--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ইউক্ৰেইনৰ আকাশত এতিয়া যুদ্ধৰ ডাৱৰ। চুবুৰীয়া দেশ ৰাছিয়াই দেশখনত তীব্ৰ সামৰিক আগ্ৰাসন চলোৱাৰ পাছতে সামৰিকভাৱে তুলনামূলকভাৱে দুৰ্বল ইউক্ৰেইন এতিয়া সংকটৰ গৰাহত পৰিছে। আশাপ্ৰদভাৱে আন্তঃৰাষ্ট্ৰীয় মহলৰ পৰা সহায়-সাহায্য লাভ কৰিবলৈ অসমৰ্থ হোৱা ইউক্ৰেইনে প্ৰাণপনে যুঁজ দিছে ৰাছিয়াৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে। কিন্তু দেশখনে বিশ্বৰ জনগণৰ সহমৰ্মিতা আদায়ত অসমৰ্থ হোৱা নাই। বিভিন্ন দেশৰ সাধাৰণ নাগৰিকে ইউক্ৰেইনক সমৰ্থন জনাইছে মুক্তকণ্ঠে। কূটনৈতিক কাৰণতে বিশ্বৰ কোনো দেশেই মুকলিকৈ এই যুদ্ধৰ প্ৰতি পোনপটীয়া সমৰ্থন বা বিৰোধিতা কৰা নাই যদিও এতিয়া ইউক্ৰেইন সংকটক লৈ বিশ্ব দুভাগত বিভক্ত হৈ পৰাটো স্পষ্ট হৈ পৰিছে। ভাৰতৰ দৰে একাধিক দেশে এতিয়াও দোদুল্যমান স্থিতিত আছে। কিন্তু বিশ্বৰ একাংশ লোকে ব্যক্তিগত পৰ্যায়ত ইউক্ৰেইনলৈ    সহায়ৰ হাত আগবঢ়াবলৈ অগ্ৰসৰ হৈছে। এইবাৰ জাপানৰ এগৰাকী ধনাঢ্য লোকে ইউক্ৰেইনলৈ বৃহৎ পৰিমাণৰ অৰ্থ সাহায্য আগবঢ়াইছে। জাপানৰ পুঁজিপতি হিৰোশ্বী মিকী মিকিটানীয়ে দেওবাৰে ঘোষণা কৰে যে, সংকটৰ গৰাহত পৰা ইউক্ৰেইনলৈ ৮.৭ নিযুত মাৰ্কিন ডলাৰৰ সাহায্য আগবঢ়াব। ৰাছিয়াৰ আগ্ৰাসনক গণতন্ত্ৰৰ প্ৰতি এক প্ৰত্যাহ্বান আখ্যা দি তেওঁ এই সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে। বৃহৎ ই-কমাৰ্ছ প্ৰতিষ্ঠান ‘ৰাকুতেন’ৰ প্ৰতিষ্ঠাতাগৰাকীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিলৈ লিখা এখন পত্ৰত তেওঁ উল্লেখ কৰে যে, যুদ্ধকালীন নিৰ্মমতাৰ চিকাৰ হোৱা ইউক্ৰেইনৰ জনগণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিব পৰাকৈ তেওঁ ১ বিলিয়ন য়েন অৰ্থাৎ ৮.৭ নিযুত ডলাৰৰ সাহায্য আগবঢ়াব। মিকিটানীয়ে উল্লেখ কৰে যে, তেওঁ ২০১৯চনত কিয়েভ ভ্ৰমণ কৰিছিল আৰু ৰাষ্ট্ৰপতি জেলেনস্কিকো সাক্ষাৎ কৰিছিল। তেওঁৰ সমৰ্থন ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ইউক্ৰেইনৰ জনগণৰ সৈতে আছে বুলি তেওঁ মন্তব্য ঘোষণা কৰে। তেওঁ পত্ৰখনত লিখিছে যে, শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক ইউক্ৰেইনত ৰুছ সৈন্যৰ অনৈতিক আক্ৰমণ গণতন্ত্ৰৰ প্ৰতি প্ৰত্যাহ্বান। মই আন্তৰিকতাৰে আশা কৰোঁ যে, ৰাছিয়া আৰু ইউক্ৰেইনে তেওঁলোকৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিব পাৰিব আৰু ইউ্ক্ৰেইনৰ জনগণে যথাসম্ভৱ সোনকালে শান্তি ঘূৰাই পাব। উল্লেখ্য যে, সমৰত জাপান চৰকাৰেও ইউক্ৰেইনৰ পক্ষ লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে