--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম বা উত্তৰ পূবৰ কোনো ৰাজ্য নহয়, এইবাৰ অৰ্থনৈতিক সংকটে গ্ৰাস কৰা শ্ৰীলংকাৰ বুভুক্ষ জনতাই গৰজি উঠিছে ভাৰতীয় পুজিপতি গৌতম আদানীৰ বিৰুদ্ধে। দ্বীপৰাষ্ট্ৰ খনত আজি ট্ৰেণ্ডিং খবৰৰ ভিতৰত আদানীৰ খবৰটোৱেই অন্যতম খবৰ হিচাবে বিবেচিত হৈছে। কিন্তু এনে কি কাৰণ আছে যাৰ বাবে আদানীৰ বিৰুদ্ধে জাগ্ৰত হৈছে শ্ৰীলংকাৰ জনতা? 

শ্ৰীলংকাৰ জনতাই আজি ছ’চিয়েল মিডিয়াত কৰা অভিযোগ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বীপ ৰাষ্ট্ৰ খনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেক দেশ খনত  এটা শক্তি প্ৰকল্প স্থাপনৰ বাবে হেঁচা দিছে।সেই শক্তি প্ৰকল্পটো নিৰ্মাণৰ দায়িত্ব দিব বিচৰা হৈছে  উদ্যোগপতি গৌতম আদানিৰ গোটক।  

কিন্তু শ্ৰীলংকাৰ সাধাৰণ জনতাই গৌতম আদানীক মুঠেও গ্ৰহণ কৰিব বিচৰা নাই।সেয়ে দেশ খনত "ব্যাপক প্ৰতিবাদ"ৰ পৰিকল্পনা কৰা হৈছে  ছ'চিয়েল মিডিয়াত। "ষ্টপ আদানি" হেছটেগেৰে বহুতে আদানীৰ দ্বীপ ৰাষ্ট্ৰ খনত প্ৰৱেশৰ বিৰোধিতা কৰিছে।ছ’চিয়েল মিডিয়াত   আদানীৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ  সকলোকে  কোৱা হৈছে।

উল্লেখ্য শ্ৰীলংকাৰ চিলন ইলেকট্ৰিচিটি ব'ৰ্ডৰ (চিইবি) অধ্যক্ষ ফাৰ্ডিনাণ্ডোৱে সংসদীয় পেনেলক কয়  যে প্ৰধানমন্ত্ৰী মোদীয়ে বায়ু শক্তি প্ৰকল্পটো পোনপটীয়াকৈ আদানি গোটক দিবলৈ হেঁচা দি আহিছে। ৰাষ্ট্ৰপতি ৰাজপাক্ষেই মোদীৰ  দাবীটো স্বীকাৰ কৰা নাই বুলিও তেওঁ কৈছে। 

শ্ৰীলংকাৰ  মান্নাৰ জিলাত ৫০০ মেগাৱাটৰ বায়ু শক্তি প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ পৰা লংকা চৰকাৰলৈ এক প্ৰস্তাব প্ৰেৰণ কৰা হৈছিল।কিন্তু গৌতম আদামীৰ পূৰ্বৰ কীৰ্তি কৰ্মকলৈ মুঠেও সন্তুষ্ট নোহোৱা শ্ৰীলংকাৰ জনতাই আদানীক মুঠেও বিচৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি