--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ আশংকা বৃদ্ধি পোৱাৰ লগে লগে দেশে দেশ বিয়পিছে উদ্বেগ। ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তত বৃহৎ সৈন্য সমাৱেশেৰে যুদ্ধৰ প্ৰস্তুতি চলাই থকাটো স্পষ্ট হৈ পৰাৰ পাছতে এতিয়া বিভিন্ন দেশে ইউক্ৰেইনত থকা সেই দেশৰ নাগৰিকসকলক স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান জনাইছে। পোনতে আমেৰিকাই এই আহ্বান জনোৱাৰ পাছত এইবাৰ ভাৰতো এই তালিকাত চামিল হৈছে। ভাৰতীয় দূতাবাসে সেই দেশত থকা ভাৰতীয়সকলক লৈ উদ্বিগ্ন হৈ পৰিছে আৰু তেওঁলোকক যুদ্ধৰ পূৰ্বেই স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ আহ্বান জনাইছে। অস্থায়ীভাৱে সেই দেশখনৰ পৰা ভাৰতীয়সকলক আঁতৰি আহিবলৈ আহ্বান জনোৱা হৈছে। কিভত থকা ভাৰতীয় দূতাবাসৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত কোৱা হৈছে যে, ‘ইউক্ৰেইনৰ শেহতীয়া অনিশ্চয়তাপূৰ্ণ অৱস্থালৈ লক্ষ্য ৰাখি ভাৰতীয় নাগৰিকসকলক অস্থায়ীভাৱে দেশখন ত্যাগ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছোঁ। বিশেষকৈ শিক্ষাৰ্থীসকল যিসকল এতিয়া থকাটো জৰুৰী নহয় তেওঁলোকে দেশখন সাময়িকভাৱে ত্যাগ কৰিব পাৰে।’ বিজ্ঞপ্তিখনৰ জৰিয়তে লগতে প্ৰকাশ কৰা হৈছে যে, দেশখনত থকা ভাৰতীয়সকলে দূতাবাসক তেওঁলোকৰ অৱস্থান সম্পৰ্কে যাতে অৱগত কৰি ৰাখে। ভাৰতীয় নাগৰিকসকলক প্ৰয়োজনীয় সময়ত যাতে আমি সহায় কৰিব পাৰোঁ তাৰ বাবে তেওঁলোকক দূতাবাসক তেওঁলোকৰ অৱস্থানৰ বিষয়ে অৱগত কৰিবলৈ আহ্বান জনাইছোঁ। মন কৰিবলগীয়া যে, কেৱল আমেৰিকাই নহয় আন ভালেমান দেশে ইউক্ৰেইনৰ পৰা তেওঁলোকৰ কূটনৈতিক প্ৰতিনিধিত আঁতৰাই নিবলৈ আৰম্ভ কৰিছে আৰু নাগৰিকসকলকো দেশখন ত্যাগ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। এই দেশবোৰৰ মাজত আমেৰিকাৰ লগতে আছে জাৰ্মানী, ইটালী, ব্ৰিটেইন, আয়াৰলেণ্ড, বেলজিয়াম, লুক্সেমবাৰ্গ, দ্য নেডাৰলেণ্ডছ, কানাডা, নৰৱে, ইষ্ট’নিয়া, লিথুৱানিয়া, বুলগেৰিয়া শ্লোভাকিয়া, অষ্ট্ৰেলিয়া, জাপান, ইজৰাইল, ছৌডি আৰব আৰু ইউএই। অৱশ্যে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ কোনো সম্ভাৱনাৰ কথা নস্যাৎ কৰিছে। দেশখনে ইতিমধ্যেই ক্ৰিমেয়া এলেকা নিজৰ দখলত ৰাখিছে। ২০১৪ চনতে এই অংশ অধিগ্ৰহণ কৰিছিল দেশখনে। তদুপৰি ডনবাছ এলেকাত বিচ্ছিন্নতাবাদী সংগঠনবোৰক উচতনি দি থকা কামো কৰিছে ৰাছিয়াই। ইফালে, শেহতীয়াকৈ ৰাছিয়াৰ সমৰ প্ৰস্তুতিৰ এক ভয়ংকৰ দৃশ্য পোহৰলৈ আহিছে। ছেটেলাইট আলোকচিত্ৰত স্পষ্ট ৰূপত ধৰা পৰিছে ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ বিশাল সৈন্য সমাবেশ। মেক্সাৰে সংগ্ৰহ কৰা শেহতীয়া উপগ্ৰহীয় আলোকচিত্ৰত দেখা গৈছে যে, ক্ৰিমেয়া, বেলাৰুছ আৰু পশ্চিম ৰাছিয়াৰ পৰা সংগ্ৰহ কৰা আলোকচিত্ৰত ৰাছিয়াই নতুনকৈ সীমান্ত অঞ্চলত বৃহৎসংখ্যক সৈন্য মোতায়েন কৰিছে। ক্ৰেমেয়াৰ Oktyabrskoye airfieldৰ সমীপত বৃহৎসংখ্যক সৈন্য আৰু যুদ্ধাস্ত্ৰৰ উপস্থিতি ধৰা পৰে বিগত ১০ ফেব্ৰুৱাৰীতে। ছিমফেৰ’পুলৰ উত্তৰ অংশৰ এখন পৰিত্যক্ত বিমানক্ষেত্ৰত ৫৫০ৰো অধিক সৈন্যবাহিনীৰ শিবিৰ ধৰা পৰিছে ছেটেলাইট আলোকচিত্ৰত।আনহাতে নোভোজেৰন’য়েৰ নামৰ ঠাইখনতো সৈন্য আৰু যুদ্ধাস্ত্ৰৰ ব্যাপক সমাৱেশ দেখিবলৈ পোৱা গৈছে। আনহাতে বেলাৰুছতো সৈন্য বাহিনী, হেলিকপ্টাৰ আৰু যুদ্ধাস্ত্ৰ সাজু কৰি ৰাখিছে ৰাছিয়াই। গোমেলৰ সমীপৰ জেয়াব্ৰোভকা এয়াৰফিল্ডত এই নতুন সৈন্য সমাৱেশ দেখিবলৈ পোৱা গৈছে। এই অঞ্চলটোৰ পৰা ইউক্ৰেইন সীমান্তলৈ দূৰত্ব ২৫ কিলোমিটাৰৰো কম। ৰাছিয়াৰ এই সমৰ প্ৰস্তুতিয়ে বিশ্বত এতিয়া আন এক সংকট সৃষ্টি কৰা আশংকা গাঢ় কৰি তুলিছে। এনে পৰিপ্ৰেক্ষিততে দেশসমূহে আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। ইয়াৰ বিপৰীতে কিন্তু ৰাছিয়াই ইউক্ৰেইন সীমান্তৰ পৰা ভালেমান সৈন্য নিজৰ শিবিৰলৈ ঘূৰি যোৱা বুলি সদৰি কৰিছে আৰু যুদ্ধৰ আশংকাক নস্যাৎ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক