--°C
Loading...
Listen to Article
2 min read
80%


হাজোঃ হাজোৰ কৈৱৰ্তটোলাৰ এটি দৰিদ্ৰ পৰিয়ালে নিজৰ আপোন ঘৰখন হেৰুৱাই অঘৰী হোৱাৰ আশংকাত ভুগিছে। আজোককাকৰ দিনৰেপৰা বাস কৰি অহা পৰিয়ালটোৰ মাটিখিনি গাঁৱৰে প্ৰবীণ মেধি নামৰ এজন লোকে তেওঁৰ মাটি বুলি নথি-পত্ৰ দেখুৱাই দাবী উত্থাপন কৰিছে।

ইয়াৰ পাছতেই পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে। ভুক্তভোগী পৰিয়ালটোৰ মুৰব্বী বসন্ত দাসে কান্দি কান্দি আৰক্ষী-প্ৰশাসনক ‘অঘৰী হোৱাতকৈ আমাক গুলী কৰি মাৰক’- বুলি আহ্বান জনাইছে। ইফাল প্ৰবীণ মেধিয়ে আৰক্ষী আনি পৰিয়ালটোক উচ্ছেদ কৰিবলৈ লোৱাত কৈৱৰ্তটোলাবাসী চিন্তিত হৈ পৰিছে। প্ৰবীণ মেধি মুৰ্দাবাদ, এই মাটি এৰি দিয়া নহ’ব আদি শ্ল’গানৰে গাঁওবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।

যদি পুনৰবাৰ বসন্ত দাসৰ পৰিয়াটোক উচ্ছেদ কৰাৰ চক্ৰান্ত কৰা হয়, তেন্তে ইয়াৰ পৰিণতি ভয়াৱহ হ’ব বুলি গাঁওবাসীয়ে দাবী জনায়। একাংশ কৈৱৰ্তটোলাবাসীৰ অভিযোগ যে, প্ৰবীণ মেধি নামৰ লোকজনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ পৰিয়াল আৰু গাঁওবাসীক ভয় দেখুৱাই মাটি দখলৰ চেষ্টা চলাইছে! আৰএছএছ আৰু বিজেপিৰ এজন‌ সদস্য প্ৰবীণ মেধিৰ দৰে এই সুবিধাবাদী চৰিত্ৰৰ ব্যক্তিসকলক দল-সংগঠনৰ পৰা বহিষ্কাৰ কৰিব লাগে বুলি গাঁওবাসীয়ে সাংবাদিকৰ সন্মুখত দাবী উত্থাপন কৰিছে। লগতে প্ৰশাসনক দৰিদ্ৰ পৰিয়ালটোক উচ্ছেদ কৰি অঘৰী নকৰিবলৈ কাতৰ আহ্বান জনাইছে জনায় স্থানীয় সচেতন মহলে !


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ