--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ভাৰত অভিমুখী  জাহাজ এখন অপহৰণ কৰিলে হাউথি বিদ্ৰোহীয়ে।  দেওবাৰে এখন মালবাহী জাহাজ অপহৰণৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতলৈ যাত্ৰা কৰা  এখন ব্ৰিটিছ জাহাজ য়েমেনত  হাউথি  বিদ্ৰোহী গোটে অপহৰণ কৰে। 

  গাজাত হামাছৰ বিৰুদ্ধে সংঘৰ্ষ বন্ধ নোহোৱালৈকে এইদৰে আক্ৰমণ অব্যাহত থাকিব বুলি হাউথি বিদ্ৰোহীয়ে  ঘোষণা কৰিছে। বিদ্ৰোহীসকলে জাহাজ খন অপহৰণ কৰাৰ এটা  ভিডিঅ'ও মুকলি কৰিছে। ব্ৰিটিছ জাহাজখনে এটা জাপানী কোম্পানীৰ বাবে সামগ্ৰী কঢ়িয়াই নিছিল।জাহাজখনে প্ৰথমে  তুৰস্কৰ পৰা ভাৰতত উপস্থিত হোৱাৰ কথা আছিল। মাজ সাগৰতে  হাউথি  বিদ্ৰোহীৰ কমাণ্ডো বাহিনীয়ে লোহিত সাগৰত জাহাজখন দখল কৰে।  দক্ষ সৈনিকৰ শৈলীত বিদ্ৰোহীয়ে  জাহাজখনত থকা ২৫  জন লোকক আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰায়।  





হেলিকপ্টাৰেৰে আহি বিদ্ৰোহীয়ে জাহাজত নামে আৰু জাহাজখনত থকা সকলক আত্মসমৰ্পন কৰিব বাধ্য কৰে। বিদোৰহীয়ে গুলীচালাও কৰে।  খবৰ অনুসৰি জাহাজখন য়েমেনৰ ছালিফ বন্দৰলৈ লৈ যোৱা হৈছে। তাতেই জাহাজখনৰ কৰ্মচাৰীসকল আবদ্ধ হৈ আছে। দলটোৱে জাহাজখন অপহৰণ কৰাৰ  ভিডিঅ' মুকলি কৰি বিদ্ৰোহীয়ে কৈছে যে এই জাহাজখন ইজৰাইলৰ। যিহেতু বেঞ্জামিন নেতান্যায়াহুৰ দেশখনে হামাছৰ বিৰুদ্ধে যুঁজ দি আছে,সেয়ে  তেওঁলোকৰ দেশৰ জাহাজখন অপহৰণ কৰা হৈছে। উগ্ৰপন্থী গোটটোৰ  মুখপাত্ৰ এজনে কয়, "এয়া মাত্ৰ আৰম্ভণি। যদি ইজৰাইলে যুদ্ধ বন্ধ নকৰে, জলপথত আক্ৰমণ অব্যাহত থাকিব।  ইজৰাইলী জাহাজ দেখিলেই আক্ৰমণ কৰা হ'ব।’’

নেতানিয়াহুৰ কাৰ্যালয়ে এটা বিবৃতি জাৰি কৰি ঘটনাটোৰ বাবে ইৰাণক পোনপটীয়াকৈ দোষাৰোপ কৰিছে। ইজৰাইলে আন্তৰ্জাতিক জলসীমাত এখন মালবাহী জাহাজৰ ওপৰত হোৱা আক্ৰমণক "সন্ত্ৰাসবাদী কাৰ্য" বুলি কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই এই ঘটনাক  গৰিহণা দিছে। আমেৰিকাই জাহাজখনৰ ২৫ জন ক্ৰু সদস্যক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ  দাবী জনাইছে। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই