--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইনৰ আকাশত এতিয়া যুদ্ধৰ ডাৱৰ। চুবুৰীয়া দেশ ৰাছিয়াই দেশখনত তীব্ৰ সামৰিক আগ্ৰাসন চলোৱাৰ পাছতে সামৰিকভাৱে তুলনামূলকভাৱে দুৰ্বল ইউক্ৰেইন এতিয়া সংকটৰ গৰাহত পৰিছে। আশাপ্ৰদভাৱে আন্তঃৰাষ্ট্ৰীয় মহলৰ পৰা সহায়-সাহায্য লাভ কৰিবলৈ অসমৰ্থ হোৱা ইউক্ৰেইনে প্ৰাণপনে যুঁজ দিছে ৰাছিয়াৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে। কিন্তু দেশখনে বিশ্বৰ জনগণৰ সহমৰ্মিতা আদায়ত অসমৰ্থ হোৱা নাই। বিভিন্ন দেশৰ সাধাৰণ নাগৰিকে ইউক্ৰেইনক সমৰ্থন জনাইছে মুক্তকণ্ঠে। কূটনৈতিক কাৰণতে বিশ্বৰ কোনো দেশেই মুকলিকৈ এই যুদ্ধৰ প্ৰতি পোনপটীয়া সমৰ্থন বা বিৰোধিতা কৰা নাই যদিও এতিয়া ইউক্ৰেইন সংকটক লৈ বিশ্ব দুভাগত বিভক্ত হৈ পৰাটো স্পষ্ট হৈ পৰিছে। ভাৰতৰ দৰে একাধিক দেশে এতিয়াও দোদুল্যমান স্থিতিত আছে। কিন্তু বিশ্বৰ একাংশ লোকে ব্যক্তিগত পৰ্যায়ত ইউক্ৰেইনলৈ    সহায়ৰ হাত আগবঢ়াবলৈ অগ্ৰসৰ হৈছে। এইবাৰ জাপানৰ এগৰাকী ধনাঢ্য লোকে ইউক্ৰেইনলৈ বৃহৎ পৰিমাণৰ অৰ্থ সাহায্য আগবঢ়াইছে। জাপানৰ পুঁজিপতি হিৰোশ্বী মিকী মিকিটানীয়ে দেওবাৰে ঘোষণা কৰে যে, সংকটৰ গৰাহত পৰা ইউক্ৰেইনলৈ ৮.৭ নিযুত মাৰ্কিন ডলাৰৰ সাহায্য আগবঢ়াব। ৰাছিয়াৰ আগ্ৰাসনক গণতন্ত্ৰৰ প্ৰতি এক প্ৰত্যাহ্বান আখ্যা দি তেওঁ এই সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে। বৃহৎ ই-কমাৰ্ছ প্ৰতিষ্ঠান ‘ৰাকুতেন’ৰ প্ৰতিষ্ঠাতাগৰাকীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিলৈ লিখা এখন পত্ৰত তেওঁ উল্লেখ কৰে যে, যুদ্ধকালীন নিৰ্মমতাৰ চিকাৰ হোৱা ইউক্ৰেইনৰ জনগণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ তেওঁ ১ বিলিয়ন য়েন অৰ্থাৎ ৮.৭ নিযুত ডলাৰৰ সাহায্য আগবঢ়াব। মিকিটানীয়ে উল্লেখ কৰে যে, তেওঁ ২০১৯চনত কিয়েভ ভ্ৰমণ কৰিছিল আৰু ৰাষ্ট্ৰপতি জেলেনস্কিকো সাক্ষাৎ কৰিছিল। তেওঁৰ সমৰ্থন ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ইউক্ৰেইনৰ জনগণৰ সৈতে আছে বুলি তেওঁ মন্তব্য ঘোষণা কৰে। তেওঁ পত্ৰখনত লিখিছে যে, শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক ইউক্ৰেইনত ৰুছ সৈন্যৰ অনৈতিক আক্ৰমণ গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান। মই আন্তৰিকতাৰে আশা কৰোঁ যে, ৰাছিয়া আৰু ইউক্ৰেইনে তেওঁলোকৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিব পাৰিব আৰু ইউ্ক্ৰেইনৰ জনগণে যথাসম্ভৱ সোনকালে শান্তি ঘূৰাই পাব। উল্লেখ্য যে, সমৰত জাপান চৰকাৰেও ইউক্ৰেইনৰ পক্ষ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক