ডিজিটেল ডেস্ক: সোমবাৰৰ পৰা নুনমাটিৰ সৃষ্টি নগৰত ব্ৰহ্মপুত্ৰ নৈত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ।
ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ ৰাজীৱ আলীৰ নিথৰ দেহ। SDF য়ে বুধবাৰে পুৱাৰ ভাগত পুনৰ অভিযান চলাইছিল যুৱকজনৰ মৃতদেহ বিচাৰি।
অভিযান চলাই থকা সময়ত পানীত উপঙি উঠে ৰাজীৱ আলীৰ মৃতদেহ। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয়।
উল্লেখ্য যে, নুনমাটিৰ নিজৰাপাৰৰ নিবাসী ৰাজীৱ আলীয়ে তিনিজন বন্ধুৰ সৈতে সোমবাৰে মাছ মাৰিবলৈ গৈছিল ব্ৰহ্মপুত্ৰলৈ।
মাছ মাৰিবলৈ নদীত নমা সময়তে শিলপৰা পিছলি পৰি সংঘটিত হৈছিল এই অঘটনটো।