--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ অন্যতম বৃহৎ উদ্যোগপতি ৰতন টাটাৰ বুধবাৰে নিশা দেহাৱসান ঘটে। ৰতন টাটাই সমগ্ৰ বিশ্বতে এজন সফল ব্যৱসায়ী হিচাপে নিজৰ নাম অৰ্জন কৰাৰ লগতে বহু ডাঙৰ ডাঙৰ বঁটাও লাভ কৰিছে। তেওঁৰ মৃত্যুৰ খবৰ কেৱল ভাৰততে নহয়, বিদেশী সংবাদ মাধ্যমতো বিশিষ্ট হৈ পৰিছে। পাকিস্তান, আমেৰিকা আৰু ব্ৰিটেইনৰ ডাঙৰ ডাঙৰ বাতৰি কাকতসমূহে তেওঁৰ মৃত্যুৰ বাতৰিক প্ৰাধান্য দিছে। বিদেশী সংবাদ মাধ্যমে তেওঁক বিশ্বৰ মঞ্চত এজন সফল ভাৰতীয় উদ্যোগীৰ খিতাপেৰে স্মৰণ কৰিছে।


পাকিস্তানী কাকত ড’নে ৰতন টাটাৰ মৃত্যুৰ সন্দৰ্ভত লিখিছে যে ‘তেওঁ বহু হাই-প্ৰফাইল কৃতিত্বৰে বিশ্বজুৰি এক শক্তিশালী আৰু বিশাল ভাৰতীয় সংঘ প্ৰতিষ্ঠা কৰিছিল। কেনেকৈ ইমান কম বয়সতে ৰতন টাটাই ব্যৱসায়ৰ দায়িত্ব লোৱাৰ লগতে পৰিয়ালৰ উত্তৰাধিকাৰক উজ্জ্বলভাৱে আগবঢ়াই নিলে -এই প্ৰতিবেদনত বিতংভাৱে উল্লেখ কৰা হৈছে।


ব্ৰিটিছ কাকত ‘দ্য ছান’ত ৰতন টাটাৰ মৃত্যুৰ বাতৰিৰ শিৰোনাম আছিল - ‘আৰবপতি জাগুৱাৰ, লেণ্ড ৰভাৰ আৰু টেটলীৰ মালিক ৰতন টাটাৰ ৮৬ বছৰ বয়সত মৃত্যু’। ‘দ্য ছানে নিজৰ বাতৰিত প্ৰকাশ কৰিছে যে ৰতন টাটা ভাৰতৰ অন্যতম আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত উদ্যোগপতি। তেওঁৰ টাটা গ্ৰুপৰ মালিক ব্ৰিটিছ মটৰ ব্ৰেণ্ড জাগুৱাৰ আৰু লেণ্ড ৰভাৰ। টাটা গ্ৰুপৰ বাৰ্ষিক আয় ১০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰে।


আমেৰিকান কাকত নিউয়ৰ্ক টাইমছে ৰতন টাটাৰ মৃত্যুৰ সৈতে জড়িত প্ৰতিবেদনত উল্লেখ কৰিছে যে ১৯৯১ চনৰ পৰা ২০১২ চনলৈকে অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া হিচাপে থকা সময়ছোৱাত তেওঁ কোম্পানীটোৰ লাভ ৫০ গুণ বৃদ্ধি কৰি কোম্পানীটোক বিশ্বৰ ভিতৰতে বিখ্যাত কৰি তুলিছিল। চিএনএনে নিজৰ প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ১৯৩৭ চনত পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ৰতন টাটাৰ। কৰ্নেল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬২ চনত ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ ১৮৬৮ চনত তেওঁৰ প্ৰপৌত্ৰ জামছেটজী টাটাই প্ৰতিষ্ঠা কৰা পৰিয়ালৰ কোম্পানীটোৰ বাঘজৰী গ্ৰহণ কৰে।


‘ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছিল টাটাই’ আৰব বিশ্বৰ সৰ্ববৃহৎ সংবাদ মাধ্যমৰ গোট খালিজ টাইমছে ৰতন টাটাক উদ্যোগপতি কিংবদন্তি আৰু ৰাষ্ট্ৰীয় আইকন বুলি অভিহিত কৰিছে। কাকতখনত লিখিছে যে ৰতন টাটা এজন অনুজ্ঞাপত্ৰপ্ৰাপ্ত পাইলট, যিয়ে মাজে মাজে কোম্পানীটোৰ বিমান উৰুৱাইছিল। টাটাই কেতিয়াও বিয়া কৰোৱা নাছিল আৰু তেওঁ নিৰৱ আচৰণ, বিনয়ী জীৱনশৈলী আৰু দানশীল কামৰ বাবে পৰিচিত আছিল।


বাংলাদেশৰ ডেইলী ষ্টাৰত লিখিছে যে ৰতন টাটা ভাৰতৰ অন্যতম সন্মানীয় ব্যৱসায়িক নেতা আছিল। নিজৰ নম্ৰতা আৰু দূৰদৰ্শী নেতৃত্বৰ বাবে পৰিচিত টাটাই তেওঁৰ পাৰিবাৰিক উদ্যোগটোক এক বিশ্বব্যাপী সংঘলৈ ৰূপান্তৰিত কৰিছিল যিয়ে ভাৰতৰ অৰ্থনীতি আৰু উদ্যোগিক পৰিৱেশত গভীৰ প্ৰভাৱ পেলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু