--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৮১ চনৰ ৩০ মাৰ্চ। সেই সময়ৰ প্ৰখ্যাত আমেৰিকান অভিনেত্ৰী জোডি ফষ্টাৰ অভিনীত ‘টেক্সি ড্ৰাইভাৰ’ শীৰ্ষক চিনেমাখন চাই ফষ্টাৰৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল জন হিংকলী নামৰ এজন যুৱক। ফষ্টাৰক প্ৰভাৱিত কৰিবলৈ যুৱকজনে ৱাশ্বিংটনৰ এখন হোটেলৰ বাহিৰত সংঘটিত কৰিছিল এক আশ্চৰ্যকৰ কাণ্ড।  একমাত্ৰ নিজৰ প্ৰতি ফষ্টাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে তদানীন্তন আমেৰিকান ৰাষ্ট্ৰপতি ৰোনাল্ড ৰেগানলৈ গুলীচালনা কৰে হিংকলীয়ে। নিজৰ ৰিভলভাৰে গুলীয়াই ৰিগানসহ আন তিনিজনক হত্যাৰ চেষ্টা কৰে হিংকলী নামৰ যুৱকজনে।  

অৱশ্যে তেওঁৰ এই হঠকাৰী গুলীচালনাৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে ৰেগানসহ আটাইকেইজন লোকৰ। কিন্তু ৰেগানৰ প্ৰেছ সচিব জেমছ ব্ৰেডী আংশিকভাৱে পক্ষাঘাতগ্ৰস্ত হৈ পৰে আৰু পিছত হুইলচেয়াৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হয়।গুলীচালনাৰ পিছতে ৱাশ্বিংটন আৰক্ষীয়ে হিংকলীক গ্ৰেপ্তাৰ কৰে। ১৯৮২ চনত এই গোচৰৰ বিচাৰৰ সময়ত হিংকলীক মানসিক ভাৱে সুস্থ নহয় বুলি নিৰ্দোষী ঘোষণা কৰে আদালতে আৰু ৩৪ বছৰৰ বাবে ৱাশ্বিংটনৰ মনোৰোগ প্ৰতিষ্ঠান ছেইণ্ট এলিজাবেথ হস্পিটেলত ভৰ্তি কৰোৱা হয়।

অৱশেষত সুদীৰ্ঘ ৪১ বছৰৰ মূৰত বুধবাৰে সম্পূৰ্ণৰূপে মুকলি হৈ পৰে হিংকলী। অৱশ্যে ছয় বছৰ পূৰ্বে ২০১৬ চনত আংশিকভাৱে মুকলি হৈছিল হিংকলী। সেই বৰ্ষৰ ছেপ্টেম্বৰ মাহত হিংকলীক মুক্তি দিয়া হৈছিল যদিও তেওঁৰ ওপৰত যথেষ্ট নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। মুক্তিৰ পিছত তেওঁ বৃদ্ধ মাকৰ সৈতে ভাৰ্জিনিয়াৰ ৱিলিয়ামছবাৰ্গত নিৰ্ধাৰণ কৰি দিয়া বহুকেইটা নিষেধাজ্ঞাৰ অধীনত বাস কৰিবলৈ বাধ্য হৈছিল।

ৱিলিয়ামছবাৰ্গত বসবাসৰ সময়ত হিংকলীৰ গতিবিধিৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ লগতে তেওঁৰ বৈদ্যুতিক যন্ত্ৰপাতি আৰু অনলাইন একাউণ্ট সকলো সময়তে নিৰীক্ষণৰ অধীনত আছিল। যিগৰাকী ফষ্টাৰৰ বাবে তেওঁ ৰাষ্ট্ৰপতি হত্যাৰ দৰে দুৰূহ কাৰ্য সংঘটিত কৰিবলৈ ওলাইছিল, সেই ফষ্টাৰৰ সৈতে যোগাযোগ কৰিবলৈও নিষেধ কৰা হৈছিল হিংকলীক। 

লগতে কাৰ্যবাহী ৰাষ্ট্ৰপতি বা প্ৰাক্তন ৰাষ্ট্ৰপতি, উপ ৰাষ্ট্ৰপতি বা আমেৰিকান কংগ্ৰেছৰ সদস্য উপস্থিত থকা যিকোনো অঞ্চললৈ যাত্ৰাৰ ওপৰতো হিংকলীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। ইয়াৰোপৰি হিংকলীয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰা, ইণ্টাৰনেটত যিকোনো পোষ্ট কৰা বা অনুমোদন অবিহনে সেইবোৰ ব্যক্তিগতভাৱে প্ৰদৰ্শন কৰাৰ ওপৰতো আৰোপ কৰা হৈছিল নিষেধাজ্ঞা। 

এনে একাধিক নিষেধাজ্ঞাৰ মাজত ছটা বছৰ কটোৱাৰ পিছত যোৱা ১৯ মে'ত আদালতত হিংকলকৰ মানসিক স্থিতিৰ ওপৰত দাখিল কৰা এখন চৰকাৰী প্ৰতিবেদনত কোৱা হৈছিল যে তেওঁৰ মানসিক স্বাস্থ্য সুস্থিৰ হৈ পৰিছে আৰু তেওঁ মানসিক ৰোগৰ পৰা যোৱা কেইটামান দশক ধৰি সম্পূৰ্ণ মুক্ত হৈ আছে। এই সময়ছোৱাত তেওঁৰ মনোভাৱ বা আচৰণত মানসিক বিকাৰৰ সৈতে সংগতি থকা কোনো মানসিক লক্ষণ দেখিবলৈ পোৱা নাই বুলিও প্ৰতিবেদনখনত লগতে উল্লেখ কৰা হয়। 

আনহাতে চলিত মাহৰ আৰম্ভণিতে ৱাশ্বিংটনৰ এখন আদালতে হিংকলীৰ গোচৰ সন্দৰ্ভত ৰায় দিছিল যে কেইবা দশকৰ চিকিৎসা আৰু মানসিক পৰ্যালোচনাৰ পিছত হিংকলীয়ে আৰু কোনো ভাবুকি প্ৰদান নকৰে বুলি নিশ্চিত হ’ব পাৰি আৰু সেয়ে মুক্তিৰ পিছত তেওঁৰ জীৱনৰ ওপৰত নিৰ্ধাৰিত সকলো চৰ্তাৱলী ১৫ জুনত উঠাই লোৱা হ'ব।

আৰু অৱশেষত মনোৰোগ চিকিৎসালয়ৰ পৰা মুকলি হৈ ছয় বছৰ নিৰীক্ষণৰ অধীনত কটোৱাৰ পিছত বুধবাৰে স্বাধীনতা সম্পূৰ্ণৰূপে ঘূৰাই পায় হিংকলী নামৰ এই বন্দুকধাৰী আততায়ীজনে।আজি এই জীৱনৰ আকাংক্ষিত মুহূৰ্ত উদযাপন কৰি টুইটযোগে হিংকলীয়ে কয়, "৪১ বছৰ ২ মাহ আৰু ১৫ দিনৰ পিছত অৱশেষত স্বাধীন!!!"

উল্লেখ্য যে শেহতীয়া বছৰকেইটাত হিংকলীয়ে সংগীতৰ থেৰাপী কৰাইছে। এই সময়ছোৱাত তেওঁ ইউটিউব আৰু অন্যান্য সংগীত ছাইটত গীটাৰ বজাবলৈ আৰম্ভ কৰাৰ লগতে দেশৰ মূল লোক সংগীত গাবলৈ আৰম্ভ কৰিছে। যোৱা বৰ্ষৰ ডিচেম্বৰত তেওঁ নিজস্ব সংগীতৰ এটা চিডি মুকলি কৰিব বুলি ঘোষণা কৰিছিল। ৰাষ্ট্ৰপতিৰ হত্যাকাৰীৰ অভিযুক্তৰ পৰা এজন সংগীতজ্ঞলৈ হিংকলীৰ এই যাত্ৰা লক্ষ্যণীয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ