--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিকিৎসা বিজ্ঞান বহু আগুৱাই গৈছে। কিছু দশকৰ আগলৈকে যিটো অসম্ভৱ যেন লাগিছিল, সেয়া বৰ্তমান বাস্তৱলৈ পৰিণত হৈছে। ব্ৰিটেইনৰ এহাল লেচবিয়ান দম্পতী হৈ পৰিল পিতৃ-মাতৃ। দুই সমকামী যুৱতীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান। ৩০ বছৰীয়া এষ্টেফানিয়া আৰু ২৭ বছৰীয়া আজাহাৰাই অক্টোবৰ মাহত নিজৰ পুত্ৰ সন্তানক পৃথিৱীলৈ আদৰণি জনাইছিল। পুত্ৰ সন্তানটিৰ নাম ৰাখিছে ডেৰেক এলয়। 

বিশেষ কথাটো হ’ল এইটোৱেই প্ৰথম ইউৰোপীয় সন্তান, যাক লেচবিয়ান দম্পতীয়ে নতুন কৌশলেৰে জন্ম দিছিল। ডেৰেকক জন্ম দিয়া ডিম্বাণুটো এষ্টেফানিয়াৰ গৰ্ভত নিষিক্ত কৰা হৈছিল যদিও সেই ডিম্বাণুটো আজহাৰাই ৯ মাহ ধৰি গৰ্ভত ৰাখিছিল। এই প্ৰক্ৰিয়া মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল।

এষ্টেফানিয়া আৰু আজহাৰাই গৰ্ভধাৰণৰ বাবে ইনভ’চেল নামৰ নতুন প্ৰজনন চিকিৎসা ব্যৱহাৰ কৰিছিল। ইয়াৰ সময়ত যোনিৰ ভিতৰত বুঢ়া আঙুলিৰ আকাৰৰ সৰু কেপচুল এটা ৰখা হয়, য’ত ডিম্বাণু আৰু শুক্ৰাণু থাকে। কেপচুলটো যোনিৰ ভিতৰত পাঁচ দিন থৈ দিয়া হয়। কেপচুলটো এষ্টেফানিয়াৰ যোনিত পাঁচ দিন ৰখাৰ বিপৰীতে বাকী প্ৰক্ৰিয়াটো আজাহাৰাৰ জৰায়ুত কৰা হৈছিল। ভ্ৰূণটো জৰায়ুলৈ স্থানান্তৰিত কৰাৰ আগতে পৰীক্ষা কৰা হৈছিল।

আজহাৰাই ৯ মাহ ধৰি ভ্ৰুণটোক গৰ্ভত ৰাখিছিল। ৩০ অক্টোবৰত তেওঁ এটা সুস্থ ল’ৰা সন্তান জন্ম দিয়ে। এই চিকিৎসাৰ বাবে দম্পতীহালে ঔষধকে ধৰি ৫৪৮৯ মাৰ্কিন ডলাৰ খৰচ কৰিবলগীয়া হৈছিল। ডেৰেকৰ জন্ম সম্ভৱ কৰি তোলা দলটোৰ এজন চিকিৎসকে কয় যে এই পদ্ধতিৰ নতুন কথাটো হ’ল দুয়োজনে ভ্ৰুণটো প্ৰয়োজন অনুসৰি ইজনে সিজনৰ গৰ্ভলৈ স্থানান্তৰ কৰিব পাৰে। ইনভ’চেলৰ জৰিয়তে জন্ম হোৱা প্ৰথমটো ইউৰোপীয় শিশু হল ডেৰেক এলয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই