--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সাধাৰণ বতাহ-ধুমুহাতেই ইলেক্ট্ৰিচিটি ব্যাঘাত জন্মে অসমত৷ বিজুলী চাকি বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় অসমৰ জনতা৷ এনে সময়তে এটা খবৰে চকু কপালত উঠাইছে সাধাৰণ জনতাৰ৷ বিজুলী শক্তি যোগানত ব্যাঘাত জন্মাৰ বাবে এটি কোম্পানীয়ে এজন ব্যক্তিক প্ৰদান কৰিলে কোটি টকাৰ চেক৷ এই ঘটনা সংঘটিত হৈছে ইউকেত৷ ইউকেৰ এজন বাসিন্দাক শক্তি প্ৰদানকাৰীৰ কোম্পানী এটাই ক্ষতিপূৰণৰ বাবদ প্ৰদান কৰিছিল চেক৷ ২৩ নিযুত কোটি টকাৰ আছিল এই চেকখন৷ লগে লগে ভাইৰেল হৈ পৰে ইয়াৰ আলোকচিত্ৰ৷ ইপিনে চেকখন গ্ৰহণ কৰি বিভূৰ্তিত হৈ পৰে ব্যক্তিজন৷ ব্যক্তিজন হৈছে ইউকেৰ পশ্চিম য়ৰ্কশায়াৰৰ হেবডেন ব্ৰিজ৷ ১২ ফেব্ৰুৱাৰীত পশ্চিম য়ৰ্কশায়াৰৰ হেবডেন ব্ৰিজৰ গেৰেথ হিউজে এইছবিখন টুইট কৰিছিল৷ তাৰ পাছতেই এই খবৰে তোলপাৰ লগাইছে ছ'চিয়েল মিডিয়াত৷ এই তথ্য অনুসৰি শক্তি প্ৰদানকাৰী নৰ্দাৰ্ণ পাৱাৰগ্ৰিড নামৰ কোম্পানীটোৱে ব্যক্তিজনলৈ ২৩ নিযুত কোটি টকাৰ চেক প্ৰদান কৰিছে। ব্ৰিজে চেকখনৰ বাবে সেৱা যোগানকৰ্তাক নম্ৰতাৰে ধন্যবাদ জনাই আৰু কয়, 'আৰৱেনৰ ধুমুহাৰ পাছত আমি কেইবাদিনো বিদ্যুৎবিহীন হৈ আছিলো৷ আমাৰ ক্ষতিপূৰণ পৰিশোধ কৰাৰ বাবে নৰ্থ পাৱাৰগ্ৰিডক অশেষ ধন্যবাদ।' লগতে তেওঁ কয়, 'মই কোম্পানীক সুধিছো যে তেওঁলোকে সঁচাকৈ এই খৰচ বহন কৰিব নেকি?' এই টুইটটোৱে সকলোকে আচৰিত কৰি তোলে৷ এই টুইটাৰটোৰক ভিত্তি কৰি ৫৬,০০০ৰো অধিক উদাহৰণৰ টুইট কৰা পৰিলক্ষিত হৈছে আৰু ৬,০০০ৰো অধিক উদাহৰণ ৰি-টুইট কৰা দেখিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement