--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ ৰজা তথা কিং খান বুলি নামটো লোৱাৰ লগে লগে আমাৰ চকুৰ সন্মুখত কেৱল শ্বাহৰুখ খানৰ ছবিখন ভাহি আহে। ভাৰতৰ প্ৰতিটো শিশুৱেও কিজানি শ্বাহৰুখ খানক চিনি পায়। উত্তৰৰ পৰা দক্ষিণলৈ আনকি বিদেশতো কোটি কোটি অনুৰাগী আছে শ্বাহৰুখ খানৰ। এতিয়া শ্বাহৰুখ আৰু তেওঁৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ চৰ্চালৈ আহিছে, কিয়নো শ্বাহৰুখ খানে টাইম মেগাজিনৰ বাৰ্ষিক ‘টাইম ১০০’ ব্যক্তিৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। এই তালিকাখন পাঠকে দিয়া ভোটৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। আমেৰিকান প্ৰকাশনৰ তথ্য অনুসৰি এই বছৰ ১২ লাখতকৈ অধিক লোকে ভোটদান কৰিছিল, ইয়াৰে চাৰি শতাংশ ভোট বলীউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানলৈ গৈছিল। 

এই তালিকাত ইৰাণৰ মহিলাসকলে তিনি শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে, যিয়ে ইছলামিক শাসিত দেশখনত নিজৰ স্বাধীনতাৰ বাবে মাত মাতি সংগ্ৰাম কৰিছে। ১.৯ শতাংশ ভোট লাভ কৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ব্ৰিটেইনৰ ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী মেগান মাৰ্কল। যোৱা বছৰ কাটাৰত অনুষ্ঠিত হোৱা ফুটবল বিশ্বকাপত আৰ্জেণ্টিনাক জয়ী কৰাত সহায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ফুটবলাৰ লিয়নেল মেছিয়ে ১.৮ শতাংশ ভোট লাভ কৰি তালিকাৰ পঞ্চম স্থানত আছে।

অস্কাৰ বিজয়ী মিচেল ইয়’, প্ৰাক্তন টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছ, মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাইও এই তালিকাত স্থান লাভ কৰে। আলোচনীখনৰ মতে, ১৩ এপ্ৰিলত ইয়াৰ সম্পাদকসকলে নিজৰ পছন্দৰ ‘টাইম ১০০’ ২০২৩ৰ তালিকা প্ৰকাশ কৰিব।

৩০ বছৰ ধৰি বলীউডত ৰাজত্ব চলাই অহা শ্বাহৰুখে বহু ছবিৰ জৰিয়তে নিজকে বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । শ্বাহৰুখ খানক ঠিক তেনেকৈয়ে ‘কিং অৱ ৰোমাঞ্চ’ বুলি কোৱা নহয়। আচলতে শ্বাহৰুখে নিজৰ ছবিৰ জৰিয়তে মানুহক প্ৰেম আৰু ৰোমাঞ্চ শিকাইছে। শ্বাহৰুখ সদায় মানুহৰ হৃদয়ৰ ৰজা হৈ থাকিব কাৰণ তেওঁ দিলৱালে দুলহনিয়া লে জয়েংগে, বাজিগৰ, দৰ,  দিল তো পাগল হে্য়, কুচ কুচ হ'টা হেয় আদি চিৰসেউজ ছবি বলীউডক উপহাৰ হিচাপে দিছে বুলি ক'লেও ভুল নহ'ব। অভিনেতা হোৱাৰ উপৰিও শ্বাহৰুখ এজন সফল প্ৰযোজক। নতুন কিবা এটা কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰে। তেওঁৰ অনুৰাগীৰ মতে তেওঁৰ এই আবেগে তেওঁক ছলমান আৰু আমিৰ খানৰ পৰা পৃথক কৰি তুলিছে। প্ৰায়ে তেওঁক নতুন কিবা এটা চেষ্টা কৰা দেখা যায়। ডাবল ৰ’ল হওক বা জিৰ’ত অভিনয় কৰাই হওক, শ্বাহৰুখে নিজৰ ষ্টাইলত নিজৰ চৰিত্ৰটোক সদায় প্ৰাণ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস