--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আশংকা বৃদ্ধি পোৱাৰ লগে লগে দেশে দেশ বিয়পিছে উদ্বেগ। ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত বৃহৎ সৈন্য সমাৱেশেৰে যুদ্ধৰ প্ৰস্তুতি চলাই থকাটো স্পষ্ট হৈ পৰাৰ পাছতে এতিয়া বিভিন্ন দেশে ইউক্ৰেইনত থকা সেই দেশৰ নাগৰিকসকলক স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান জনাইছে। পোনতে আমেৰিকাই এই আহ্বান জনোৱাৰ পাছত এইবাৰ ভাৰতো এই তালিকাত চামিল হৈছে। ভাৰতীয় দূতাবাসে সেই দেশত থকা ভাৰতীয়সকলক লৈ উদ্বিগ্ন হৈ পৰিছে আৰু তেওঁলোকক যুদ্ধৰ পূৰ্বেই স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান জনাইছে। অস্থায়ীভাৱে সেই দেশখনৰ পৰা ভাৰতীয়সকলক আঁতৰি আহিবলৈ আহ্বান জনোৱা হৈছে। কিভত থকা ভাৰতীয় দূতাবাসৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত কোৱা হৈছে যে, ‘ইউক্ৰেইনৰ শেহতীয়া অনিশ্চয়তাপূৰ্ণ অৱস্থালৈ লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক অস্থায়ীভাৱে দেশখন ত্যাগ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছোঁ। বিশেষকৈ শিক্ষাৰ্থীসকল যিসকল এতিয়া থকাটো জৰুৰী নহয় তেওঁলোকে দেশখন সাময়িকভাৱে ত্যাগ কৰিব পাৰে।’ বিজ্ঞপ্তিখনৰ জৰিয়তে লগতে প্ৰকাশ কৰা হৈছে যে, দেশখনত থকা ভাৰতীয়সকলে দূতাবাসক তেওঁলোকৰ অৱস্থান সম্পৰ্কে যাতে অৱগত কৰি ৰাখে। ভাৰতীয় নাগৰিকসকলক প্ৰয়োজনীয় সময়ত যাতে আমি সহায় কৰিব পাৰোঁ তাৰ বাবে তেওঁলোকক দূতাবাসক তেওঁলোকৰ অৱস্থানৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছোঁ। মন কৰিবলগীয়া যে, কেৱল আমেৰিকাই নহয় আন ভালেমান দেশে ইউক্ৰেইনৰ পৰা তেওঁলোকৰ কূটনৈতিক প্ৰতিনিধিত আঁতৰাই নিবলৈ আৰম্ভ কৰিছে আৰু নাগৰিকসকলকো দেশখন ত্যাগ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। এই দেশবোৰৰ মাজত আমেৰিকাৰ লগতে আছে জাৰ্মানী, ইটালী, ব্ৰিটেইন, আয়াৰলেণ্ড, বেলজিয়াম, লুক্সেমবাৰ্গ, দ্য নেডাৰলেণ্ডছ, কানাডা, নৰৱে, ইষ্ট’নিয়া, লিথুৱানিয়া, বুলগেৰিয়া শ্লোভাকিয়া, অষ্ট্ৰেলিয়া, জাপান, ইজৰাইল, ছৌডি আৰব আৰু ইউএই। অৱশ্যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ কোনো সম্ভাৱনাৰ কথা নস্যাৎ কৰিছে। দেশখনে ইতিমধ্যেই ক্ৰিমেয়া এলেকা নিজৰ দখলত ৰাখিছে। ২০১৪ চনতে এই অংশ অধিগ্ৰহণ কৰিছিল দেশখনে। তদুপৰি ডনবাছ এলেকাত বিচ্ছিন্নতাবাদী সংগঠনবোৰক উচতনি দি থকা কামো কৰিছে ৰাছিয়াই। ইফালে, শেহতীয়াকৈ ৰাছিয়াৰ সমৰ প্ৰস্তুতিৰ এক ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে। ছেটেলাইট আলোকচিত্ৰত স্পষ্ট ৰূপত ধৰা পৰিছে ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ বিশাল সৈন্য সমাবেশ। মেক্সাৰে সংগ্ৰহ কৰা শেহতীয়া উপগ্ৰহীয় আলোকচিত্ৰত দেখা গৈছে যে, ক্ৰিমেয়া, বেলাৰুছ আৰু পশ্চিম ৰাছিয়াৰ পৰা সংগ্ৰহ কৰা আলোকচিত্ৰত ৰাছিয়াই নতুনকৈ সীমান্ত অঞ্চলত বৃহৎসংখ্যক সৈন্য মোতায়েন কৰিছে। ক্ৰেমেয়াৰ Oktyabrskoye airfieldৰ সমীপত বৃহৎসংখ্যক সৈন্য আৰু যুদ্ধাস্ত্ৰৰ উপস্থিতি ধৰা পৰে বিগত ১০ ফেব্ৰুৱাৰীতে। ছিমফেৰ’পুলৰ উত্তৰ অংশৰ এখন পৰিত্যক্ত বিমানক্ষেত্ৰত ৫৫০ৰো অধিক সৈন্যবাহিনীৰ শিবিৰ ধৰা পৰিছে ছেটেলাইট আলোকচিত্ৰত।আনহাতে নোভোজেৰন’য়েৰ নামৰ ঠাইখনতো সৈন্য আৰু যুদ্ধাস্ত্ৰৰ ব্যাপক সমাৱেশ দেখিবলৈ পোৱা গৈছে। আনহাতে বেলাৰুছতো সৈন্য বাহিনী, হেলিকপ্টাৰ আৰু যুদ্ধাস্ত্ৰ সাজু কৰি ৰাখিছে ৰাছিয়াই। গোমেলৰ সমীপৰ জেয়াব্ৰোভকা এয়াৰফিল্ডত এই নতুন সৈন্য সমাৱেশ দেখিবলৈ পোৱা গৈছে। এই অঞ্চলটোৰ পৰা ইউক্ৰেইন সীমান্তলৈ দূৰত্ব ২৫ কিলোমিটাৰৰো কম। ৰাছিয়াৰ এই সমৰ প্ৰস্তুতিয়ে বিশ্বত এতিয়া আন এক সংকট সৃষ্টি কৰা আশংকা গাঢ় কৰি তুলিছে। এনে পৰিপ্ৰেক্ষিততে দেশসমূহে আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে কিন্তু ৰাছিয়াই ইউক্ৰেইন সীমান্তৰ পৰা ভালেমান সৈন্য নিজৰ শিবিৰলৈ ঘূৰি যোৱা বুলি সদৰি কৰিছে আৰু যুদ্ধৰ আশংকাক নস্যাৎ কৰিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান