--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে মঙলবাৰে কয় যে কেৱল এজন নেতাই দেশৰ সন্মুখীন হোৱা সকলো প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিব নোৱাৰে। কোনো এটা সংগঠন বা দলে দেশত পৰিৱৰ্তন আনিব নোৱাৰে। সংঘৰ মতাদৰ্শৰ আধাৰত তেওঁ কয় যে এজন নেতাই অকলে এই দেশৰ সন্মুখীন হোৱা সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নোৱাৰে। তেওঁ যিমানেই ডাঙৰ নেতা নহওক কিয়, তেওঁ অকলে এই কামটো কৰিব নোৱাৰে। মোহন ভাগৱতে মাৰাঠী সাহিত্যৰ এক সংগঠন বিদৰ্ভ সাহিত্য সংঘৰ শতবাৰ্ষিকী কাৰ্যসূচীত ভাষণ দিয়ে।

সংঘৰ মুৰব্বীগৰাকীয়ে তেওঁৰ ধাৰণাক আৰ এছ এছৰ মতাদৰ্শৰ আধাৰ বুলি অভিহিত কৰে। সাধাৰণ ৰাইজ ৰাজপথলৈ ওলাই আহিলেহে দেশে স্বাধীনতা লাভ কৰিছিল বুলিও তেওঁ কয়৷ আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে সংঘৰ মতাদৰ্শৰ ভিত্তি হিচাপে পৰিগণিত হোৱা এটা কথা হ’ল যে কোনো এজন নেতাই এই দেশখনে সন্মুখীন হোৱা সকলো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব নোৱাৰে । তেওঁ( নেতা গৰাকীয়ে) তেনে কৰিব নোৱাৰে লাগিলে তেওঁ যিমানেই মহান নেতা নহওক কিয়। তেওঁ কয় যে এটা সংগঠন, এটা দল, এজন নেতাই পৰিৱৰ্তন আনিব নোৱাৰে।

মোহন ভাগৱতে কয় যে সংগঠন, দল বা নেতাই পৰিৱৰ্তন আনিবলৈ সহায় কৰিব পাৰে। কিন্তু পৰিৱৰ্তন তেতিয়া আহে যেতিয়া সাধাৰণ জনতাই তাৰ পক্ষত থিয় দিয়ে। ভাগৱতে কয় যে ১৮৫৭ চনত স্বাধীনতা সংগ্ৰাম আৰম্ভ হৈছিল, কিন্তু গণ সচেতনতা বাবেহে ই সফল হৈছিল। যেতিয়া ৰাজপথলৈ ওলাই আহে সাধাৰণ মানুহ। ভাগৱতে কয় যে বিপ্লৱীসকলেও স্বাধীনতা সংগ্ৰামত অৰিহণা যোগাইছিল আৰু সুভাষ চন্দ্ৰ বসুৱে ব্ৰিটিছৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল, কিন্তু মূল কথাটো হ’ল ই জনসাধাৰণক সাহস প্ৰদান কৰিছিল।

আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত সকলোৱে কাৰাগাৰলৈ যোৱা নাছিল। কিছুমান মানুহ তাৰ পৰা আঁতৰি থাকিল। কিন্তু, সকলোৰে মনত এটা অনুভৱ নিশ্চিতভাৱে আছিল যে এতিয়া দেশ মুক্ত হ’ব লাগে। ভাগৱতে কয় যে নেতাই সমাজ নিৰ্মাণ নকৰে, কিন্তু সমাজে নেতা সৃষ্টি কৰিব পাৰে। আৰএছএছে বিচাৰে যে হিন্দু সমাজে যাতে নিজৰ দায়িত্ব পালন কৰিবলৈ সক্ষম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান