ডিজিটেল ডেস্ক: নাবালিকাক বলপূৰ্বক ধৰ্মান্তৰকৰণ বিৰোধী বিধেয়ক গৃহীতৰ দাবীৰে উত্তাল হৈ পৰিছে পাকিস্তান৷ দেশখনৰ পঞ্জাব প্ৰদেশৰ ওকাৰা জিলাত আৰম্ভ হৈছে এই বিক্ষোভ কাৰ্যসূচী৷ ইয়াৰ পূৰ্বে জানুৱাৰীত পাকিস্তানৰ সংখ্যালঘু পৰিষদে ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষাৰ অভাৱৰ বিষয়ে তেওঁলোকৰ উদ্বেগ ব্যক্ত কৰিছিল৷ সংবাদমাধ্যমৰ প্ৰতিবেদন অনুসৰি, দেশখনত বলপূৰ্বক ধৰ্মান্তৰকৰণৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে, যাৰ ফলত ২০২০ত ১৫ৰ পৰা ২০২১ত ৬০তকৈ ওপৰলৈ বৃদ্ধি পাইছে৷ বলপূৰ্বক ধৰ্মান্তৰিত হোৱা ৭০ শতাংশতকৈও অধিক নাবালিক আছিল।
প্ৰতিবেদনত কোৱা হৈছে যে, প্ৰতিবছৰে কমেও ১,০০০ ছোৱালী দেশখনত অপহৃত হয়৷ আৰু, তেওঁলোকৰ ধৰ্মীয় পৰিচয় সলনি কৰিবলৈ বাধ্য কৰোৱা হয়৷ শেহতীয়াকৈ, এগৰাকী কিশোৰী খ্ৰীষ্টান ছোৱালীৰ সৈতে ১৩ আৰু ১৯বছৰ বয়সৰ দুগৰাকী হিন্দু ছোৱালীক অপহৰণ কৰা হৈছিল আৰু তেওঁলোকক ৪০বছৰীয়া পুৰুষৰ সৈতে বিবাহপাশত আবদ্ধ কৰোৱা হৈছিল।
উদ্বেগৰ বিষয় এয়ে যে, দেশখনত এনে কোনো আইন নাই যিয়ে বলপূৰ্বক ধৰ্মান্তকৰণত বাধা আৰোপ কৰিব পাৰে৷ ২০২১ত বলপূৰ্বক ধৰ্মান্তৰ প্ৰতিৰোধ আইন প্ৰস্তুত কৰা হৈছিল আৰু কিন্তু সংখ্যালঘুসকলৰ বাবে অধিক সমস্যাৰ সৃষ্টি কৰাৰ আশংকাত সেয়া বাতিল কৰা হৈছিল৷
দেশখনত ধাৰাবাহিকভাৱে সংঘটিত নাবালিকাৰ বলপূৰ্বক ধৰ্মান্তকৰণ আৰু বলপূৰ্বক বিবাহ, এইবোৰ হৈছে গুৰুতৰ মানৱ অধিকাৰ উলংঘন৷ যাক সঠিক আইনৰ অথবা নিষিদ্ধকৰণৰ
জৰিয়তেহে নিয়ন্ত্ৰণ কৰাতো সম্ভৱ৷
তথ্য অনুসৰি, শেহতীয়া বছৰবোৰত পাকিস্তানত সংখ্যালঘুসকলৰ বিৰুদ্ধে এনে ধৰণৰ অপৰাধৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ১৯৪৭ত পাকিস্তান জন্মৰ পাছৰে পৰা বলপূৰ্বক ধৰ্মান্তৰকৰণৰ ঘটনা বৃদ্ধি পাইছে। পাকিস্তানত মহিলাসকলৰ দুৰ্দশা দিনক দিনে বাঢ়ি আহিছে৷ এটা সমীক্ষাৰ তথ্য অনুসৰি, ২০২১ৰ প্ৰথমাৰ্ধত দেশখনৰ পঞ্জাব প্ৰদেশত প্ৰায় ৬,৭৫৪গৰাকী মহিলাক অপহৰণ কৰা হৈছিল। তাৰ ভিতৰত ১,৮৯০ গৰাকী মহিলাক ধৰ্ষণ কৰা হৈছিল, ৩,৭২১ গৰাকীক অত্যাচাৰ কৰা হৈছিল আৰু ৭৫২টা শিশুক ধৰ্ষণ কৰা হৈছিল।
যোৱা বছৰৰ ৩০ আগষ্টত, ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেল পাকিস্তানৰ ট্ৰাষ্টী পৰিষদে (টিআইপি) দেশখনত মহিলাৰ ওপৰত বৰ্ধিত আক্ৰমণৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছিল।