--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিসকলৰ মাজৰ এজন, যিজনে ইউক্ৰেইনৰ ওপৰত সামৰিক আক্ৰমণ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। তথ্য অনুসৰি, তেওঁৰ ৰাছিয়াৰ চৰকাৰে ইউক্ৰেইনৰ সৈতে যুদ্ধ চলাবলৈ দৈনিক ২০০ কোটি ডলাৰ ব্যয় কৰি আছে। অৱশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ইউক্ৰেইনৰ বিৰুদ্ধে ইমান আক্ৰমণাত্মক হোৱাৰ আন কিছুমান কাৰণো আছে বুলি বিভিন্ন মহলে দাবী কৰিছে। বিশেষকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপ্ৰধানজনৰ নিজৰ দেশখনৰ ইমান জটিল পৰিস্থিতিত দৃঢ় আৰু আত্মবিশ্বাসী হৈ থকা কথাটোৱেই এক প্ৰকাৰৰ মূৰৰ কামোৰণি হৈ পৰিছে ৰাছিয়াৰ বাবে। ৰাছিয়াৰ সংবাদ মাধ্যমসমূহে কেইবাবাৰো দাবী কৰিছে যে যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে জেলেনস্কি দেশৰ পৰা পলাই গৈছিল। অৱশ্যে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে সেই দাবী ভিত্তিহীন বুলি প্ৰমাণ কৰিবলৈ মুকলিকৈ ভিডিঅ সামাজিক মাধ্যমত । তেওঁ এটাৰ পাছত এটা ভিডিঅ' টুইটাৰত পোষ্ট কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰাৰ কোনো প্ৰশ্নই নাই। তেওঁ ৰাজধানী কিয়েভত এতিয়াও বাস কৰি আছে। ইয়াৰ পাছতে জেলেনস্কি ৰাতিটোৰ ভিতৰতে 'নায়ক'লৈ পৰিণত হৈছিল। আনহাতে, এতিয়া সমগ্ৰ বিশ্বতে পুটিনৰ বিৰুদ্ধে ক্ৰোধ বৃদ্ধি পাইছে। আনকি ৰাছিয়াৰ নাগৰিকৰ এটা অংশইও ৰাষ্ট্ৰপতিক সমালোচনা কৰিছে! একে সময়তে ছ'চিয়েল মিডিয়াত ৰাছিয়া বিৰোধী প্ৰচাৰো বৃদ্ধি পাইছে। এনেবোৰ ঘটনা ৰাছিয়া বা ইয়াৰ ৰাষ্ট্ৰপতিৰ বাবে ভাল খবৰ নহয় বুলি বিশেষজ্ঞই দাবী কৰিছে। পুটিনে যেন এতিয়া হতাশাত পৰিছে, যাৰ বাবে পুটিন যোৱা কেইদিন মানৰ পৰা মুকলিকৈ বাহিৰলৈ উলোৱা নাই! তেওঁ আনকি ইমান জটিল পৰিস্থিতিত ৰাষ্ট্ৰক সম্বোধন কৰাৰ কথা এবাৰো কোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক