--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: চাহ খাই বেয়া পোৱা মানুহ খুব কমেই ওলাব। চাহে ব্যক্তিৰ মনৰ পৰা এলাহ ভাব দূৰ কৰে। লগতে চাহৰ আছে বহুতো স্বাস্থ্য সম্পৰ্কীয় গুণাগুণ, যিয়ে শৰীৰটোক বিভিন্ন ধৰণে সহায় কৰে। আজিকালি বজাৰত বিভিন্ন সুস্বাদুৰ চাহ পোৱা যায়।‌ কিন্তু অতীতৰেপৰা চলি অহা আদা দিয়া চাহকাপে যেন লালচাহ আৰু গাখীৰ চাহক এক অন্য মাত্ৰা প্ৰদান কৰিছে। আৰু আদা দিয়া চাহকাপে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

আদা দিয়া চাহৰ গুণাগুণ বহু আছে। এই চাহকাপে বহু বেমাৰৰ প্ৰতিৰোধক হিচাপে কাম কৰে। তাৰ ভিতৰত-
১) আদা দিয়া চাহে খাদ্যৰ হজমৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বমি ভাব নাইকীয়া কৰে। পাচন তন্ত্ৰ শক্তিশালী কৰাৰ ক্ষেত্ৰত এই চাহকাপে ঔষধৰ দৰে কাম কৰে।
২) আদা দিয়া চাহে তেজত শৰ্কৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। আনহাতে ই চৰ্বি গলোৱাটো সহায় কৰে, যাৰ ফলত ওজন বৃদ্ধি নহয়।
৩) আদাত প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট পোৱা যায়, যিয়ে টিউমাৰ কোষবোৰক প্ৰভাৱিত কৰে। কেন্সাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সহায়কাৰী হয় এই আদা দিয়া চাহ।
৪) এটি গৱেষণাৰ মতে প্ৰতিদিনে আদা দিয়া চাহ খোৱা মানুহে উচ্চ ৰক্তচাপৰ সমস্যাৰ পৰা বাচি থাকে।
আজিকালি প্ৰায়ভাগ লোকেই মাইগ্ৰেণৰ সমস্যাত ভোগে। নিয়মিত আদা দিয়া চাহ খালে মূৰৰ বিষ আৰু মাইগ্ৰেণৰ সমস্যাৰ পৰা অলপ হ’লেও সকাহ পাব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ