহায় কৰে। ২)হাৰ্বেল টিঃ হাৰ্বেল টি বা ভেষজ চাহে ভাঙৰ নিচা দূৰ কৰাত যথেষ্ট সহায় কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে ভেষজ চাহত অতি কম পৰিমাণত কেফেইন পোৱা যায় আৰু ইয়াৰ এণ্টি-অক্সিডেণ্ট যথেষ্ট বেছি। ৩)আঁহযুক্ত খাদ্যঃ আঁহসমৃদ্ধ খাদ্যই ভাঙৰ হেংঅ'ভাৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে। সেয়েহে আঁহসমৃদ্ধ খাদ্য খোৱাটো যথেষ্ট উপকাৰী হিচাপে প্ৰমাণিত হ'ব পাৰে। ভাঙৰ নিচা হ্ৰাস কৰিবলৈ যিমান সম্ভৱ অধিক ফল আৰু পাচলি খাব। ৪)পানীঃ ভাঙ বেছিকৈ সেৱন কৰিলে শৰীৰ ডিহাইড্ৰেটেড হৈ পৰে, যাৰ ফলত মুৰৰ বিষ, ওকালি অহা আদি সমস্যা আৰম্ভ হয়। ইয়াক এৰাই চলিবলৈ অধিক পানী খাব যাতে এই সমস্যাটো এৰাই চলিব পৰা যায়। পানী অধিক খালে আপোনাৰ ভাঙৰ নিচা সোনকালে দূৰ হোৱাত সহায় হ'ব। ৫)আপোনাৰ পেট ভৰ্তি ৰাখিবঃ ভাঙৰ নিচা হ্ৰাস কৰিবলৈ পেট ভৰ্তি ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে স্বাস্থ্যকৰ খাদ্য আৰু কাৰ্ব' খাদ্য যেনে ভাত, ব্ৰাউন ব্ৰেড, ৰুটী আদি খাব। এই খাদ্য খালে ভাঙৰ নিচা সোনকালেই কমে। আৰু পঢ়কঃ গাড়ী চলাবলৈ শিকোতে দুৰ্ঘটনাত আহত ‘কাঁচা বাদাম’ শিল্পী ভুৱন বাদ্যকৰ! হাস্পতালত ভৰ্তি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ