--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চিকিৎসা বিজ্ঞান বহু আগুৱাই গৈছে। কিছু দশকৰ আগলৈকে যিটো অসম্ভৱ যেন লাগিছিল, সেয়া বৰ্তমান বাস্তৱলৈ পৰিণত হৈছে। ব্ৰিটেইনৰ এহাল লেচবিয়ান দম্পতী হৈ পৰিল পিতৃ-মাতৃ। দুই সমকামী যুৱতীয়ে জন্ম দিলে এটি পুত্ৰ সন্তান। ৩০ বছৰীয়া এষ্টেফানিয়া আৰু ২৭ বছৰীয়া আজাহাৰাই অক্টোবৰ মাহত নিজৰ পুত্ৰ সন্তানক পৃথিৱীলৈ আদৰণি জনাইছিল। পুত্ৰ সন্তানটিৰ নাম ৰাখিছে ডেৰেক এলয়। 

বিশেষ কথাটো হ’ল এইটোৱেই প্ৰথম ইউৰোপীয় সন্তান, যাক লেচবিয়ান দম্পতীয়ে নতুন কৌশলেৰে জন্ম দিছিল। ডেৰেকক জন্ম দিয়া ডিম্বাণুটো এষ্টেফানিয়াৰ গৰ্ভত নিষিক্ত কৰা হৈছিল যদিও সেই ডিম্বাণুটো আজহাৰাই ৯ মাহ ধৰি গৰ্ভত ৰাখিছিল। এই প্ৰক্ৰিয়া মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছিল।

এষ্টেফানিয়া আৰু আজহাৰাই গৰ্ভধাৰণৰ বাবে ইনভ’চেল নামৰ নতুন প্ৰজনন চিকিৎসা ব্যৱহাৰ কৰিছিল। ইয়াৰ সময়ত যোনিৰ ভিতৰত বুঢ়া আঙুলিৰ আকাৰৰ সৰু কেপচুল এটা ৰখা হয়, য’ত ডিম্বাণু আৰু শুক্ৰাণু থাকে। কেপচুলটো যোনিৰ ভিতৰত পাঁচ দিন থৈ দিয়া হয়। কেপচুলটো এষ্টেফানিয়াৰ যোনিত পাঁচ দিন ৰখাৰ বিপৰীতে বাকী প্ৰক্ৰিয়াটো আজাহাৰাৰ জৰায়ুত কৰা হৈছিল। ভ্ৰূণটো জৰায়ুলৈ স্থানান্তৰিত কৰাৰ আগতে পৰীক্ষা কৰা হৈছিল।

আজহাৰাই ৯ মাহ ধৰি ভ্ৰুণটোক গৰ্ভত ৰাখিছিল। ৩০ অক্টোবৰত তেওঁ এটা সুস্থ ল’ৰা সন্তান জন্ম দিয়ে। এই চিকিৎসাৰ বাবে দম্পতীহালে ঔষধকে ধৰি ৫৪৮৯ মাৰ্কিন ডলাৰ খৰচ কৰিবলগীয়া হৈছিল। ডেৰেকৰ জন্ম সম্ভৱ কৰি তোলা দলটোৰ এজন চিকিৎসকে কয় যে এই পদ্ধতিৰ নতুন কথাটো হ’ল দুয়োজনে ভ্ৰুণটো প্ৰয়োজন অনুসৰি ইজনে সিজনৰ গৰ্ভলৈ স্থানান্তৰ কৰিব পাৰে। ইনভ’চেলৰ জৰিয়তে জন্ম হোৱা প্ৰথমটো ইউৰোপীয় শিশু হল ডেৰেক এলয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ