--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটক ৰাজ্যৰ শিৱমোগাত এজন বজৰং দলৰ কৰ্মীৰ হত্যাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাক কেন্দ্ৰ কৰি শিৱমোগাৰ কিছুমান অঞ্চলত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত। ঘটনাত দুটা গোটৰ মাজত শিলগুটি নিক্ষেপ আৰু বাহন জ্বলাই দিয়াৰ দৰে হিংসাত্মক ঘটনা সংঘটিত হৈছে। যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলগা হৈছিল। কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰ্গা জ্ঞানেন্দ্ৰই কৈছে যে গোচৰটোত অভিযুক্ত তিনিজন লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হৈছে। তথ্য অনুসৰি এই হত্যাকাণ্ডত পাঁচজন লোক জড়িত আছে। দুটা গোটৰ দ্বাৰা শিল নিক্ষেপত দুজন লোক আহত হৈছিল। তেওঁলোকক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উত্তেজিত জনতাক ছত্ৰভংগ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীবৰ্ষণ কৰে। ২৩ বছৰীয়া বজৰং দলৰ কৰ্মী হৰ্ষৰ মৃতদেহ লৈ এক শোভাযাত্ৰাও উলিয়াইছিল। মন্ত্ৰী ইশ্বৰাপ্পা আৰু সাংসদ ৰাঘৱেন্দ্ৰই এই শোভাযাত্ৰাটো উলিয়াইছিল। কৰ্ণাটকৰ আৰক্ষী সঞ্চালকপ্ৰধানে কৈছিল যে আইন-শৃংখলা বজাই ৰখাৰ বাবে শিৱমোগাত ২১২জন আৰক্ষী উপ-পৰিদৰ্শক আৰু পৰিদৰ্শক মোতায়েন কৰা হৈছে। ঘটনাৰ বাবে চহৰখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে। আৰক্ষীয়ে কৈছিল যে দেওবাৰে নিশা ভাৰতী কলনিৰ ৰবি বাৰ্মা গালিত হৰ্ষ নামৰ এজন লোকক অচিনাক্ত আক্ৰমণকাৰীয়ে ছুৰীকাঘাত কৰি হত্যা কৰিছিল। বেংগালুৰুৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখনে শেহতীয়াকৈ কিছুমান মহাবিদ্যালয়ত হিজাব পিন্ধাক লৈ বিতৰ্কৰ সৃষ্টি কৰিছিল। অৱশ্যে দেওবাৰে সংঘটিত হোৱা হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মৃতকৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহিছিল আৰু তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ত একাংশ লোকে শিল নিক্ষেপ কৰা দেখা গৈছে, কিন্তু এতিয়াও স্পষ্ট হোৱা নাই যে তেওঁলোকৰ লক্ষ্য কোন আছিল। গৃহমন্ত্ৰী আৰ্গা জ্ঞানেন্দ্ৰৰ পদত্যাগ দাবী কৰা বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ নেতা সিদ্ধাৰামাইয়াক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে সিদ্ধাৰামাইয়াই ইয়াতো ৰাজনীতি কৰি আছে আৰু অযুক্তিকৰ কথা কৈ আছে। ইফালে কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰ্গা জ্ঞানেন্দ্ৰ শিৱমোগাত উপস্থিত হয় আৰু মৃতৰক পৰিয়ালক সাক্ষাৎ কৰে। একে সময়তে, গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ৰাজ মন্ত্ৰী আৰু শিৱমোগাৰ বিধায়ক কে এছ ইশ্বৰাপ্পাই জিলাখনৰ ‘মুছলমান গুণ্ডা’ বুলি উল্লেখ কৰি একাংশ ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, ‘আমাৰ কৰ্মীজনক মুছলমান গুণ্ডাই হত্যা কৰিছে, তেওঁৰ বয়স মাত্ৰ ২৩ বছৰ আছিল আৰু তেওঁ আনকি বিয়াও কৰা নাছিল। এই মুছলমানসকলে শিৱমোগাত কেতিয়াও ইমান সাহস কৰা নাছিল।‘ একে সময়তে শ্ৰীৰাম সেনাৰ আহ্বায়ক প্ৰমোদ মুতালিকে পিপলছ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ছ'চিয়েল ডেমক্ৰেটিক পাৰ্টী অব ইণ্ডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক