--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কট্টৰ ইছলামিক সংগঠন তালিবানে ক্ষমতাৰ মচনদ দখল কৰাৰ পিছৰ পৰাই তীব্ৰ ৰাজনৈতিক অস্থিৰতাৰ সমানে অৰ্থনৈতিক বিদ্ধস্ততাৰ কৰাল গ্ৰাসত পৰিছে আফগানিস্তান। ইতিমধ্যে দেশখনৰ মৃতপ্ৰায় অৰ্থনৈতিক পৰিস্থিতিৰ উমান দি বিশ্ব বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা এক প্ৰতিবেদনত ২০২১ চনৰ শেষৰ চাৰি মাহত আফগানিস্তানত জনমূৰি উপাৰ্জন এক তৃতীয়াংশতকৈও অধিক হ্ৰাস হৈছে বুলি সদৰি কৰিছিল। এই ভয়াৱহ অৰ্থনৈতিক সংকটৰ ফলত দেশখনৰ অগণন প্ৰতিভাশালী পেছাদাৰী লোকৰ জীৱন দৰিদ্ৰতাৰ ফালে গতি কৰিছে।
  
এনে সময়তে আফগানিস্তানৰ পূৰ্বৰ হামিদ কাৰজাই চৰকাৰৰ সৈতে কাম কৰা কবীৰ হকমলৰ শেহতীয়া এক টুইটাৰ পোষ্টে এই ভয়াৱহতাৰ আন এক দৃশ্য  উন্মোচন কৰিছে। হকমলে টুইটাৰত এজন আফগান সাংবাদিক মুছা মহম্মদীৰ ফটো শ্বেয়াৰ কৰিছে। ফটোখনৰ সৈতে হকমলে লিখিছে যে মহম্মদী বহু বছৰ ধৰি মিডিয়া খণ্ডৰ অংশ আছিল। কিন্তু, আফগানিস্তানৰ এনে এক ভয়ংকৰ অৰ্থনৈতিক পৰিস্থিতিৰ মাজত তেওঁ এতিয়া খাদ্য বিক্ৰী কৰিবলৈ বাধ্য হৈছে। 

"মুছা মহম্মদীয়ে বিভিন্ন টিভি চেনেলত এংকৰ আৰু প্ৰতিবেদক হিচাপে বহু বছৰ ধৰি কাম কৰিছিল। আৰু এতিয়া তেওঁৰ পৰিয়ালক খুৱাবলৈ কোনো উপাৰ্জন নাই। আৰু কিছু টকা উপাৰ্জন কৰিবলৈ ষ্ট্ৰীট ফুড বিক্ৰী কৰে। গণৰাজ্যৰ পতনৰ পিছত আফগানিস্তান অভূতপূৰ্ব দৰিদ্ৰতাৰ সন্মুখীন হৈছে।"— হকমলে কয়।

হকমলৰ টুইটটোত প্ৰকাশ পোৱা মহম্মদীৰ কাহিনী এতিয়া ইণ্টাৰনেটত ভাইৰেল হৈ আছে। ইফালে এই টুইটটোৱে দেশখনৰ ৰাষ্ট্ৰীয় ৰেডিঅ' আৰু দূৰদৰ্শনৰ মহানিৰ্দেশক আহমেদুল্লাহ ৱাছিকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ৱাছিকে প্ৰাক্তন টিভি এংকৰ আৰু প্ৰতিবেদক মহম্মদীক তেওঁৰ বিভাগত নিযুক্তি দিব বুলি হকমলৰ টুইটাৰ পোষ্টটোৰ প্ৰথি সঁহাৰি জনাই প্ৰতিশ্ৰুতি দিছে। 

উল্লেখ্য যে তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা দেশখনত মানৱীয় অধিকাৰে এক কদৰ্য ৰূপ ধাৰণ কৰিছে। ব্যক্তি স্বতন্ত্ৰতাত অবাধ হস্তক্ষেপেৰে তালিবানে কাঢ়ি নিছে দেশখনৰ নাগৰিকৰ অধিকাৰ। তালিবানৰ আমোলত অৰ্থনৈতিক সংকটে জুৰুলা কৰা দেশখনত নিজৰ জীৱিকা হেৰুৱাইছে জনসাধাৰণে। লগতে সংবাদ মাধ্যমৰ ওপৰতো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে তালিবানে। যাৰ ফলত কেইবাজনো সাংবাদিকে, বিশেষকৈ মহিলাসকলে যোৱা কেইমাহমানত চাকৰি হেৰুৱাবলগীয়া লৈছে। এনে সময়ত মহম্মদী এই জীৱিকা হেৰুওৱা জনসাধাৰণৰ মাজত এক উদাহৰণহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে