ডিজিটেল ডেস্ক: হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল মৃত্যুত অঞ্চলজুৰি পৰিছে গভীৰ শোকৰ ছাঁ। মাত্ৰ ২৭ বছৰ বয়সতে জীৱন নাট সামৰিলে অতিকৈ মেধাৱী তথা অমায়িক স্বভাৱৰ শিক্ষক অভিজিতে।
অতি কম বয়সতে নিজা মেধাৰ ভিত্তিত হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হব পাৰিছিল অভিজিত সিংহ।
বসন্ত ৰোগত আক্ৰান্ত হৈ নিশা নিজ বাসগৃহত শেষ নিঃশ্বাস ত্যাগ কৰে যুৱ শিক্ষকগৰাকীয়ে।
সকলোৰে মৰমৰ আৰু শ্ৰদ্ধাৰ শিক্ষকগৰাকীক অন্তিমবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কৰ্মৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে।
অভিজিত সিংহৰ বিয়োগত ম্ৰিয়মান সমগ্ৰ বিদ্যালয়ৰ লগতে অঞ্চলবাসী।