--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম বা উত্তৰ পূবৰ কোনো ৰাজ্য নহয়, এইবাৰ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা শ্ৰীলংকাৰ বুভুক্ষ জনতাই গৰজি উঠিছে ভাৰতীয় পুজিপতি গৌতম আদানীৰ বিৰুদ্ধে। দ্বীপৰাষ্ট্ৰ খনত আজি ট্ৰেণ্ডিং খবৰৰ ভিতৰত আদানীৰ খবৰটোৱেই অন্যতম খবৰ হিচাবে বিবেচিত হৈছে। কিন্তু এনে কি কাৰণ আছে যাৰ বাবে আদানীৰ বিৰুদ্ধে জাগ্ৰত হৈছে শ্ৰীলংকাৰ জনতা? 

শ্ৰীলংকাৰ জনতাই আজি ছ’চিয়েল মিডিয়াত কৰা অভিযোগ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বীপ ৰাষ্ট্ৰ খনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেক দেশ খনত  এটা শক্তি প্ৰকল্প স্থাপনৰ বাবে হেঁচা দিছে।সেই শক্তি প্ৰকল্পটো নিৰ্মাণৰ দায়িত্ব দিব বিচৰা হৈছে  উদ্যোগপতি গৌতম আদানিৰ গোটক।  

কিন্তু শ্ৰীলংকাৰ সাধাৰণ জনতাই গৌতম আদানীক মুঠেও গ্ৰহণ কৰিব বিচৰা নাই।সেয়ে দেশ খনত "ব্যাপক প্ৰতিবাদ"ৰ পৰিকল্পনা কৰা হৈছে  ছ'চিয়েল মিডিয়াত। "ষ্টপ আদানি" হেছটেগেৰে বহুতে আদানীৰ দ্বীপ ৰাষ্ট্ৰ খনত প্ৰৱেশৰ বিৰোধিতা কৰিছে।ছ’চিয়েল মিডিয়াত   আদানীৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ  সকলোকে  কোৱা হৈছে।

উল্লেখ্য শ্ৰীলংকাৰ চিলন ইলেকট্ৰিচিটি ব'ৰ্ডৰ (চিইবি) অধ্যক্ষ ফাৰ্ডিনাণ্ডোৱে সংসদীয় পেনেলক কয়  যে প্ৰধানমন্ত্ৰী মোদীয়ে বায়ু শক্তি প্ৰকল্পটো পোনপটীয়াকৈ আদানি গোটক দিবলৈ হেঁচা দি আহিছে। ৰাষ্ট্ৰপতি ৰাজপাক্ষেই মোদীৰ  দাবীটো স্বীকাৰ কৰা নাই বুলিও তেওঁ কৈছে। 

শ্ৰীলংকাৰ  মান্নাৰ জিলাত ৫০০ মেগাৱাটৰ বায়ু শক্তি প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ পৰা লংকা চৰকাৰলৈ এক প্ৰস্তাব প্ৰেৰণ কৰা হৈছিল।কিন্তু গৌতম আদামীৰ পূৰ্বৰ কীৰ্তি কৰ্মকলৈ মুঠেও সন্তুষ্ট নোহোৱা শ্ৰীলংকাৰ জনতাই আদানীক মুঠেও বিচৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে