--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কৰ্ণাটক ৰাজ্যৰ শিৱমোগাত এজন বজৰং দলৰ কৰ্মীৰ হত্যাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাক কেন্দ্ৰ কৰি শিৱমোগাৰ কিছুমান অঞ্চলত এতিয়াও তীব্ৰ উত্তেজনা অব্যাহত। ঘটনাত দুটা গোটৰ মাজত শিলগুটি নিক্ষেপ আৰু বাহন জ্বলাই দিয়াৰ দৰে হিংসাত্মক ঘটনা সংঘটিত হৈছে। যাৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীচাৰ্জ আৰু কন্দুৱা গেছ নিক্ষেপ কৰিবলগা হৈছিল। কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰ্গা জ্ঞানেন্দ্ৰই কৈছে যে গোচৰটোত অভিযুক্ত তিনিজন লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা হৈছে। তথ্য অনুসৰি এই হত্যাকাণ্ডত পাঁচজন লোক জড়িত আছে। দুটা গোটৰ দ্বাৰা শিল নিক্ষেপত দুজন লোক আহত হৈছিল। তেওঁলোকক নিকটৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। উত্তেজিত জনতাক ছত্ৰভংগ কৰিবলৈ আৰক্ষীয়ে শূন্যলৈ গুলীবৰ্ষণ কৰে। ২৩ বছৰীয়া বজৰং দলৰ কৰ্মী হৰ্ষৰ মৃতদেহ লৈ এক শোভাযাত্ৰাও উলিয়াইছিল। মন্ত্ৰী ইশ্বৰাপ্পা আৰু সাংসদ ৰাঘৱেন্দ্ৰই এই শোভাযাত্ৰাটো উলিয়াইছিল। কৰ্ণাটকৰ আৰক্ষী সঞ্চালকপ্ৰধানে কৈছিল যে আইন-শৃংখলা বজাই ৰখাৰ বাবে শিৱমোগাত ২১২জন আৰক্ষী উপ-পৰিদৰ্শক আৰু পৰিদৰ্শক মোতায়েন কৰা হৈছে। ঘটনাৰ বাবে চহৰখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে। আৰক্ষীয়ে কৈছিল যে দেওবাৰে নিশা ভাৰতী কলনিৰ ৰবি বাৰ্মা গালিত হৰ্ষ নামৰ এজন লোকক অচিনাক্ত আক্ৰমণকাৰীয়ে ছুৰীকাঘাত কৰি হত্যা কৰিছিল। বেংগালুৰুৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত চহৰখনে শেহতীয়াকৈ কিছুমান মহাবিদ্যালয়ত হিজাব পিন্ধাক লৈ বিতৰ্কৰ সৃষ্টি কৰিছিল। অৱশ্যে দেওবাৰে সংঘটিত হোৱা হত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মৃতকৰ সমৰ্থকসকলে ৰাজপথলৈ ওলাই আহিছিল আৰু তেওঁলোকৰ ক্ষোভ প্ৰকাশ কৰিছিল। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ'ত একাংশ লোকে শিল নিক্ষেপ কৰা দেখা গৈছে, কিন্তু এতিয়াও স্পষ্ট হোৱা নাই যে তেওঁলোকৰ লক্ষ্য কোন আছিল। গৃহমন্ত্ৰী আৰ্গা জ্ঞানেন্দ্ৰৰ পদত্যাগ দাবী কৰা বিৰোধী দলৰ নেতা তথা কংগ্ৰেছ নেতা সিদ্ধাৰামাইয়াক লৈ সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে সিদ্ধাৰামাইয়াই ইয়াতো ৰাজনীতি কৰি আছে আৰু অযুক্তিকৰ কথা কৈ আছে। ইফালে কৰ্ণাটকৰ গৃহমন্ত্ৰী আৰ্গা জ্ঞানেন্দ্ৰ শিৱমোগাত উপস্থিত হয় আৰু মৃতৰক পৰিয়ালক সাক্ষাৎ কৰে। একে সময়তে, গ্ৰামোন্নয়ন আৰু পঞ্চায়ত ৰাজ মন্ত্ৰী আৰু শিৱমোগাৰ বিধায়ক কে এছ ইশ্বৰাপ্পাই জিলাখনৰ ‘মুছলমান গুণ্ডা’ বুলি উল্লেখ কৰি একাংশ ধৰ্মাৱলম্বী লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে, ‘আমাৰ কৰ্মীজনক মুছলমান গুণ্ডাই হত্যা কৰিছে, তেওঁৰ বয়স মাত্ৰ ২৩ বছৰ আছিল আৰু তেওঁ আনকি বিয়াও কৰা নাছিল। এই মুছলমানসকলে শিৱমোগাত কেতিয়াও ইমান সাহস কৰা নাছিল।‘ একে সময়তে শ্ৰীৰাম সেনাৰ আহ্বায়ক প্ৰমোদ মুতালিকে পিপলছ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ছ'চিয়েল ডেমক্ৰেটিক পাৰ্টী অব ইণ্ডিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ