--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহাশিৱৰাত্ৰি। আজি সকলো শিৱ মন্দিৰত ভগৱান শিৱক পূজা-অৰ্চনা কৰা হৈছে। শিৱভক্তৰ ব্যাপক ভিৰ দেখিবলৈ পোৱা গৈছে মন্দিৰসমূহত। আজি মহাদেৱ শিৱক বিভিন্ন ধৰণৰ ভোগ প্ৰদান কৰা হ'ব। শিৱৰাত্ৰিত ভগৱান শিৱক ভাঙৰ নৈবেদ্য আগবঢ়োৱা হয়। পুৰাণত উল্লেখ থকা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত ওলাই অহা বিহ শিৱই পান কৰিছিল। বিহপান কৰাৰ বাবে তেওঁৰ ডিঙি নীলা হৈ পৰিছিল, সেইবাবেই শিৱৰ আন এটা নাম নীলকণ্ঠ। এই বিহৰ জ্বালা কম কৰিবৰ বাবে তেওঁ কৈলাশ পৰ্বতলৈ গৈছিল আৰু ভাং সেৱন কৰিছিল। সেয়েহে শিৱ বাবাক বিশেষকৈ শিৱৰাত্ৰিত ভাং আগবঢ়োৱা হয় আৰু ইয়াৰ প্ৰসাদ জনসাধাৰণক বিতৰণ কৰা হয়।শিৱৰাত্ৰিত ভাঙৰ লাড়ু আৰু ঘোটা প্ৰসাদ হিচাপে প্ৰস্তুত কৰা হয়। আয়ুৰ্বেদত ভাঙক ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। কিছুমান লোকে শিৱৰাত্ৰিৰ দিনা অধিক ভাং সেৱন কৰে, সেয়েহে তেওঁলোকৰ হেংঅ'ভাৰ হৈ যায়। সীমা পাৰ কৰি ভাং সেৱন কৰিলে ওকালি অহা, মূৰৰ বিষ আৰু ডিহাইড্ৰেচন হ'ব পাৰে। সেয়েহে ভাং সেৱন কৰোঁতে সাৱধানতা অৱলম্বন কৰিব লাগে। ভাঙৰ নিচা বেছি হ'লে কেনেদৰে পৰিত্ৰাণ পাব পাৰি, জানো আহক- ১)নেমু পানীঃ ভাঙৰ নিচা দূৰ কৰিবলৈ নেমুজাতীয় ফল খোৱা উচিত। ভাঙৰ নিচা বেছি হ'লে নেমু পানী খাব পাৰে। নেমু ভিটামিন চি-ৰ এক অতি ভাল উৎস আৰু ই ভাঙৰ নিচা আঁতৰ কৰাত যথেষ্ট সহায় কৰে। ২)হাৰ্বেল টিঃ হাৰ্বেল টি বা ভেষজ চাহে ভাঙৰ নিচা দূৰ কৰাত যথেষ্ট সহায় কৰিব পাৰে। ইয়াৰ কাৰণ হৈছে ভেষজ চাহত অতি কম পৰিমাণত কেফেইন পোৱা যায় আৰু ইয়াৰ এণ্টি-অক্সিডেণ্ট যথেষ্ট বেছি। ৩)আঁহযুক্ত খাদ্যঃ আঁহসমৃদ্ধ খাদ্যই ভাঙৰ হেংঅ'ভাৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে। সেয়েহে আঁহসমৃদ্ধ খাদ্য খোৱাটো যথেষ্ট উপকাৰী হিচাপে প্ৰমাণিত হ'ব পাৰে। ভাঙৰ নিচা হ্ৰাস কৰিবলৈ যিমান সম্ভৱ অধিক ফল আৰু পাচলি খাব। ৪)পানীঃ ভাঙ বেছিকৈ সেৱন কৰিলে শৰীৰ ডিহাইড্ৰেটেড হৈ পৰে, যাৰ ফলত মুৰৰ বিষ, ওকালি অহা আদি সমস্যা আৰম্ভ হয়। ইয়াক এৰাই চলিবলৈ অধিক পানী খাব যাতে এই সমস্যাটো এৰাই চলিব পৰা যায়। পানী অধিক খালে আপোনাৰ ভাঙৰ নিচা সোনকালে দূৰ হোৱাত সহায় হ'ব। ৫)আপোনাৰ পেট ভৰ্তি ৰাখিবঃ ভাঙৰ নিচা হ্ৰাস কৰিবলৈ পেট ভৰ্তি ৰখাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে স্বাস্থ্যকৰ খাদ্য আৰু কাৰ্ব' খাদ্য যেনে ভাত, ব্ৰাউন ব্ৰেড, ৰুটী আদি খাব। এই খাদ্য খালে ভাঙৰ নিচা সোনকালেই কমে। আৰু পঢ়কঃ গাড়ী চলাবলৈ শিকোতে দুৰ্ঘটনাত আহত ‘কাঁচা বাদাম’ শিল্পী ভুৱন বাদ্যকৰ! হাস্পতালত ভৰ্তি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা