--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বগা জিৰাফ। বিশ্বৰ একমাত্ৰ পৰিচিত বগা জিৰাফত এতিয়া উত্তৰ-পূব কেনিয়াত আছে। বগা জিৰাফটোৰ শৰীৰত জিপিএছ ট্ৰেকিং ডিভাইচো লগোৱা হৈছে। এই যন্ত্ৰৰ জৰিয়তে চোৰাং চিকাৰীৰ পৰা ৰক্ষা কৰাৰ লক্ষ্য ৰাখিছে। এই ডিভাইচটোৱে সংৰক্ষণ গোটক এই গতিবিধিৰ বাস্তৱ সময়ৰ তথ্য দিব পাৰে।

এটা জীৱ-জন্তু সংৰক্ষণ গোটৰ পৰিচালক মহম্মদ আহমেদনূৰে এই বিষয়ে কয় যে, “শেহতীয়াকৈ জিৰাফৰ চৰণীয়া পথাৰখন ভাল বৰষুণ লাভ কৰিছে আৰু প্ৰচুৰ গছ-গছনিয়ে বগা জিৰাফটোৰ ভৱিষ্যত উজলাই তুলিছে।”

উল্লেখ্য যে জিপিএছ ট্ৰেকিং হৈছে বন্যপ্ৰাণী নিবেদিত সংস্থাসমূহৰ এক সংযুক্ত প্ৰচেষ্টা, য’ত কেনিয়া বন্যপ্ৰাণী সেৱা, চেভ জিৰাফছ নাও আৰু নৰ্দাৰ্ণ ৰেঞ্জলেণ্ডছ ট্ৰাষ্ট (এনআৰটি) অন্তৰ্ভুক্ত।

এই অনন্য জিৰাফৰ বগা ৰং লিউচিজম নামৰ অৱস্থাৰ বাবেই হয়। ই এক জিনীয় অৱস্থা য’ত প্ৰাণীটোৰ ছালৰ কোষত ৰঙৰ ৰং গঠন কৰাৰ ক্ষমতা নাথাকে। এই অৱস্থাত ইহঁতৰ কোমল কলাত ক’লা ৰং উৎপন্ন কৰে।

সাধাৰণতে চোৰাং চিকাৰীয়ে জিৰাফক চিকাৰ কৰে ছাল, মাংস আৰু শৰীৰৰ অংগৰ বাবে। আফ্ৰিকা বন্যপ্ৰাণী ফাউণ্ডেশ্যন (AWF)ৰ মতে, যোৱা ৩০ বছৰত আফ্ৰিকাৰ ১৫খন দেশৰ পৰা প্ৰায় ৪০% জনসংখ্যা নিৰুদ্দেশ হৈছে। এ ডব্লিউ এফে কয় যে চোৰাং চিকাৰ আৰু বন্যপ্ৰাণী সৰবৰাহৰ ফলত আফ্ৰিকাৰ বন্যপ্ৰাণী যথেষ্ট হ্ৰাস পোৱাত অৰিহণা যোগাই আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ