--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ ৰজা তথা কিং খান বুলি নামটো লোৱাৰ লগে লগে আমাৰ চকুৰ সন্মুখত কেৱল শ্বাহৰুখ খানৰ ছবিখন ভাহি আহে। ভাৰতৰ প্ৰতিটো শিশুৱেও কিজানি শ্বাহৰুখ খানক চিনি পায়। উত্তৰৰ পৰা দক্ষিণলৈ আনকি বিদেশতো কোটি কোটি অনুৰাগী আছে শ্বাহৰুখ খানৰ। এতিয়া শ্বাহৰুখ আৰু তেওঁৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ চৰ্চালৈ আহিছে, কিয়নো শ্বাহৰুখ খানে টাইম মেগাজিনৰ বাৰ্ষিক ‘টাইম ১০০’ ব্যক্তিৰ তালিকাত শীৰ্ষস্থান দখল কৰিছে। এই তালিকাখন পাঠকে দিয়া ভোটৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। আমেৰিকান প্ৰকাশনৰ তথ্য অনুসৰি এই বছৰ ১২ লাখতকৈ অধিক লোকে ভোটদান কৰিছিল, ইয়াৰে চাৰি শতাংশ ভোট বলীউডৰ কিং খান অৰ্থাৎ শ্বাহৰুখ খানলৈ গৈছিল। 

এই তালিকাত ইৰাণৰ মহিলাসকলে তিনি শতাংশ ভোট লাভ কৰি দ্বিতীয় স্থানত আছে, যিয়ে ইছলামিক শাসিত দেশখনত নিজৰ স্বাধীনতাৰ বাবে মাত মাতি সংগ্ৰাম কৰিছে। ১.৯ শতাংশ ভোট লাভ কৰি ক্ৰমে তৃতীয় আৰু চতুৰ্থ স্থানত আছে ব্ৰিটেইনৰ ৰাজকুমাৰ হেৰী আৰু তেওঁৰ পত্নী মেগান মাৰ্কল। যোৱা বছৰ কাটাৰত অনুষ্ঠিত হোৱা ফুটবল বিশ্বকাপত আৰ্জেণ্টিনাক জয়ী কৰাত সহায়ক হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ফুটবলাৰ লিয়নেল মেছিয়ে ১.৮ শতাংশ ভোট লাভ কৰি তালিকাৰ পঞ্চম স্থানত আছে।

অস্কাৰ বিজয়ী মিচেল ইয়’, প্ৰাক্তন টেনিছ খেলুৱৈ ছেৰেনা উইলিয়ামছ, মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গ আৰু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা ছিলভাইও এই তালিকাত স্থান লাভ কৰে। আলোচনীখনৰ মতে, ১৩ এপ্ৰিলত ইয়াৰ সম্পাদকসকলে নিজৰ পছন্দৰ ‘টাইম ১০০’ ২০২৩ৰ তালিকা প্ৰকাশ কৰিব।

৩০ বছৰ ধৰি বলীউডত ৰাজত্ব চলাই অহা শ্বাহৰুখে বহু ছবিৰ জৰিয়তে নিজকে বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে । শ্বাহৰুখ খানক ঠিক তেনেকৈয়ে ‘কিং অৱ ৰোমাঞ্চ’ বুলি কোৱা নহয়। আচলতে শ্বাহৰুখে নিজৰ ছবিৰ জৰিয়তে মানুহক প্ৰেম আৰু ৰোমাঞ্চ শিকাইছে। শ্বাহৰুখ সদায় মানুহৰ হৃদয়ৰ ৰজা হৈ থাকিব কাৰণ তেওঁ দিলৱালে দুলহনিয়া লে জয়েংগে, বাজিগৰ, দৰ,  দিল তো পাগল হে্য়, কুচ কুচ হ'টা হেয় আদি চিৰসেউজ ছবি বলীউডক উপহাৰ হিচাপে দিছে বুলি ক'লেও ভুল নহ'ব। অভিনেতা হোৱাৰ উপৰিও শ্বাহৰুখ এজন সফল প্ৰযোজক। নতুন কিবা এটা কৰিবলৈ তেওঁ কুণ্ঠাবোধ নকৰে। তেওঁৰ অনুৰাগীৰ মতে তেওঁৰ এই আবেগে তেওঁক ছলমান আৰু আমিৰ খানৰ পৰা পৃথক কৰি তুলিছে। প্ৰায়ে তেওঁক নতুন কিবা এটা চেষ্টা কৰা দেখা যায়। ডাবল ৰ’ল হওক বা জিৰ’ত অভিনয় কৰাই হওক, শ্বাহৰুখে নিজৰ ষ্টাইলত নিজৰ চৰিত্ৰটোক সদায় প্ৰাণ দিয়ে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী