--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ভাৰত অভিমুখী  জাহাজ এখন অপহৰণ কৰিলে হাউথি বিদ্ৰোহীয়ে।  দেওবাৰে এখন মালবাহী জাহাজ অপহৰণৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভাৰতলৈ যাত্ৰা কৰা  এখন ব্ৰিটিছ জাহাজ য়েমেনত  হাউথি  বিদ্ৰোহী গোটে অপহৰণ কৰে। 

  গাজাত হামাছৰ বিৰুদ্ধে সংঘৰ্ষ বন্ধ নোহোৱালৈকে এইদৰে আক্ৰমণ অব্যাহত থাকিব বুলি হাউথি বিদ্ৰোহীয়ে  ঘোষণা কৰিছে। বিদ্ৰোহীসকলে জাহাজ খন অপহৰণ কৰাৰ এটা  ভিডিঅ'ও মুকলি কৰিছে। ব্ৰিটিছ জাহাজখনে এটা জাপানী কোম্পানীৰ বাবে সামগ্ৰী কঢ়িয়াই নিছিল।জাহাজখনে প্ৰথমে  তুৰস্কৰ পৰা ভাৰতত উপস্থিত হোৱাৰ কথা আছিল। মাজ সাগৰতে  হাউথি  বিদ্ৰোহীৰ কমাণ্ডো বাহিনীয়ে লোহিত সাগৰত জাহাজখন দখল কৰে।  দক্ষ সৈনিকৰ শৈলীত বিদ্ৰোহীয়ে  জাহাজখনত থকা ২৫  জন লোকক আত্মসমৰ্পন কৰিবলৈ বাধ্য কৰায়।  





হেলিকপ্টাৰেৰে আহি বিদ্ৰোহীয়ে জাহাজত নামে আৰু জাহাজখনত থকা সকলক আত্মসমৰ্পন কৰিব বাধ্য কৰে। বিদোৰহীয়ে গুলীচালাও কৰে।  খবৰ অনুসৰি জাহাজখন য়েমেনৰ ছালিফ বন্দৰলৈ লৈ যোৱা হৈছে। তাতেই জাহাজখনৰ কৰ্মচাৰীসকল আবদ্ধ হৈ আছে। দলটোৱে জাহাজখন অপহৰণ কৰাৰ  ভিডিঅ' মুকলি কৰি বিদ্ৰোহীয়ে কৈছে যে এই জাহাজখন ইজৰাইলৰ। যিহেতু বেঞ্জামিন নেতান্যায়াহুৰ দেশখনে হামাছৰ বিৰুদ্ধে যুঁজ দি আছে,সেয়ে  তেওঁলোকৰ দেশৰ জাহাজখন অপহৰণ কৰা হৈছে। উগ্ৰপন্থী গোটটোৰ  মুখপাত্ৰ এজনে কয়, "এয়া মাত্ৰ আৰম্ভণি। যদি ইজৰাইলে যুদ্ধ বন্ধ নকৰে, জলপথত আক্ৰমণ অব্যাহত থাকিব।  ইজৰাইলী জাহাজ দেখিলেই আক্ৰমণ কৰা হ'ব।’’

নেতানিয়াহুৰ কাৰ্যালয়ে এটা বিবৃতি জাৰি কৰি ঘটনাটোৰ বাবে ইৰাণক পোনপটীয়াকৈ দোষাৰোপ কৰিছে। ইজৰাইলে আন্তৰ্জাতিক জলসীমাত এখন মালবাহী জাহাজৰ ওপৰত হোৱা আক্ৰমণক "সন্ত্ৰাসবাদী কাৰ্য" বুলি কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰই এই ঘটনাক  গৰিহণা দিছে। আমেৰিকাই জাহাজখনৰ ২৫ জন ক্ৰু সদস্যক তাৎক্ষণিকভাৱে মুকলি কৰি দিবলৈ  দাবী জনাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ