--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কট্টৰ ইছলামিক সংগঠন তালিবানে ক্ষমতাৰ মচনদ দখল কৰাৰ পিছৰ পৰাই তীব্ৰ ৰাজনৈতিক অস্থিৰতাৰ সমানে অৰ্থনৈতিক বিদ্ধস্ততাৰ কৰাল গ্ৰাসত পৰিছে আফগানিস্তান। ইতিমধ্যে দেশখনৰ মৃতপ্ৰায় অৰ্থনৈতিক পৰিস্থিতিৰ উমান দি বিশ্ব বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত ২০২১ চনৰ শেষৰ চাৰি মাহত আফগানিস্তানত জনমূৰি উপাৰ্জন এক তৃতীয়াংশতকৈও অধিক হ্ৰাস হৈছে বুলি সদৰি কৰিছিল। এই ভয়াৱহ অৰ্থনৈতিক সংকটৰ ফলত দেশখনৰ অগণন প্ৰতিভাশালী পেছাদাৰী লোকৰ জীৱন দৰিদ্ৰতাৰ ফালে গতি কৰিছে।
  
এনে সময়তে আফগানিস্তানৰ পূৰ্বৰ হামিদ কাৰজাই চৰকাৰৰ সৈতে কাম কৰা কবীৰ হকমলৰ শেহতীয়া এক টুইটাৰ পোষ্টে এই ভয়াৱহতাৰ আন এক দৃশ্য  উন্মোচন কৰিছে। হকমলে টুইটাৰত এজন আফগান সাংবাদিক মুছা মহম্মদীৰ ফটো শ্বেয়াৰ কৰিছে। ফটোখনৰ সৈতে হকমলে লিখিছে যে মহম্মদী বহু বছৰ ধৰি মিডিয়া খণ্ডৰ অংশ আছিল। কিন্তু, আফগানিস্তানৰ এনে এক ভয়ংকৰ অৰ্থনৈতিক পৰিস্থিতিৰ মাজত তেওঁ এতিয়া খাদ্য বিক্ৰী কৰিবলৈ বাধ্য হৈছে। 

"মুছা মহম্মদীয়ে বিভিন্ন টিভি চেনেলত এংকৰ আৰু প্ৰতিবেদক হিচাপে বহু বছৰ ধৰি কাম কৰিছিল। আৰু এতিয়া তেওঁৰ পৰিয়ালক খুৱাবলৈ কোনো উপাৰ্জন নাই। আৰু কিছু টকা উপাৰ্জন কৰিবলৈ ষ্ট্ৰীট ফুড বিক্ৰী কৰে। গণৰাজ্যৰ পতনৰ পিছত আফগানিস্তান অভূতপূৰ্ব দৰিদ্ৰতাৰ সন্মুখীন হৈছে।"— হকমলে কয়।

হকমলৰ টুইটটোত প্ৰকাশ পোৱা মহম্মদীৰ কাহিনী এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ আছে। ইফালে এই টুইটটোৱে দেশখনৰ ৰাষ্ট্ৰীয় ৰেডিঅ' আৰু দূৰদৰ্শনৰ মহানিৰ্দেশক আহমেদুল্লাহ ৱাছিকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৱাছিকে প্ৰাক্তন টিভি এংকৰ আৰু প্ৰতিবেদক মহম্মদীক তেওঁৰ বিভাগত নিযুক্তি দিব বুলি হকমলৰ টুইটাৰ পোষ্টটোৰ প্ৰথি সঁহাৰি জনাই প্ৰতিশ্ৰুতি দিছে। 

উল্লেখ্য যে তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা দেশখনত মানৱীয় অধিকাৰে এক কদৰ্য ৰূপ ধাৰণ কৰিছে। ব্যক্তি স্বতন্ত্ৰতাত অবাধ হস্তক্ষেপেৰে তালিবানে কাঢ়ি নিছে দেশখনৰ নাগৰিকৰ অধিকাৰ। তালিবানৰ আমোলত অৰ্থনৈতিক সংকটে জুৰুলা কৰা দেশখনত নিজৰ জীৱিকা হেৰুৱাইছে জনসাধাৰণে। লগতে সংবাদ মাধ্যমৰ ওপৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তালিবানে। যাৰ ফলত কেইবাজনো সাংবাদিকে, বিশেষকৈ মহিলাসকলে যোৱা কেইমাহমানত চাকৰি হেৰুৱাবলগীয়া লৈছে। এনে সময়ত মহম্মদী এই জীৱিকা হেৰুওৱা জনসাধাৰণৰ মাজত এক উদাহৰণহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ