--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ অন্যতম বৃহৎ উদ্যোগপতি ৰতন টাটাৰ বুধবাৰে নিশা দেহাৱসান ঘটে। ৰতন টাটাই সমগ্ৰ বিশ্বতে এজন সফল ব্যৱসায়ী হিচাপে নিজৰ নাম অৰ্জন কৰাৰ লগতে বহু ডাঙৰ ডাঙৰ বঁটাও লাভ কৰিছে। তেওঁৰ মৃত্যুৰ খবৰ কেৱল ভাৰততে নহয়, বিদেশী সংবাদ মাধ্যমতো বিশিষ্ট হৈ পৰিছে। পাকিস্তান, আমেৰিকা আৰু ব্ৰিটেইনৰ ডাঙৰ ডাঙৰ বাতৰি কাকতসমূহে তেওঁৰ মৃত্যুৰ বাতৰিক প্ৰাধান্য দিছে। বিদেশী সংবাদ মাধ্যমে তেওঁক বিশ্বৰ মঞ্চত এজন সফল ভাৰতীয় উদ্যোগীৰ খিতাপেৰে স্মৰণ কৰিছে।


পাকিস্তানী কাকত ড’নে ৰতন টাটাৰ মৃত্যুৰ সন্দৰ্ভত লিখিছে যে ‘তেওঁ বহু হাই-প্ৰফাইল কৃতিত্বৰে বিশ্বজুৰি এক শক্তিশালী আৰু বিশাল ভাৰতীয় সংঘ প্ৰতিষ্ঠা কৰিছিল। কেনেকৈ ইমান কম বয়সতে ৰতন টাটাই ব্যৱসায়ৰ দায়িত্ব লোৱাৰ লগতে পৰিয়ালৰ উত্তৰাধিকাৰক উজ্জ্বলভাৱে আগবঢ়াই নিলে -এই প্ৰতিবেদনত বিতংভাৱে উল্লেখ কৰা হৈছে।


ব্ৰিটিছ কাকত ‘দ্য ছান’ত ৰতন টাটাৰ মৃত্যুৰ বাতৰিৰ শিৰোনাম আছিল - ‘আৰবপতি জাগুৱাৰ, লেণ্ড ৰভাৰ আৰু টেটলীৰ মালিক ৰতন টাটাৰ ৮৬ বছৰ বয়সত মৃত্যু’। ‘দ্য ছানে নিজৰ বাতৰিত প্ৰকাশ কৰিছে যে ৰতন টাটা ভাৰতৰ অন্যতম আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত উদ্যোগপতি। তেওঁৰ টাটা গ্ৰুপৰ মালিক ব্ৰিটিছ মটৰ ব্ৰেণ্ড জাগুৱাৰ আৰু লেণ্ড ৰভাৰ। টাটা গ্ৰুপৰ বাৰ্ষিক আয় ১০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰে।


আমেৰিকান কাকত নিউয়ৰ্ক টাইমছে ৰতন টাটাৰ মৃত্যুৰ সৈতে জড়িত প্ৰতিবেদনত উল্লেখ কৰিছে যে ১৯৯১ চনৰ পৰা ২০১২ চনলৈকে অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে থকা সময়ছোৱাত তেওঁ কোম্পানীটোৰ লাভ ৫০ গুণ বৃদ্ধি কৰি কোম্পানীটোক বিশ্বৰ ভিতৰতে বিখ্যাত কৰি তুলিছিল। চিএনএনে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ১৯৩৭ চনত পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰতন টাটাৰ। কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬২ চনত ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ ১৮৬৮ চনত তেওঁৰ প্ৰপৌত্ৰ জামছেটজী টাটাই প্ৰতিষ্ঠা কৰা পৰিয়ালৰ কোম্পানীটোৰ বাঘজৰী গ্ৰহণ কৰে।


‘ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছিল টাটাই’ আৰব বিশ্বৰ সৰ্ববৃহৎ সংবাদ মাধ্যমৰ গোট খালিজ টাইমছে ৰতন টাটাক উদ্যোগপতি কিংবদন্তি আৰু ৰাষ্ট্ৰীয় আইকন বুলি অভিহিত কৰিছে। কাকতখনত লিখিছে যে ৰতন টাটা এজন অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাইলট, যিয়ে মাজে মাজে কোম্পানীটোৰ বিমান উৰুৱাইছিল। টাটাই কেতিয়াও বিয়া কৰোৱা নাছিল আৰু তেওঁ নিৰৱ আচৰণ, বিনয়ী জীৱনশৈলী আৰু দানশীল কামৰ বাবে পৰিচিত আছিল।


বাংলাদেশৰ ডেইলী ষ্টাৰত লিখিছে যে ৰতন টাটা ভাৰতৰ অন্যতম সন্মানীয় ব্যৱসায়িক নেতা আছিল। নিজৰ নম্ৰতা আৰু দূৰদৰ্শী নেতৃত্বৰ বাবে পৰিচিত টাটাই তেওঁৰ পাৰিবাৰিক উদ্যোগটোক এক বিশ্বব্যাপী সংঘলৈ ৰূপান্তৰিত কৰিছিল যিয়ে ভাৰতৰ অৰ্থনীতি আৰু উদ্যোগিক পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা