--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিসকলৰ মাজৰ এজন, যিজনে ইউক্ৰেইনৰ ওপৰত সামৰিক আক্ৰমণ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। তথ্য অনুসৰি, তেওঁৰ ৰাছিয়াৰ চৰকাৰে ইউক্ৰেইনৰ সৈতে যুদ্ধ চলাবলৈ দৈনিক ২০০ কোটি ডলাৰ ব্যয় কৰি আছে। অৱশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ইউক্ৰেইনৰ বিৰুদ্ধে ইমান আক্ৰমণাত্মক হোৱাৰ আন কিছুমান কাৰণো আছে বুলি বিভিন্ন মহলে দাবী কৰিছে। বিশেষকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানজনৰ নিজৰ দেশখনৰ ইমান জটিল পৰিস্থিতিত দৃঢ় আৰু আত্মবিশ্বাসী হৈ থকা কথাটোৱেই এক প্ৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে ৰাছিয়াৰ বাবে। ৰাছিয়াৰ সংবাদ মাধ্যমসমূহে কেইবাবাৰো দাবী কৰিছে যে যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে জেলেনস্কি দেশৰ পৰা পলাই গৈছিল। অৱশ্যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে সেই দাবী ভিত্তিহীন বুলি প্ৰমাণ কৰিবলৈ মুকলিকৈ ভিডিঅ সামাজিক মাধ্যমত । তেওঁ এটাৰ পাছত এটা ভিডিঅ' টুইটাৰত পোষ্ট কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰাৰ কোনো প্ৰশ্নই নাই। তেওঁ ৰাজধানী কিয়েভত এতিয়াও বাস কৰি আছে। ইয়াৰ পাছতে জেলেনস্কি ৰাতিটোৰ ভিতৰতে 'নায়ক'লৈ পৰিণত হৈছিল। আনহাতে, এতিয়া সমগ্ৰ বিশ্বতে পুটিনৰ বিৰুদ্ধে ক্ৰোধ বৃদ্ধি পাইছে। আনকি ৰাছিয়াৰ নাগৰিকৰ এটা অংশইও ৰাষ্ট্ৰপতিক সমালোচনা কৰিছে! একে সময়তে ছ'চিয়েল মিডিয়াত ৰাছিয়া বিৰোধী প্ৰচাৰো বৃদ্ধি পাইছে। এনেবোৰ ঘটনা ৰাছিয়া বা ইয়াৰ ৰাষ্ট্ৰপতিৰ বাবে ভাল খবৰ নহয় বুলি বিশেষজ্ঞই দাবী কৰিছে। পুটিনে যেন এতিয়া হতাশাত পৰিছে, যাৰ বাবে পুটিন যোৱা কেইদিন মানৰ পৰা মুকলিকৈ বাহিৰলৈ উলোৱা নাই! তেওঁ আনকি ইমান জটিল পৰিস্থিতিত ৰাষ্ট্ৰক সম্বোধন কৰাৰ কথা এবাৰো কোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে